শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
barasha-misra
Barasha Misra | Published: 15 May 2025 07:26 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • ভয়ংকৰ ঘটনা। মৈৰাবাৰীত গাঁওপ্ৰধানক আক্ৰমণ কৰে অবৈধ সুৰা ব্যৱসায়ীয়ে। বজাৰৰ মাজমজিয়াতে কৰে এই আক্ৰমণ। সুৰা বিক্ৰীত বাধা দিয়াৰ বাবে গাঁওপ্ৰধানক মাৰপিট।
  • বুধবাৰে ভাৰতীয় সেনাক সন্মান জনাই ‘ত্ৰিৰংগা যাত্ৰা’ শীৰ্ষক পদযাত্ৰা কৰে বিজেপিয়ে । এই পদযাত্ৰাত হাতে হাতে ভাৰতৰ জাতীয় পতাকা লৈ শতাধিক বিজেপিৰ কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে ।
  • পাকিস্তান সীমান্তলৈ যাব প্ৰতিৰক্ষা। দুদিনীয়া ভ্ৰমণসূচীৰে সীমান্তলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী মন্ত্ৰী ৰাজনাথ সিঙে। গুজৰাটৰ ভূজত বায়ুসেনাৰ ঘাটিত বিশেষ কাৰ্যসূচী প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ।
  • ২০২৭ চনত ন্যায়াধীশ বি ভি নাগাৰাথ্নাক ৫৪ সংখ্যক চিজেআই হিচাপে নিযুক্তি দিয়াৰ আশা কৰা হৈছে। যদি নিযুক্তি লাভ কৰে তেওঁ হ’ব ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ । সম্ভাৱ্য প্ৰথম মহিলা মুখ্য ন্যায়াধীশগৰাকীৰ কাৰ্যকাল হ’ব মাত্ৰ ৩৬ দিনৰ।
  • হেয়াৰ ট্ৰান্সপ্লান্ট কৰাৰ বাবে মৃত্যুক সাৱতি ল’বলগীয়া হয় ২ যুৱকে। জানিব পৰা মতে, অনুষ্কা তিৱাৰী নামৰ যুৱতীগৰাকীয়ে কম দামতে হেয়াৰ ট্ৰান্সপ্লান্ট কৰাইছিল।
  • গুৱাহাটীবাসীৰ বাবে ভাল খবৰ। বিশেষকৈ দুচকীয়া, তিনিচকীয়া বাহন থকাসকলৰ বাবে এই খবৰ। ১ জুনৰ পৰা গুৱাহাটীত এইসমূহ বাহনৰ বাবে পাৰ্কিং হ’ব বিনামূলীয়া। শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • গুৱাহাটী মৃগাংক হত্যাকাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি ২০ টকীয়া ছুৰীৰে ৰাজু আলীয়ে প্ৰাণ লৈছিল মৃগাংকৰ। ইফালে মহিলাগৰাকীৰ আছিল ৩জনকৈ প্ৰেমিক।
  • ৰাজ্যৰ ভিন্ন প্ৰান্তত নিশা ধুমুহা-বৰষুণ। আজিও বতৰ ডাৱৰীয়া হৈ থকাৰ আছে সম্ভাৱণা।
  • কচুতলীৰ পৰা পুনৰ মাটি দালালিক সকীয়নি মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কয়, ‘ইয়াতে কিছুমান মাটিৰ দালাল আছে তেওঁলোকে মানুহখিনিক মাটি আনে। দালাল কেইজনক দীৰ্ঘদিনৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ব।’