Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
আজি ৬ আগষ্ট বুধবাৰ, পুৱাৰে পৰা বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হৈছে। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

পুৱাৰ মুখ্য খবৰ
আজি ৬ আগষ্ট, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- গুৱাহাটীৰ গেষ্ট হাউচত পুনৰ নিষিদ্ধ বেহা। নাম সাঙোৰ খাইছে জয়ানগৰৰ বাপ্তিছ ইন গেষ্ট হাউচৰ। এই ব্যৱসায় সৰ্ম্পকত DCP মৃণাল ডেকাই মন্তব্য কৰি কয়, যি সকলে এই চাৰ্ভিছটো বিচাৰে সেইসকলক তেওঁলোকে ছোৱালী খিনিৰ সৈতে যোগাযোগ সৃষ্টি কৰি দিয়ে। এতিয়া আমি ৪ জনক আটক কৰিছোঁ।
- আজি ১ বজাৰ পৰা বিকল হৈ পৰিব UPI সেৱা! ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)ই সামাজিত মাধ্যম ‘এক্স’ৰ জৰিয়তে গ্ৰাহকসকলক এক বিশেষ খবৰ দিছে। বেংকটোৱে কৈছে যে, ৬ আগষ্টত SBI ৰ ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (UPI) সেৱা কিছু সময়ৰ বাবে বন্ধ থাকিব। জাননী অনুসৰি, অহা ৬ আগষ্টৰ পুৱা ১:০০ বজাৰ পৰা ১:২০ বজালৈ মাত্ৰ ২০ মিনিটৰ বাবে ইউ পি আই বন্ধ থাকিব। এই সময়চোৱাত গ্ৰাহকে লেনদেন কৰিব নোৱাৰিব।
- বাংলাদেশৰ অন্তৱৰ্তীকালীন মুখ্য উপদেষ্টা মহম্মদ ইউনুছে মঙলবাৰে ঘোষণা কৰে যে পবিত্ৰ ৰমজান মাহৰ পূৰ্বেই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উৎখাত কৰা গণবিদ্ৰোহৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যিক টেলিভিছন, বিটিভি আৰু ৰেডিঅ’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি এই ঘোষণা কৰে ইউনুছে।
- ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও প্ৰায় ৮ মাহ বাকী। কিন্তু তাৰ পূৰ্বেই অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। ইতিমধ্যে বিজেপি দলে এইবাৰ অকলে বিটিআৰত নিৰ্বাচনী যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
- চৰকাৰৰ বেদখল ভূমি মুক্ত কৰাৰ অভিযান। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ আহ্বান অসমৰ ৰাইজে উচ্ছেদি লোকক আশ্ৰয় দিয়া উচিত নহয়। নহ’লে উচ্ছেদ চলোৱা কোনো অৰ্থ নাথাকিব। তেওঁৰ দাবী, বেদখলৰ বিৰুদ্ধে চৰকাৰে চলোৱা অভিযানসমূহ অসমীয়া “জাতি”ৰ স্বাৰ্থ আৰু পৰিচয় ৰক্ষাৰ এক বহল অভিযানৰ অংশ।
- বন্ধুৰাষ্ট্ৰক সমৰ্থন! ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰত্যুত্তৰ দিলে ৰাছিয়াই। ভাৰত আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰিয় বন্ধু বুলি কোৱা ট্ৰাম্পে অহৰহ শুল্ক বৃদ্ধিৰ ভাবুকি দি আহিছে। ইয়াৰ মাজতে ভাৰতৰ সমৰ্থনত আগবাঢ়ি আহিছে ৰাছিয়া।
- মঙলবাৰে ৰাজ্য চৰকাৰে প্ৰদান কৰিলে কৰ্মশ্ৰী বঁটা। গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাসে ১২টা বিষয়াৰ দলক দলীয় তথা এককভাৱে কৰ্মশ্ৰী বঁটা প্ৰদান কৰে।
- মহিলাসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্ত অনুসৰি, কোনো মহিলাক নিশা কাম কৰিবৰ বাবে বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে। অন্য সুৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ওড়িশাৰ শ্ৰম আৰু ই এছ আই বিভাগে জাৰি কৰে এই অধিসূচনা।
- ভাৰত নহয় বিদেশী ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাৰে। শচীন তেণ্ডুলকাৰৰ কন্যা হৈ পৰিছে ব্ৰেণ্ড এম্বেছাদৰ। অষ্ট্ৰেলিয়াৰ নতুন পৰ্যটন অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা। এতিয়া ছাৰাৰ কান্ধত ডাঙৰ দায়িত্ব।