শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প’র্টেল ঘোষণা মুখ্যমন্ত্ৰীৰ, বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে কোনে কোনে কৰিব পাৰিব আবেদন ? প্ৰক্ৰিয়াটোৰ সবিশেষ জানক….

বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে কি নিয়ম বান্ধি দিছে অসম চৰকাৰে? যদিও ভূমিপুত্ৰ আৰু খিলঞ্জীয়া লোকৰ কথা কোৱা হৈছে তাৰে মাজৰ কোনসকলে লাভ কৰিব অনুজ্ঞাপত্ৰ?

প’র্টেল ঘোষণা মুখ্যমন্ত্ৰীৰ, বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে কোনে কোনে কৰিব পাৰিব আবেদন ? প্ৰক্ৰিয়াটোৰ সবিশেষ জানক….
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI/Unsplash
manas-borah
Manas Borah | Updated On: 06 Aug 2025 15:34 PM

খিলঞ্জীয়া লোকৰ সুৰক্ষাকলৈ অধিক চিন্তিত অসম চৰকাৰ! যাৰ বাবে স্পৰ্শকাতৰ অঞ্চলত বাস কৰাৰ খিলঞ্জীয়া লোকক নিৰাপত্তাৰ বাবে বন্দুকৰ লাইচেন্স দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে এক বিশেষ প’র্টেল আৰম্ভ হ’বলৈ গৈ থকাৰ কথা সদৰী কৰিছে । ৰাজ্য চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে, ৰাজ্যখনৰ যিসমূহ অঞ্চল অসুৰক্ষিত আৰু আওহতীয়া আৰু সেই অঞ্চলত বাস কৰাৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া ভাৰতীয় লোকসকলক বন্দুকৰ অনুজ্ঞাপত্ৰ দিব ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কয়, “স্পৰ্শকাতৰ অঞ্চলত বাস কৰা অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক যি নিজৰ প্ৰাণৰ আশংকা অনুভৱ কৰিছে, তেওঁলোকে অস্ত্ৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পৰাকৈ এক বিশেষ প’র্টেল আৰম্ভ হ’বলৈ গৈ আছে ৷ যাৰ অধীনত যথাযথ পৰীক্ষণ-নিৰীক্ষণ আৰু বহুস্তৰীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত যোগ্য বিবেচিত ব্যক্তিসকলক অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব।”

পিছে এই অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে কি নিয়ম বান্ধি দিছে অসম চৰকাৰে? যদিও ভূমিপুত্ৰ আৰু খিলঞ্জীয়া লোকৰ কথা কোৱা হৈছে তাৰে মাজৰ কোনসকলে লাভ কৰিব অনুজ্ঞাপত্ৰ?

কোনসকল লোকক যোগ্য হিচাপে বিবেচিত হ’ব?

  • ৰাজ্য চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰা লোকজন অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • বাস কৰা অঞ্চলত জীৱনৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অনুভৱ কৰা নাগৰিকক প্ৰদান কৰিব অনুজ্ঞাপত্ৰ।
  • জিলা প্রশাসন বা স্বীকৃত সুৰক্ষা সংস্থাৰ মূল্যায়নৰ আধাৰত স্পৰ্শকাতৰ বা দুর্গম অঞ্চলত বাস কৰা ব্যক্তি এই অনুজ্ঞাপত্ৰৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ’ব

অনুজ্ঞাপত্ৰ প্ৰদানৰ প্রক্রিয়াতো কেনেধৰণ হ’ব?

  • প্ৰথমে নিৰাপত্তাৰ মূল্যায়ন
  • পৰীক্ষণ আৰু সত্যাসত্য নিৰূপণ
  • বিদ্যমান আইনৰ সৈতে সামঞ্জস্যকৰণৰ ওপৰত গুৰুত্ব। সহজভাৱে বৰ্তমানৰ আইনসমূহ মানি চলাৰ ওপৰত গুৰুত্ব।
  • অহস্তান্তৰযোগ্য আৰু সময়ে সময়ে পৰ্যালোচনা
  • নিৰীক্ষণ আৰু প্ৰতিবেদনৰ ওপৰত গুৰুত্ব