শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাহনলৈ দলিয়াইছে বোকা, বটল, শিল… গোৱালপাৰাত উচ্ছেদিতৰ ৰোষত ৰকিবুল হুছেইন

দেওবাৰে গোৱালপাৰাৰ হাচিলা বিল অঞ্চলত চলি থকা উচ্ছেদস্থলী ভ্ৰমণৰ সময়ত স্থানীয় লোকৰ ক্ষোভৰ সন্মুখীন হয় কংগ্ৰেছৰ সাংসদগৰাকী । পৰিস্থিতি তেতিয়া অধিক বেয়া  হৈ পৰে যেতিয়া হুছেইনৰ কনভয় ঘেৰি ধৰি বোকা আৰু বটল নিক্ষেপ কৰি উচ্ছেদস্থলীত উপস্থিত হোৱাত বাধা প্ৰদান কৰে। যাৰ বাবে সাংসদগৰাকীৰ দলটোৱে দ্ৰুতগতিত নিজৰ বাহনলৈ পিছুৱাই অঞ্চলটো এৰি যাবলৈ বাধ্য হয়।

বাহনলৈ দলিয়াইছে বোকা, বটল, শিল… গোৱালপাৰাত উচ্ছেদিতৰ ৰোষত ৰকিবুল হুছেইন
গোৱালপাৰাত উচ্ছেদিতৰ ৰোষত ৰকিবুল হুছেইন
trishna-kalita
Trishna Kalita | Updated On: 22 Jun 2025 18:06 PM

খবৰ ল’বলৈ গৈ গোৱালপাৰাৰ উচ্ছেদিতৰ ৰোষত পৰিল সাংসদ ৰকিবুল হুছেইন। ক্ষোভ ইমানেই আছিল যে ৰকিবুল হুছেইনক বাহনৰ পৰা নামিবই নিদিলে উচ্ছেদিতই। সাংসদজনৰ বাহনলৈ বোকা আৰু বটল, শিল নিক্ষেপ উচ্ছেদিত ৰাইজৰ। উচ্ছেদস্থলীত সাহায্য প্ৰদানৰ বাবে গৈছিল সাংসদজন।

দেওবাৰে গোৱালপাৰাৰ হাচিলা বিল অঞ্চলত চলি থকা উচ্ছেদস্থলী ভ্ৰমণৰ সময়ত স্থানীয় লোকৰ ক্ষোভৰ সন্মুখীন হয় কংগ্ৰেছৰ সাংসদগৰাকী । পৰিস্থিতি তেতিয়া অধিক বেয়া  হৈ পৰে যেতিয়া হুছেইনৰ কনভয় ঘেৰি ধৰি বোকা আৰু বটল নিক্ষেপ কৰি উচ্ছেদস্থলীত উপস্থিত হোৱাত বাধা প্ৰদান কৰে। যাৰ বাবে সাংসদগৰাকীৰ দলটোৱে দ্ৰুতগতিত নিজৰ বাহনলৈ পিছুৱাই অঞ্চলটো এৰি যাবলৈ বাধ্য হয়।

বিগত সোমবাৰৰ পৰাই আৰম্ভ হৈছিল এই উচ্ছেদ অভিযান  । চৰকাৰী ভূমিৰ অবৈধভাৱে দখল কৰাৰ অভিযোগত সেই স্থানৰ পৰা পৰিয়ালসমূহক উচ্ছেদ কৰিছিল প্ৰশাসনে । চৰকাৰী প্ৰতিবেদন অনুসৰি, ডাগ নম্বৰ ১০২ আৰু ৪৩১ৰ অধীনত চিনাক্ত কৰা ১৫৫৫ বিঘা মাটিৰ প্ৰায় ৪৫% মাটিত ৬৬৭ টা পৰিয়ালে অবৈধভাৱে বাস কৰি আহিছিল। ইয়াৰ পিছতে জিলা প্ৰশাসনৰ নেতৃত্বত চলোৱা ধাৰাবাহিক উচ্ছেদ অভিযানৰ ফলত প্ৰভাৱিত হোৱা স্থানীয় বাসিন্দাসকলৰ উতলি থকা ক্ষোভৰ প্ৰতিফলন ঘটিছিল ৰকিবুল হুছেইনৰ ওপৰত।

উপস্থিত ৰাইজে কয়, “আমি কষ্ট পাই থাকোঁতে তেওঁ নিৰুদ্দেশ হৈ আছিল। এতিয়া কিয় ইয়ালৈ আহিছে? আমাক ভিক্ষাৰী বুলি ভাবে নেকি?” আন এজন উত্তেজিত লোকে কয়,  “আমাক এনে এজন সাংসদৰ প্ৰয়োজন নাই, আমি আমাৰ সংকটৰ সময়ত অকলে থিয় দিছিলো।”

ইয়াৰ পিছতে এই ঘটনাই অঞ্চলটোত ৰাজনৈতিক বিতৰ্কৰ নতুন ঢৌৰ সৃষ্টি কৰিছে। ইফালে সাংসদগৰাকীৰ ভ্ৰমণৰ সময় আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে সক্ৰিয় সমৰ্থনৰ অভাৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে সমালোচকসকলে । এই সন্দৰ্ভত এতিয়াও প্ৰশাসনে কোনো মন্তব্য কৰা নাই যদিও উচ্ছেদস্থলীৰ আশে-পাশে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি জানিব পৰা গৈছে।

বিষয়াসকলে জনোৱা মতে, গোৱালপাৰা জিলাৰ হাচিলা বিল গাঁৱৰ পৰা ৬৬৭টা পৰিয়ালক উচ্ছেদ কৰাৰ বিপৰীতে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ পৰা আন ২৯টা পৰিয়ালক উচ্ছেদ কৰা হয়। ইফালে হাছিলা বিলত উচ্ছেদ অভিযানে স্থানচ্যুত লোকসকলৰ পুনৰ্বাসন, স্বচ্ছতা আৰু ন্যায্য ব্যৱহাৰৰ দাবী তীব্ৰতৰ হৈ পৰিছে।