Press Freedom Day 2025: আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস, সাংবাদ মাধ্যমৰ বাবে বিশেষ এই দিনটোৰ তাৎপৰ্য্য কি ? জানক
ইউনেস্ক’ৰ পৰামৰ্শ অনুসৰি, আজি ৩ মে’ৰ দিনটো বিশ্বৰ প্ৰেছ স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে । ২০২৫ বৰ্ষৰ বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ মূল বিষয়বস্ত হৈছে-সাংবাদিকতাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ ।

আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস । ইউনেস্ক’ৰ সাধাৰণ সন্মিলনৰ পৰামৰ্শ মৰ্মে ১৯৯৩ চনৰ ডিচেম্বৰত ৩ মে’ৰ দিনটো বিশ্বৰ প্ৰেছ স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে । ২০২৫ বৰ্ষৰ বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ মূল বিষয়বস্ত হৈছে-সাংবাদিকতাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ ।
ইউনেস্ক’ৰ মতে, এইবাৰ বিশ্ব সংবাদ স্বাধীনতা দিৱসত কৃত্ৰিম বুদ্ধিমত্তাই (AI) সাংবাদিকতাক কেনেদৰে প্ৰভাৱিত কৰিছে সেই বিষয়ে গুৰুত্ব আৰোপ কৰা হ’ব। ৰিপ’ৰ্ট, কন্টেন্ট তৈয়াৰ কৰা আৰু তথ্য পৰীক্ষাৰ দৰে সাংবাদিকসকলৰ কামবোৰ সহজ আৰু দ্ৰুত কৰি তুলিছে এআইয়ে।
উল্লেখ্য় যে, বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ দিনটোত সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । লগতে এই দিনটোৱে ১৯৪৮ চনৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ ১৯ নং অনুচ্ছেদত উল্লেখ থকা মত প্ৰকাশৰ স্বাধীনতাক সন্মান আৰু ৰক্ষা কৰাৰ কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিয়ে ।
১৯৯১ চনত ইউনেস্ক’ৰ পৰামৰ্শৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯৩ চনত আনুষ্ঠানিকভাৱে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস ঘোষণা কৰে আৰু ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে এই দিৱসটো পালন কৰা হয়। তেতিয়াৰ পৰাই ১৯৯১ চনত গ্ৰহণ কৰা উইণ্ডহ’কৰ ঘোষণাক স্মৰণ কৰি ৩ মে’ দিনটো বিশ্ব সংবাদ স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হৈছে ।
সংবাদ মাধ্যমক সুৰক্ষা আৰু সমৰ্থনৰ বাবে বিশ্ব প্ৰেছ স্বাধীনতা দিৱসটো অতি গুৰুত্বপূৰ্ণ। এই দিনটোৱে সাংবাদিকসকলে মুক্ত আৰু নিৰাপদে কথা কোৱাটো কিয় গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে সজাগ কৰে। ইয়াৰ উপৰিও এই সংবাদ কৰ্মীসকলে নিজৰ কাম কৰি থকাৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে চিন্তা কৰাৰ সুযোগ দিয়ে।