শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ফলাফল, চাওক কোন দলে কিমান সদস্য পালে ?

নিৰ্বাচন আয়োগে ঘোষণা কৰা ফলাফল অনুসৰি, গৰিষ্ঠসংখ্যক জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত শাসকীয় বিজেপি আৰু সহযোগী অগপই দখল কৰিছে । যোৱা দেওবাৰে পুৱা ৮ বজাৰ পৰা ৩৯টা গণনা কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱাৰ চাৰিদিন পিছত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এক বিবৃতিত চূড়ান্ত ফলাফল ঘোষণা কৰে।

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ফলাফল, চাওক কোন দলে কিমান সদস্য পালে ?
অসমৰ পঞ্চায়ত নিৰ্বাচনImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 14 May 2025 18:17 PM

বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ফলাফল । নিৰ্বাচন আয়োগে ঘোষণা কৰা ফলাফল অনুসৰি, গৰিষ্ঠসংখ্যক জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত শাসকীয় বিজেপি আৰু সহযোগী অগপই দখল কৰিছে । যোৱা দেওবাৰে পুৱা ৮ বজাৰ পৰা ৩৯টা গণনা কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱাৰ চাৰিদিন পিছত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এক বিবৃতিত চূড়ান্ত ফলাফল ঘোষণা কৰে।

অসমৰ ২৭খন জিলাত সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আঞ্চলিক পঞ্চায়তত (AP) ১২৬১ গৰাকী সদস্য বিজেপিয়ে লাভ কৰাৰ বিপৰীতে মিত্ৰ অসম গণ পৰিষদে এই ১৮৪ খন আসন লাভ কৰিছে। বিৰোধী কংগ্ৰেছে ৪৮১ খন আসন লাভ কৰাৰ বিপৰীতে ৬৪ খন আসন AIUDF, ১৭ খন ৰাইজৰ দলে, ৪ খন তৃণমূল কংগ্ৰেছে, ৩ খন অসম জাতীয় পৰিষদে, ১ খন আপ আৰু ১৭৩ খন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে।

ইফালে, জিলা পৰিষদত বিজেপিয়ে ২৭৪ খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰ দল অগপই ২৭ খন আসন লাভ কৰিছে। কংগ্ৰেছে ৭২ খন আসন লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফে ৮ খন, ৰাইজৰ দলে ৩ খন আৰু নিৰ্দলীয় দলে ১৩ খন আসন লাভ কৰে বুলি নিৰ্বাচন আয়োগৰ তথ্যত প্ৰকাশ পাইছে।

ইয়াত লগতে কোৱা হৈছে যে, “ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা অবিহনে ২১,৯২০ টা গাঁও পঞ্চায়ত ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই অনুসৰি উক্ত ৱাৰ্ডসমূহৰ বাবে ফলাফল ঘোষণা কৰা হৈছে ।” মুঠ আসনত ২১,৯২০ খন গ্ৰাম পঞ্চায়ত (জিপি) ৱাৰ্ডৰ সদস্যৰ ১০,৮৮৩ খন আসন মহিলাৰ বাবে সংৰক্ষিত। আঞ্চলিক পঞ্চায়তৰ ২,১৯২ জন সদস্যৰ বাবে ভোটদান হৈছিল, য’ত ১,১২৪ খন আসন মহিলাৰ বাবে সংৰক্ষিত আৰু ৩৯৭ জন জিলা পৰিষদ আসনৰ ১৯৯ খন আসন মহিলাৰ বাবে সংৰক্ষিত আছিল।

২,৯১২ জন প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে । ইয়াৰ ভিতৰত ৩৪ জন জেডপিৰ সদস্য, ৩১১ জন এ পি সদস্য আৰু ২,৫৬৭ জন জিপি ৱাৰ্ড সদস্য। উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৯০,৭১,২৬৪ জন পুৰুষ, ৮৯,৬৫,০১০ জন মহিলা আৰু ৪০৮ জন অন্যান্যকে ধৰি মুঠ ১,৮০,৩৬,৬৮২ জন ভোটাৰে ২৫,০০৭ টা ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোগ্যতা অৰ্জন কৰিছিল। দুটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদানত মুঠ ৭৪.৭১ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।

INPUT-PTI