শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Israel Iran Conflict: ধৰ্মীয় নেতাৰ নিৰ্বাচন আৰম্ভ! কাৰ দখললৈ যাব ইৰাণ? মৃত্যুৰ পূৰ্বে খামেনেইৰ মনোনয়ন

Israel Iran Conflict: ১৯৭৯ চনত ইৰাণত ইছলামিক বিপ্লৱ সংঘটিত হয়। ইয়ৰ ঠিক দহ বছৰৰ পিছত ১৯৮৯ চনত আয়াতুল্লাহ আলী খামেনেই দেশখনৰ সৰ্বোচ্চ ধৰ্মীয় নেতাৰ পদ গ্ৰহণ কৰে। তেতিয়াৰ পৰাই তেওঁ দেশত শাসন কৰি আহিছে।

Israel Iran Conflict: ধৰ্মীয় নেতাৰ নিৰ্বাচন আৰম্ভ! কাৰ দখললৈ যাব ইৰাণ? মৃত্যুৰ পূৰ্বে খামেনেইৰ মনোনয়ন
ধৰ্মীয় নেতাৰ নিৰ্বাচন আৰম্ভ! কাৰ দখললৈ যাব ইৰাণ?
barasha-misra
Barasha Misra | Published: 22 Jun 2025 18:04 PM

মৃত্যুৰ আগজাননী পালে নেকি খামেনেই? নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি খামেনেই নিজৰ বাংকাৰৰ পৰা তিনিজন সম্ভাৱ্য উত্তৰাধিকাৰীক বাছি লৈছে। যদি তেওঁৰ মৃত্যু হয় তেন্তে ইয়াৰে এজন হ’ব ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ ধৰ্মগুৰু।

১৯৭৯ চনত ইৰাণত ইছলামিক বিপ্লৱ সংঘটিত হয়। ইয়াৰ ঠিক দহ বছৰৰ পিছত ১৯৮৯ চনত আয়াতুল্লাহ আলী খামেনেই দেশখনৰ সৰ্বোচ্চ ধৰ্মীয় নেতাৰ দায়িত্ব গ্ৰহণ কৰে। তেতিয়াৰ পৰাই তেওঁ দেশত শাসন কৰি আহিছে। কিন্তু ইমান বছৰৰ পাছত হঠাতে কি বিপদ আহি পৰিছে? ইজৰাইলৰ আক্ৰমণত ভয় খাইছে নেকি ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুজনে? তেওঁ ভাবিছে নেকি শেষ পৰিণতি ছাদ্দাম হুছেইনৰ দৰেই হ’ব!

শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে খামেনেক হত্যা কৰাৰ ভাবুকি দিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে, ইৰাণৰ ধৰ্মীয় নেতা ছাদ্দাম হুছেইনৰ দৰেই শেষ হ’ব খামেনেইৰ। তেতিয়াৰ পৰাই খামেনেই নিজৰ জীৱন ৰক্ষাৰ বাবে বাংকাৰত আত্মগোপন কৰি আছে।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি খামেনেই উত্তৰাধিকাৰী বাছনি কৰিছে। সেই নামসমূহৰ ভিতৰত প্ৰথমজন হৈছে মোজতাবা খামেনেই। তেওঁ খামেনেইৰ দ্বিতীয় পুত্ৰ আৰু ভৱিষ্যতৰ সম্ভাৱ্য সৰ্বোচ্চ ধৰ্মগুৰু। খামেনেইৰ পুত্ৰৰ বাহিৰে এই তালিকাত থকা আন দুটি নামৰ প্ৰকাশ কৰা নাই মাৰ্কিন কাকতখনে।

অৱশ্যে সূত্ৰৰ অনুসৰি, এই তালিকাত দ্বিতীয় স্থানত আছে আলিৰেজা আৰাফি। বৰ্তমান তেওঁ খামেনেইৰ ঘনিষ্ঠ বন্ধু আৰু বিশ্বাসযোগ্য প্ৰাৰ্থী। যদি বয়সৰ বাবে খামেনেইৰ পুত্ৰক বাদ দিয়া হয় তেন্তে তেওঁৰ নাম আহিব পাৰে। তৃতীয় স্থানত আছে আন এজন খামেনেইৰ ঘনিষ্ঠ হাচেম হোছেইনী বুছেৰী। বৰ্তমান তেওঁ ইৰাণত প্ৰশাসনিক পদত অধিষ্ঠিত।