পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
Morning Headline: প্ৰতিদিনে বিশ্বই বিভিন্ন ঘটনা পৰিঘটনাৰ সাক্ষী হয়। কিন্তু প্ৰতিটো দিশৰ বিষয়ে খবৰ ৰখা সহজ নহয়। এনে পৰিস্থিতিত এই লেখাটোত কিছুমান গুৰুত্বপূৰ্ণ বাতৰিৰ উল্লেখ কৰা হৈছ।

বাতৰি
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ১৪ খন জিলাত অনুষ্ঠিত হ’ব নিৰ্বাচন।
- জিলা কেইখন- তিনিচুকীয়া, ডিব্ৰুগড়,চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলা।
- পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১৪ খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা। ১৮৮১ ৰ এন আই আইন অনুসৰি বন্ধ ঘোষণা। ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি সাধাৰণ প্ৰশাসন বিভাগৰ।
- প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি ল’ব ZPC ৰ ২১৬ খন আসন। ১৪ খন জিলাত AP ৰ মুঠ আসনৰ সংখ্যা ১,১৩৮ খন। নিৰ্বাচনৰ বাবে সাজু ১২,৯১৬ টা ভোটকেন্দ্ৰ। পুৰুষ ভোটাৰ ৪৪,৬৬,৯৮৪ জন, মহিলা ভোটাৰ ৪৪,৯৩,৪২৯ আৰু তৃতীয় লিংগৰ ভোটাৰ ১৬৪ গৰাকী।
- পঞ্চায়ত নিৰ্বাচনত নিয়োজিত ৪ প্ৰিজাইডিং বিষয়াক নিলম্বন। বেলট হেৰুৱাই হাইলাকান্দিত নিলম্বিত ৪ গৰাকী শিক্ষক ক্ৰমে- চিৰঞ্জীৱ সিংহ, নাছিৰ উদ্দিন লস্কৰ, শ্বৰীফ উদ্দিন মাজাৰভূঞা আৰু আহমেদ আলী লস্কৰ।
- আজি খোল খাব কেদাৰনাথ মন্দিৰৰ দুৱাৰ। ইয়াৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে মন্দিৰটো। এতিয়াৰ পৰা ভক্তই দৰ্শন কৰিব পাৰিব কেদাৰনাথ মন্দিৰ।
- ভাৰতীয় সেনাত ডাঙৰ পৰিবৰ্তন। এয়াৰ মাৰ্শ্বাল নাগেশ কাপুৰে (পিভিএছএম, এভিএছএম, ভিএম) দক্ষিণ পশ্চিম এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ (এঅ’চি-ইন-চি) হিচাপে দায়িত্ব গ্ৰহণ কৰে। গান্ধীনগৰৰ SWAC মুখ্য কাৰ্যালয়ত তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।
- পাকিস্তানৰ সৈতে চলি থকা উত্তেজনাৰ মাজতে শুকুৰবাৰে শক্তি প্ৰদৰ্শন কৰিব ভাৰতীয় বায়ু সেনাই। আজি ভাৰতীয় বায়ুসেনাই উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত নিৰ্মাণৰত গংগা এক্সপ্ৰেছৱেত পৰীক্ষা কৰিব। এক বিবৃতি অনুসৰি এই এক্সপ্ৰেছৱেত নিৰ্মিত ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাণৱেত উৰণ আৰু অৱতৰণ কৰিব বায়ুসেনাৰ যুদ্ধ বিমান আৰু মালবাহী বিমান।
- ভাৰত পাকিস্তানৰ মাজত চাঞ্চল্য অব্যাহত থকাৰ মাজতে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ প্ৰতিৰক্ষা সুৰক্ষা সহযোগিতা সংস্থাই (DSCA) ভাৰতক ১৩১ মিলিয়ন ডলাৰ (প্ৰায় ১১০০ কোটি ) মূল্যৰ সামৰিক হাৰ্ডৱেৰ আৰু লজিষ্টিক সঁজুলি বিক্ৰীৰ বাবে অনুমোদন জনাইছে।
অন্য খবৰ পঢ়কঃ ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন, অসমত এই পৰ্যন্ত গ্ৰেপ্তাৰ ৩৬ জন…