Assam Cabinet: আঁহতগুৰিৰ ম’হ যুঁজৰ পৰা তিৱাৰী আয়োগৰ প্ৰতিবেদনলৈ কি কি সিদ্ধান্ত ল’লে কেবিনেটে?
Assam Cabinet Decision: আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰতিবছৰে বৃদ্ধিত অনুমোদন জনাই অসম কেবিনেটে।
কেবিনেটৰ সিদ্ধান্ত
দেওবাৰ (২৩ নৱেম্বৰ)য়ে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-
- এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত ব্যক্তিগত বিদ্যালয়ৰ মাচুল চৰকাৰে নিৰীক্ষণ কৰিব। এই সন্দৰ্ভত আইন আনিব ৰাজ্য চৰকাৰে। ভৈয়ামত বসবাস কৰা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদ গঠন কৰা সিদ্ধান্ত লোৱা হয় কেবিনেটত। এই সন্দৰ্ভত বিধানসভাত অনা হ’ব বিল । এইবাৰ বিধানসভাত ২৫ খন নতুন আৰু সংশোধনী বিল অনা হ’ব।
- ২০২৬ চনত প্ৰতিষ্ঠা কৰা স্কুল, কলেজ আদি প্ৰাদেশিকীকৰণ কৰা হ’ব। এই বিল সংশোধনী হোৱাৰ লগে লগে বহু শিক্ষক চাকৰি পাব। এই আইনৰ অধীনত ১৫ খন মহাবিদ্যালয় আৰু কেইবাহাজাৰ স্কুল চৰকাৰী হ’ব। প্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰতিবছৰে বৃদ্ধিত অনুমোদন জনাই অসম কেবিনেটে। প্ৰতিবছৰে ৬ শতাংশকৈ বৃদ্ধি পাব দৰমহা।
- মহিলাই ৫ বছৰ শিক্ষকতা কৰিলে আৰু পুৰুষে ৭ বছৰ শিক্ষকতা কৰিলে Transferৰ বাবে যোগ্য হ’ব। এই সিদ্ধান্তও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।
- পলাশবাৰীত স্থাপন কৰা হ’ব আজিম প্ৰেমজী বিশ্ববিদ্যালয়। IIMৰ লগতে স্থাপন কৰা হ’ব বিশ্ববিদ্যালয়খন। এই সিদ্ধান্তও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একেদৰে, NERIM শিক্ষানুষ্ঠানক ব্যক্তিগত কলেজ স্থাপনৰ বাবে আজিৰ কেবিনেট বৈঠকে অনুমোদন জনায়।
- চাহ বাগিচাৰ শ্ৰমিকসকলক মাটি প্ৰদান সন্দৰ্ভত কেবিনেটত ডাঙৰ সিদ্ধান্ত। চিলিং আইনৰ অধীনত লেবাৰ লাইনৰ মাটি চৰকাৰী কৰা হ’ব। ২,১৮,৫৫৩ বিঘা ভূমি চৰকাৰী কৰি শ্ৰমিকসকলক বিতৰণ কৰা হ’ব। এই সন্দৰ্ভত ২৫ নৱেম্বৰত বিধানসভাত উত্থাপন বিল উত্থাপন হ’ব।
- প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোৱে দখল কৰিলে ডিষ্ট্ৰিক্ট ট্ৰিবিউনেলত অভিযোগ প্ৰদান কৰিব পৰা ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। শীতকালীন অধিৱেশনত এই সন্দৰ্ভত বিধেয়ক দাখিল কৰা হ’ব। ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হ’ব।
- আঁহতগুৰিৰ ম’হযুঁজক ন্যায্যতা প্ৰদান বাবে চেষ্টা কৰিব ৰাজ্য চৰকাৰে। তাৰ বাবে যাৱতীয় আইন প্ৰণয়নৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰা বুলি সংবাদমেলত সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।
- ১৯৮৩ চনৰ নেলী হত্যাকাণ্ডৰ পিছত চৰকাৰে তিৱাৰী কমিচন গঠন কৰা হৈছিল। ২৫ তাৰিখে প্ৰতিজন বিধায়কক তিৱাৰী কমিচনৰ কপি দিয়া হ’ব। নেলী কাণ্ডৰ পিছত বেচৰকাৰী সংস্থা মেহতা কমিটিৰ ৰিপোৰ্ট দাখিল কৰা হ’ব সদনৰ মজিয়াত।
- ২৬ তাৰিখে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত লোৱা হ’ব। ২৭ তাৰিখে আমি সদনৰ মজিয়াত বিষয়টো উত্থাপন কৰাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ।