শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পঞ্চায়ত নিৰ্বাচনৰ পৰা বিশাল-তাৰ্কিকৰ জামিনলৈ, চাওক দিনটোৰ চৰ্চিত খবৰ

পঞ্চায়ত নিৰ্বাচনৰ পৰা বিশাল-তাৰ্কিকৰ জামিনলৈ, চাওক দিনটোৰ চৰ্চিত খবৰ

monjit-dutta
Monjit Dutta | Published: 01 May 2025 23:47 PM

কালিলৈ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। উজনি অসম আৰু উত্তৰ অসমত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইতিমধ্যে ভোটগ্ৰহণৰ বাবে ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে প'লিং আৰু প্ৰিজাইডিং বিষয়াসকল। উল্লেখ্য যে এই নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া বেলটৰ দ্বাৰা হ'ব।

কালিলৈ অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। উজনি অসম আৰু উত্তৰ অসমত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইতিমধ্যে ভোটগ্ৰহণৰ বাবে ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে প’লিং আৰু প্ৰিজাইডিং বিষয়াসকল। উল্লেখ্য যে এই নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া বেলটৰ দ্বাৰা হ’ব। ইফালে নিৰ্বাচনৰ প্ৰচাৰৰ সময়সীমা শেষ হোৱাৰ পাছতো নিৰ্বাচনী নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে। তিনিচুকীয়াৰ বৰহাপজান পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ ক্ষুব্ধ বাসিন্দাসকলে বিধায়ক সুৰেন ফুকনক খেদি পঠিওৱা বুলিও খবৰ পোহৰলৈ আহিছে।

ৰাজ্য জোকাৰি জোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰিছে দুই অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাই। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰুজু হোৱা এক গোচৰত দুয়োকে জামিন প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে।

চাওঁ আহক আজি দিনটোৰ আন কেইটামান চৰ্চিত খবৰ….