শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Published: 28 May 2025 07:56 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বুধবাৰে মাজনিশা প্ৰায় ১ বাজি ৫৪ মিনিটত কম্পন অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.২ । ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰ বুলি জানিব পৰা গৈছে। ভাৰতৰ লগতে চুবুৰীয়া বাংলাদেশ আৰু ম্যানমাৰতো অনুভূত হয় জোকাৰণি।
  • আলফা(স্বা)ৰ ওপৰত নিষেধাজ্ঞা আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিছে চৰকাৰে । ৩৫ বছৰ ধৰি নিষিদ্ধ হৈ থকাৰ পিছতো বৰ্তমান ম্যানমাৰ শিবিৰৰ পৰা পৰিচালিত এই গোটটোৰ ২০০–২৫০ জন কেডাৰ আছে আৰু তেওঁলোকৰ হাতত প্ৰায় ২০০ অস্ত্ৰ-শস্ত্ৰ আছে বুলি ন্যায়াধিকৰণৰ সন্মুখত তথ্য দাখিল কৰিছে চৰকাৰে ।
  • মুকলি আকাশৰ তললৈ শংকৰজ্যোতি বৰুৱা৷ মুকলিৰ পিছতে দুলিয়াজানৰ মধুটিঙৰ বাসগৃহত উপস্থিত হয় শংকৰজ্যোতি। পুত্ৰ ঘৰত উপস্থিত হোৱাৰ পাছতেই আৱেগিক হৈ পৰিল মাতৃ ৰুমী বৰুৱা৷ বাসগৃহত উপস্থিত হোৱাৰ পাছতেই মাতৃক সাৱটি ধৰি উচুপি উঠিল শংকৰজ্যোতি বৰুৱা৷  ৰাইজৰ লগতে বহু শুভাকাংক্ষীয়ে আদৰিলে শংকৰজ্যোতিক৷  দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা। ১৯ মে’ত গ্ৰেপ্তাৰ হোৱাৰ পাছতে আদালতে বৰুৱাক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।
  • ‘বিটিআৰৰ ৪০টা পৰিষদীয় সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে৷ নিৰ্বাচনক লৈ কোনো ধৰণৰ কম্প্ৰ’মাইজ নকৰে বিজেপিয়ে৷’ ওদালগুৰিত এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ৷ ইয়াৰ লগতে, ডিএলএমচিৰ বৈঠকৰ লগতে চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযূষ হাজৰিকাৰ৷ বিটিআৰৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই৷
  • দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ গতি। এই পৰ্যন্ত দেশত ১০০০ৰো অধিক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে কেৰালাত ৪৩০ জন, মহাৰাষ্ট্ৰত ২১০ জন, দিল্লীত ১০৪ জন, কৰ্ণাটকত ১০০ জন আৰু মহাৰাষ্ট্ৰত ৬৬ জন আক্ৰান্ত হৈছে। ইফালে মহাৰাষ্ট্ৰত ৩ জন, কেৰালাত ২ জন আৰু কৰ্ণাটকত ১ জন লোকৰ মৃত্যু হৈছে।
  • ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওজন সেৱা প্ৰধানকে অহা ৩ জুনত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ ফাইনেলত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে জানিবলৈ দিয়া অনুসৰি, আইপিএলৰ সামৰণি অনুষ্ঠান শেহতীয়াকৈ অপাৰেচন সেন্দূৰৰ সময়ত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনাৰ প্ৰতি উৎসৰ্গা কৰা হ’ব। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে।
  • মঙলবাৰে অন্ত পৰিল আই পি এল ২০২৫ৰ লীগ পৰ্যায়। প্ৰতিযোগিতাৰ অন্তিমখন লীগ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে দুৰন্ত প্ৰদৰ্শনেৰে লক্ষ্ণৌ চুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৰ বিপক্ষে জয়ৰ ফলত আৰচিবি পইণ্ট তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হয়। ইয়াৰ লগে লগে দলটোৱে প্ৰথমখন কোৱালিফায়াৰত স্থান নিশ্চিত কৰে। আৰচিবিৰ এই জয়ৰ প্ৰভাৱ পইণ্ট তালিকাৰ শীৰ্ষ চাৰিত থকা আন এটা দল গুজৰাট টাইটানছৰ ওপৰতো পৰে।
  • আমেৰিকাত পঢ়িব বিচৰা আন দেশৰ শিক্ষাৰ্থীসকলৰ বাবে এক ডাঙৰ আঘাত। বিদেশী ছাত্ৰ-ছাত্ৰীৰ ভিছাৰ সাক্ষাৎকাৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে ট্ৰাম্প প্ৰশাসনে।  নতুনকৈ ছাত্ৰ ভিছাৰ সাক্ষাৎকাৰ নল’বলৈ  সকলো আমেৰিকাৰ দূতাবাস আৰু কনছুলেটক নিৰ্দেশ দিছে প্ৰশাসনে। ছ’চিয়েল মিডিয়া একাউণ্টৰ ব্যাপক তদন্ত বাধ্যতামূলক কৰাৰ পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাম্প চৰকাৰে ।

লগতে পঢ়ক: কেনে যাব আপোনাৰ বুধবাৰৰ দিনটো, কাৰ বৃদ্ধি হ’ব ধন-সম্পত্তি? চাওক আজিৰ ৰাশিফল…