শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ আছে গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক সম্পৰ্ক…কিয় এইদৰে ক’লে মুখ্যমন্ত্ৰী?

পোষ্টটোত হিংলাজ মাতা মন্দিৰৰ কথা উল্লেখ্য কৰে মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ প্ৰকাশ কৰা বিবৃতিত বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰি পবিত্ৰ হিংলাজ মাতা মন্দিৰ—৫১টা শক্তি পীঠৰ ভিতৰত অন্যতম—ঐতিহ্য আৰু আন্তঃধৰ্মীয় শ্ৰদ্ধাৰ এক শক্তিশালী প্ৰতীক হিচাপে আলোকপাত কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে।

বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ আছে গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক সম্পৰ্ক…কিয় এইদৰে ক’লে মুখ্যমন্ত্ৰী?
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
trishna-kalita
Trishna Kalita | Updated On: 15 May 2025 11:51 AM

বিগত কেইবাটা দশক ধৰি বেলুচ লিবাৰেশ্যন আৰ্মী (BLA) য়ে পৃথক বেলুচিস্তানৰ দাবী জনাই আহিছে। ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে বেলুচ আৰ্মীৰ এই সংঘৰ্ষই যেন নতুনকৈ প্ৰাণ পাই উঠে।  ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ ঘোষণা কৰে বেলুচ আৰ্মীয়ে। বেলুচিস্তানৰ যোদ্ধাসকলে কয় যে, আগ্নেয়গিৰিৰ ওপৰত বহি থকা এখন দেশ পাকিস্তান, যাক আমি ধ্বংস কৰিম। ইয়াৰোপৰি পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ পৰা সহায় বিচাৰিছে বেলুচ আৰ্মীয়ে ।

ইয়াৰ মাজতে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পোষ্টটোত হিংলাজ মাতা মন্দিৰৰ কথা উল্লেখ্য কৰে মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ প্ৰকাশ কৰা বিবৃতিত বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰি পবিত্ৰ হিংলাজ মাতা মন্দিৰ—৫১টা শক্তি পীঠৰ ভিতৰত অন্যতম—ঐতিহ্য আৰু আন্তঃধৰ্মীয় শ্ৰদ্ধাৰ এক শক্তিশালী প্ৰতীক হিচাপে আলোকপাত কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে পোষ্টটোত লিখিছে, “মূলতঃ হিন্দু পৰম্পৰাৰৰ ৫১খন পূজ্য শক্তিপীঠৰ ভিতৰত অন্যতম ‘হিংলাজ মাতা’ মন্দিৰে পৱিত্ৰ স্থান হিচাপে বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ এক গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য বহন কৰিছে৷ হিংগোল ৰাষ্ট্ৰীয় উদ্যানৰ উক্ত ঠেক ভূখণ্ডত অৱস্থিত এই মন্দিৰটোৰ স্থানতেই দেৱী সতীৰ শিৰ অংশ পৰিছিল বুলি বিশ্বাস কৰা হয়৷ সেয়েহে এই ভূমিক শাক্ত ধৰ্মৰ অন্যতম পৱিত্ৰ স্থান হিচাপে মান্যতা দি অহা হৈছে৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখিছে,  “যুগ যুগ ধৰি হিন্দু তীৰ্থযাত্ৰী—বিশেষকৈ সিন্ধী, ভৱছাৰ আৰু চাৰণ সম্প্ৰদায়ৰ ভক্তসকলে এই মন্দিৰভাগিত দেৱীৰ আশীৰ্বাদ বিচাৰি মৰুভূমিৰ মাজেৰে যাত্ৰা কৰে।”

মুখ্যমন্ত্ৰীয়ে কয়, “ধৰ্মীয় ধাৰণাৰ উপৰি উপমহাদেশখনৰ বিভাজনৰ বহু পূৰ্বৰে পৰা বেলুচিস্তানে হিন্দুসকলৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ আভাস দাঙি ধৰে৷ উল্লেখ্য যে এই মন্দিৰভাগিক বেলুচ জনসাধাৰণেও আধ্যাত্মিকতাৰে সন্মান কৰে৷” নানী মন্দিৰৰ প্ৰসংগ উল্লেখ্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “তেওঁলোকে এই মন্দিৰভাগিক অতি আদৰেৰে ‘নানী মন্দিৰ’ বুলি কৈ আহিছে৷ প্ৰকৃততে বেলুচিস্তানত অৱস্থিত এই মন্দিৰভাগে সাতামপুৰুষীয়া আন্তঃসাম্প্ৰদায়িক ঐতিহ্য, মিলন আৰু পাৰস্পৰিক একতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷”

উল্লেখ্য যে, হিন্দু বিশ্বাস অনুসৰি দেৱী সতীৰ মৃত্যুৰ পাছত তেওঁৰ শৰীৰটো ৫১টা টুকুৰা হৈ গৈছিল। তাৰ পাছত এই শৰীৰৰ অংগবোৰ মাটিত পৰে। সতী দেৱীৰ মূৰটো মাক্ৰান উপকূলীয় অঞ্চলৰ হাংগুল নদীৰ পাৰত পৰিল। ইয়াতেই তেওঁ পিছলৈ দক্ষতা অৰ্জন কৰিছিল। হিংলাজ দেৱীয়ে হাংগুল নামৰ অসুৰ এটাক খেদি খেদি হত্যা কৰিলে আৰু সেই গুহাত বৰ্তমান হিংলাজ মাতাৰ মন্দিৰ থিয় হৈ আছে।