ৰাজনীতিত নাই কোনো শত্ৰু,নাই কোনো মিত্ৰ, এইবাৰ বিটিআৰত কি হ’ব নিৰ্বাচনী সমীকৰণ?
বিজেপিয়ে অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেওঁলোকৰ মিত্ৰদল ইউপিপিএলৰ সৈতে সংঘাতৰ উকমুকনি দেখা গৈছে। আজি এই সংঘাতৰ এক স্পষ্ট ছবি দেখা গ'ল দোতমাত।

২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও প্ৰায় ৮ মাহ বাকী। কিন্তু তাৰ পূৰ্বেই অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। ইতিমধ্যে বিজেপি দলে এইবাৰ অকলে বিটিআৰত নিৰ্বাচনী যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ বাবে বিটিআৰত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি আৰু আন আন মন্ত্ৰী-বিধায়কে নিৰন্তৰ সভা অনুষ্ঠিত কৰা দেখা গৈছে। ৪০ খন আসনত বিজেপিয়ে প্ৰাৰ্থী আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বিজেপিয়ে অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেওঁলোকৰ মিত্ৰদল ইউপিপিএলৰ সৈতে সংঘাতৰ উকমুকনি দেখা গৈছে। আজি এই সংঘাতৰ এক স্পষ্ট ছবি দেখা গ’ল দোতমাত। বিজেপিয়ে অকলেই নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত লোৱাত দুয়োটা দলৰ মাজত যে ফাঁট মেলিছে সেয়া কাজেই পৰিস্ফুট হৈ পৰিছে।
কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত এখন সভাত উল্লেখ কৰিছিল যে ইউপিপিএলে বিটিআৰত উন্নয়ন সাধন কৰিছে যদিও এতিয়াও বহুখিনি বাকী আছে। গতিকে এইবাৰ সম্পূৰ্ণ উন্নয়নৰ বাবে বিজেপি দলক নিৰ্বাচনত জয়ী কৰাবলৈ ৰাইজক অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই আজি ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে পোনপটীয়াভাৱে আক্ৰমণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক।
মঙলবাৰে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল)ৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় কোকৰাঝাৰৰ দোতমা এইচ এছ খেলপথাৰত। এক জনসমাৱেশৰ জৰিয়তে এই অনুষ্ঠানটোক ‘সংকল্প দিৱস’ (সংকল্প দিৱস) হিচাপে স্মৰণ কৰে দলটোৱে।
২০২৫ চনৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ পূৰ্বে ইউপিপিএলৰ তৃণমূল পৰ্যায়ত সংগঠন শক্তিশালী কৰা এই অনুষ্ঠানত সমগ্ৰ বিটিআৰৰ হাজাৰ হাজাৰ সমৰ্থক, নেতা, আৰু দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। য’ত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউপিপিএলৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌড়া ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক ক্ৰমে লৰেন্স ইছলাৰী, জিৰণ বসুমতাৰী, প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মৰ লগতে বহুসংখ্যক নেতা-সদস্য।
এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিক পোনপটীয়াকৈ সমালোচনা কৰে দলটোৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে। কেৱল নিৰ্বাচনী সুবিধাৰ বাবে বিজেপিয়ে বিটিআৰক লৈ ৰাজনীতি খেলাৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে। নাৰ্জাৰীয়ে কয়, “দিল্লী বা দিছপুৰৰ পৰা বিটিআৰ দখলৰ চেষ্টা নকৰিব। কেৱল নিৰ্বাচনৰ সময়ত আপোনালোকক দেখা পোৱা যায়, বাকী সময়ত আপোনালোক ক’ত অন্তৰ্ধান হয়?”
তেওঁ লগতে কয়, “হিন্দু, মুছলমান, খ্ৰীষ্টান আদি ধৰ্মৰ ভিত্তিত ইয়াত মানুহক ভাগ ভাগ কৰিবলৈ নাহিব। বিটিআৰত ইউপিপিএলক কোনো শক্তিয়েই পৰাভূত কৰিব নোৱাৰে।”
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী সম্পৰ্কে শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক সভাপতি তথা লোকসভাৰ সাংসদ দিলীপ শইকীয়াই কৰা মন্তব্যক গৰিহণা দি নাৰ্জাৰীয়ে কয় যে তেওঁ সাংবিধানিক নীতিক ভেঙুচালি কৰিছে আৰু সাম্প্ৰদায়িক বিভাজনৰ পোষকতা কৰে। ”এই অঞ্চলত প্ৰথম বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই। সাংবিধানিক মূল্যবোধৰ বিৰুদ্ধে যোৱা বক্তব্য কেৱল দায়িত্বহীন নহয় ই আঞ্চলিক শান্তিৰ বাবে বিপজ্জনক।” তেওঁ কয়।
বিশেষকৈ নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি ৰাজহুৱা মন্তব্য দিয়াৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ষষ্ঠ অনুসূচী অধিক পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগে বুলি পৰামৰ্শ দিয়ে ৰাজু কুমাৰ নাৰ্জাৰীয়ে। দলৰ নিৰ্বাচনী গতিৰ ওপৰত আস্থা প্ৰকাশ কৰি নাৰ্জাৰীয়ে ঘোষণা কৰে যে, “আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএলে কমেও ২৫খন আসন লাভ কৰিব।”
ইফালে কেইদিনমান পূৰ্বে ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই বিপিএফৰ সৈতে মিত্ৰতাৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে যদি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিনাচৰ্তে মিত্ৰতাৰ বাবে আগবাঢ়ি আহে তেন্তে নিশ্চিতভাৱে আলোচনা হ’ব। তাৰোপৰি মুখ্যমন্ত্ৰী বা বিজেপিৰ সভাপতিয়ে দাবী কৰিলেও বিটিআৰত বিজেপি জয়ী হ’ব নোৱাৰে বুলি দাবী কৰিছিল উৰ্খাও গৌড়া ব্ৰহ্মই।
বিগত বিটিচি নিৰ্বাচনলৈ যদি আমি চকু ফুৰাওঁ তেন্তে আমি দেখাপাঁও যে, হাগ্ৰামা মহিলাৰীয়ে চিন্তাত পেলাইছিল ইউপিপিএ আৰু বিজেপিক। সেই নিৰ্বাচনত অকলেই বিপিএফে ১৭ খন আসন লাভ কৰিছিল। ইউপিপিএলে ১২ খন আৰু বিজেপিয়ে লাভ কৰিছিল ৯ খন আসন।
তাৰ পাচতেই বিজেপিয়ে ইউপিপিএল আৰু নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰে। কিন্তু এইবাৰ বড়োভূমিত নিৰ্বাচনী সমীকৰণ কি হ’ব? সকলোৰে দৃষ্টি এতিয়া নিৰ্বাচনৰ ওপৰত।