শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পাকিস্তানে দিছিল নেকি পাৰমাণৱিক আক্ৰমণৰ ভাবুকি! মোদীৰ ভাষণত কিয় ‘ব্লেকমেইল’ৰ প্ৰসঙ্গ?

পাকিস্তানে দিছিল নেকি পাৰমাণৱিক আক্ৰমণৰ ভাবুকি! মোদীৰ ভাষণত কিয় ‘ব্লেকমেইল’ৰ প্ৰসঙ্গ?

monjit-dutta
Monjit Dutta | Published: 14 May 2025 00:31 AM

যোৱা শনিবাৰে পাকিস্তানৰ সৈতে ভাৰতৰ সংঘৰ্ষৰ অন্ত পৰিছিল। দুয়ো দেশেই যুদ্ধবিৰতিত সন্মতি দিয়াৰ পিছত এক পূৰ্ণকালীন যুদ্ধৰ সম্ভাৱনা অন্ত পৰে। তাৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত কিয় ‘পাৰমাণৱিক ব্লেকমেইল’ৰ কথা উল্লেখ কৰিলে, সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে। চাওঁ আহক এই বিষয়ে।

অপাৰেচন সেন্দূৰ সন্দৰ্ভত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত পাকিস্তানক তীক্ষ্ণ সমালোচনা কৰাৰ লগতে কঠোৰ পাকিস্তানক সকীয়নিও প্ৰদান কৰে। ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ওপৰত আক্ৰমণৰ কঠোৰ প্ৰতিশোধ লোৱা হ’ব বুলি স্পষ্ট কৰি দিয়াৰ লগতে ভাৰতে পাৰমাণৱিক ব্লেইমেইল সহ্য নকৰে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীৰ এই মন্তব্যই যথেষ্ট গুৰুত্ব বহন কৰিছে।

যোৱা শনিবাৰে পাকিস্তানৰ সৈতে ভাৰতৰ সংঘৰ্ষৰ অন্ত পৰিছিল। দুয়ো দেশেই যুদ্ধবিৰতিত সন্মতি দিয়াৰ পিছত এক পূৰ্ণকালীন যুদ্ধৰ সম্ভাৱনা অন্ত পৰে। তাৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত কিয় ‘পাৰমাণৱিক ব্লেকমেইল’ৰ কথা উল্লেখ কৰিলে, সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে। চাওঁ আহক এই বিষয়ে…