TV9 ASSAM
মাৰাত্মক ৰোগৰ ভিতৰত এটা হৈছে ব্ৰেইন টিউমাৰ। ব্ৰেইন টিউমাৰ হোৱাৰ পূৰ্বে কিছুমান বিশেষ লক্ষণে দেখা দিয়ে।
ব্ৰেইন টিউমাৰ প্ৰথমটো লক্ষণ হৈছে মূৰৰ বিষ । ঘনাই যদি মাইগ্ৰেইনৰ সমস্যাৰ সন্মুখীন হয় তেন্তে সাৱধান হওক ।
চকুৰ বিষও ব্ৰেইন টিউমাৰ আন এটা লক্ষণ । চকুৰ বিষ যদি অনুভৱ কৰে তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।
ব্ৰেইন টিউমাৰ হ’লে বাৰে বাৰে কাহ হ’ব পাৰে । দীৰ্ঘদিন দিনৰ কাহ হৈ থাকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।
দৃষ্টিশক্তি হ্ৰাস পোৱাটো ব্ৰেইন টিউমাৰৰ লক্ষণ । ব্ৰেইন টিউমাৰ হ’লে চকুৱে ধোঁৱা ধোঁৱা দেখিব পাৰে বা দৃষ্টিশক্তি হ্ৰাস পাব পাৰে ।
স্মৃতিশক্তি দুৰ্বল হ’ব পাৰে । যিকোনো কথা পাহৰি যাব পাৰে । মনটো বিভ্ৰান্ত হ’ব পাৰে। এনে হ’লে সাৱধান হওক ।
খিংখিঙীয়া আৰু অত্যাধিক খং। আপোনাৰ মনটো খিংখিঙীয়া প্ৰকৃতিৰ হ’ব পাৰে। সাধাৰণ কথাতে খং উঠিব পাৰে ।
পঢ়িবলৈ ক্লিক কৰক