শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
২২ দিনৰ পাছত মুক্তি বিএছএফ জোৱান পূৰ্ণমক...

২২ দিনৰ পাছত মুক্তি বিএছএফ জোৱান পূৰ্ণমক…

Barasha Sarma
Barasha Sarma | Published: 14 May 2025 17:34 PM

উল্লেখ্য যে, কিছুদিন পূৰ্বে ফিৰোজপুৰৰ ওচৰৰ ভাৰত-পাকিস্তানৰ সীমান্তৰ পৰা পাকিস্তানী ৰেঞ্জাৰ্চে ভাৰতীয় সেনাক আটক কৰি লৈ গৈছিল। বিএছএফৰ জোৱানগৰাকী ২৩ এপ্ৰিলৰ পৰা পাকিস্তানৰ জিম্মাত আছিল।

অৱশেষত পাকিস্তানে মুকলি কৰি দিলে ২২দিন ধৰি বন্দী হৈ থকা বি এছ এফ জোৱান পূৰ্ণম কুমাৰ চাউক। আজি পুৱা ১০.৩০ বজাত পূৰ্ণম অটাৰী সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে। ইয়াৰ পাছতে জোৱানগৰাকীৰ ঘৰত আনন্দময় পৰিবেশ দেখা যায়। পূৰ্ণমৰ মুক্তিক সুখ প্ৰকাশ কৰি কয় যে, মই বহুত সুখী যে তেওঁ ঘূৰি আহিছে। ভাৰতত উপস্থিত হোৱাৰ পাছতে পুৱা তেওঁ ভিডিঅ’ কল কৰিছিল। শাৰীৰিকভাৱে তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ফিৰোজপুৰৰ ওচৰৰ ভাৰত-পাকিস্তানৰ সীমান্তৰ পৰা পাকিস্তানী ৰেঞ্জাৰ্চে ভাৰতীয় সেনাক আটক কৰি লৈ গৈছিল। বিএছএফৰ জোৱানগৰাকী ২৩ এপ্ৰিলৰ পৰা পাকিস্তানৰ জিম্মাত আছিল। পঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ ভাৰত-পঞ্জাৱ সীমান্তত কৰ্তব্যৰত চাউৱে শূন্য ৰেখাৰ সমীপৰ পথাৰত কৰ্মৰত সীমান্তৰ গাঁওবাসী (কৃষক)ক সহায় কৰি থকাৰ সময়তে ভুলবশতঃ সীমান্ত পাৰ হৈ গৈছিল।পাছত তেওঁক পাকিস্তানী সেনাই আটক কৰি লৈ গৈছিল।