তেজপুৰত পাৰিবাৰিক কন্দলৰ শেষ পৰিণতি! স্বামীয়ে জীৱন্তে জ্বলালে পত্নীক, মৃত্যু…
পুনৰ এক নৃশংস ঘটনা। নিজ স্বামীয়ে জীৱন্তে জ্বলাই পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে তেজপুৰত। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এক নৃশংস হত্যাকাণ্ডই জোকাৰি যায় তেজপুৰ। মঙলবাৰ (৫আগষ্ট) য়ে নিশা তেজপাৰৰ বাম-পৰ্বতীয়া পহুমৰা চুবুৰীত এক জঘন্য কাণ্ড সংঘটিত হয়। অভিযোগ অনুসৰি, নিজ স্বামীয়ে জীৱন্ত জ্বলাই হত্যা কৰিলে পত্নীক। পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি স্বৰূপে এই কাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। দুই সন্তানৰ মাতৃ তথা মৃত মহিলাগৰাকী মেঘালী শইকীয়া বুলি চিনাক্ত হৈছে। ইফালে অভিযুক্ত স্বামী জয়ন্ত শইকীয়া।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি পৰিয়ালটোত কাজিয়া চলি আহিছিল। ওচৰ-চুবুৰীয়াৰ অভিযোগ অনুসৰি, সুৰাপায়ী স্বামী জয়ন্তই প্ৰায়ে মহিলাগৰাকীক মাৰপিট কৰিছিল। অইন দিনাৰ দৰে কালি নিশাও জয়ন্ত শইকীয়া সুৰাৰ ৰাগীত মাতাল হৈ ঘৰ সোমাইছিল। তাৰ পাছতে আৰম্ভ হৈছিল তাণ্ডৱ। শইকীয়াই প্ৰথমে ঘৰৰ আচবাব ভাঙি ধ্বংস কৰে আৰু পাছত পত্নীক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ মাজতে নিশা প্ৰায় ১১ মান বজাত মেঘালীক অগ্নিদগ্ধ অৱস্থাত দেখা পাই স্থানীয় লোকে।
লগে লগে মেঘালীক তেজপুৰৰ গেট হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে পুৱাৰ ভাগত তেওঁ মৃত্যুক সাৱতি লয়। জানিব পৰা মতে, মেঘালীৰ শৰীৰ প্ৰায় ৮০ শতাংশ জ্বলি গৈছিল। স্থানীয় লোকৰ মতে মেঘালীক জুই লগা দেখি তেওঁৰ জোঁৱায়েকে জুই নুমুৱাবলৈ চেষ্টা কৰে। কিন্তু তেওঁৱো অগ্নিদগ্ধ হয় আৰু পাছত হাস্পাতালত ভৰ্তি কৰোৱা হয়।
স্থানীয়লোকে কৰা অভিযোগ অনুসৰি, স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মেঘালীয়ে নিজেই নিজৰ গাত জুই লগাই দিছে। ইয়াৰ বিপৰীতে মেঘালীৰ পৰিয়ালৰ লোকে কয় যে, এই কাণ্ড তেওঁৰ স্বামীয়ে সংঘটিত কৰিছে। এয়া এক হত্যাকাণ্ড। মেঘালীৰ মৃত্যুৰ পাছতে আজি পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জয়ন্ত শইকীয়াক। ইফালে মেঘালীৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
এই সমগ্ৰ ঘটনাই অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। গতিকে তদন্তৰ অন্ততহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃনিযুত মইনা ২.০ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ…