মহানগৰীৰ গেষ্ট হাউছত দুটাকৈ মৃতদেহ উদ্ধাৰ! প্ৰথমে কিশোৰক হত্যা, তাৰ পিছত…
তথ্য অনুসৰি ৫ ছেপ্টেম্বৰত গেষ্ট হাউছৰ কোঠাটো বুক কৰিছিল। চিকিৎসাতৰ বাবে গুৱাহাটীলৈ অহাৰ কথা জনাই কোঠাটো বুক কৰিছিল মকিবুৰে। তাৰ পিছত নিশা ২ বজাত আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় মৃতদেহ দুটা।

মহানগৰীৰ মাজমজিয়া সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। গেষ্ট হাউছত উদ্ধাৰ হৈছে দুটাকৈ মৃতদেহ। গেষ্ট হাউছৰ কোঠাত উদ্ধাৰ কিশোৰসহ এজন যুৱকৰ মৃতদেহ। মহানগৰীৰ বৰবাৰীত সংঘটিত হৈছে এই ঘটনা। মৃতদেহ উদ্ধাৰ কৰা যুৱকৰ নাম মকিবুৰ হুছেইনৰ বুলি চিনাক্ত কৰা হৈছে । লগতে একেটা কোঠাতে উদ্ধাৰ হৈছে আন এগৰাকী কিশোৰৰ মৃতদেহ। এই ঘটনাক লৈ সমগ্ৰ মহানগৰীতে চাঞ্চল্যই বিৰাজ কৰিছে।
জানিব পৰা মতে বৰবাৰীৰ TOOSONJ GUEST HOUSEত উদ্ধাৰ হৈছে মৃতদেহ দুটা। চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা যুৱজনক ৩৫ বছৰীয়া মকিবুৰ হুছেইন বুলি চিনাক্ত। ইফালে কিশোৰজনক মকিবুৰ ৰহমান নামৰ যুৱকে চানমাৰীৰ পৰা অপহৰণ কৰাৰ অভিযোগ। জানিব পৰা মতে শনিবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছিল কিশোৰটি। চানমাৰি থানাত কিশোৰজনৰ নিৰুদ্দেশৰ গোচৰ ৰুজু হৈছিল। কিশোৰজনৰ পৰিয়ালে চান্দমাৰী থানাত দাখিল কৰিছিল এজাহাৰ।
তাৰ পিছতে কিশোৰটিৰ সন্ধানত নামি পৰে আৰক্ষী। বৰবাৰীৰ ল’জটোত কিশোৰজনৰ লোকেশ্যন ধৰা পৰে। ল’জটোত আৰক্ষী উপস্থিত হৈ প্ৰত্যক্ষ কৰে দুয়োটা মৃতদেহ। জানিব পৰা মতে ৰক্তাক্ত অৱস্থাত পৰি আছিল কিশোৰজনৰ মৃতদেহটো। কিশোৰজনক হত্যা কৰি মকিবুৰে আত্মহত্যা কৰাৰ সন্দেহ। আৰক্ষীৰ প্রাথমিক অনুসন্ধানত প্রকাশ পাইছে এই তথ্য। প্রেমজনিত কাৰণতে এনে ঘটনা হোৱাৰ সন্দেহ আৰক্ষীৰ।
তথ্য অনুসৰি ৫ ছেপ্টেম্বৰত গেষ্ট হাউছৰ কোঠাটো বুক কৰিছিল। চিকিৎসাতৰ বাবে গুৱাহাটীলৈ অহাৰ কথা জনাই কোঠাটো বুক কৰিছিল মকিবুৰে। তাৰ পিছত নিশা ২ বজাত আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় মৃতদেহ দুটা। বৰ্তমান তন্নতন্নকৈ গেষ্ট হাউছৰ ভিতৰভাগত পৰীক্ষা চলাইছে ফৰেনচিকৰ দলে। তথ্য অনুসন্ধানৰ বাবে স্নীফাৰ ডগৰো সহায় লৈছে আৰক্ষীয়ে।
জানিব পৰা মতে, নুনমাটি নেপালী চক স্থিত ইণ্ডিয়ান পাব্লিক স্কুলত দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল কিশোৰটিয়ে। প্রেমজনিত কাৰণতে এনে ঘটনা হোৱাৰ সন্দেহ আৰক্ষীৰ। উবেৰ চালক আছিল মজিবুৰ ৰহমান। ৬ ছেপ্তেম্বৰত ঘৰৰ ওচৰৰ পৰা নতুন থাৰ লৈছো বুলি ফুৰাবলৈ আনিছিল কিশোৰটিক। তাৰ পিছতে পৰিয়ালৰ লোকে চানমাৰী থানাত অপহৰণৰ এজাহাৰ দাখিল কৰিছিল।
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি DCP অমিতাভ বসুমতাৰীয়ে কয়, “আমি সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছো ৫ ছেপ্টেম্বৰ Toosonj Guest houseলৈ আহিছিল মকিবুৰ ৰহমান। ৬ ছেপ্টেম্বৰ গেষ্ট হাউছতলৈ আহিছিল কিশোৰগৰাকী। প্ৰাথমিক তদন্তত আমি সন্দেহ কৰিছোঁ মজিবুৰ ৰহমানে কিশোৰজনক হত্যা কৰিছে। তাৰ পিছত আত্মহত্যা কৰিছে মজিবুৰ ৰহমানে।”