শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সৰু সৰু কথাতে আপোনাৰ প্ৰচণ্ড খং উঠে নেকি? জানি লওক কেনেকৈ নিয়ন্ত্ৰণ কৰিব…

খং মানুহৰ সকলোতকৈ ডাঙৰ শত্ৰু। ইয়াৰ পিছতো মানুহৰ খং উঠে আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হয়। আজি জানক খং নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব আপুনি।

সৰু সৰু কথাতে আপোনাৰ প্ৰচণ্ড খং উঠে নেকি? জানি লওক কেনেকৈ নিয়ন্ত্ৰণ কৰিব…
খং নিয়ন্ত্ৰণৰ উপায় জানো আহক
barasha-misra
Barasha Misra | Published: 02 May 2025 17:01 PM

খং নামেই চণ্ডাল! কেতিয়াবা বিশেষ কাৰণত সকলোৰে খং উঠে। এয়া হৈছে স্বাভাৱিক আৱেগিক প্ৰতিক্ৰিয়া। কিন্তু আজিকালি প্ৰায় সংখ্যক লোকৰে অতি সোনকালে খং উঠে। খঙত দিক্-বিদিক হেৰুৱাই পেলাই একাংশই। ক্ৰোধ বা খং মানৱ জীৱনৰ এনে এটা নেতিবাচক ভাব যিটো আমাৰ জীৱনত যিকোনো মুহূৰ্ততে বা পৰিস্থিতিতে প্ৰকট হ’ব পাৰে । খঙৰ ভমকত সেই মুহূৰ্তত যিকোনো কথা ক’বলৈ অকণো সংকোচ নকৰে তথা খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি ঘৰখনৰ নানা বস্তু-বাহানি দলিয়াই মনৰ ক্ষোভ প্ৰকাশ কৰে। কিছুমানে খঙতে সন্মুখত থকা ব্যক্তিজনক এনে কিছুমান কথা কৈ দিয়ে, যাৰ ফলত পিছত অনুশোচনা কৰিবলগীয়া হয়।

যদিহে আপোনাৰো কোনো কথাত অতি সোনকালে খং উঠে তেন্তে আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। ই আপোনাৰ স্বাস্থ্যৰ বাবেও হানি কাৰক। আজি জানো আহক খং কেনেকৈ সহজে নিয়ন্ত্ৰণ কৰিব…

  • যদি কোনো কথাত প্ৰচণ্ড খং উঠে তেতিয়া তিনিবাৰ দীঘলকৈ উশাহ ল’বলৈ চেষ্টা কৰক। এই উপায়ে আপোনাৰ মনটো শান্ত কৰিব।
  • খং উঠাৰ সময়ত নিজকে বুজাবলৈ চেষ্টা কৰিব। কিছু সময় মনে মনে থাকি বা মুকলিকৈ ওলাই আহিলেও খং কমি যায়।
  • যদি আপোনাৰ প্ৰচণ্ড খং উঠিছে, তেন্তে আপুনি গান শুনিব পাৰে। মিউজিক থেৰাপিৰ আশ্ৰয় ল’লে আপোনাক প্ৰশান্তি দিব ।
  • শাৰীৰিক কাৰ্যকলাপে আপোনাক প্ৰতিটো মানসিক চাপৰ পৰা সকাহ দিব পাৰে। একেদৰে খং নিয়ন্ত্ৰণৰ বাবেও ই এক উত্তম বিকল্প।
  • খং শান্ত কৰিবলৈ আপুনি ষ্ট্ৰেছ বলৰ সহায় ল’ব পাৰে।
  • যদি আপোনাৰ সৰু কথাতে প্ৰায়ে খং কৰে, তেন্তে আপোনাক ভাল আৰু গভীৰ টোপনিৰ প্ৰয়োজন।
  • যদি আাপুনি সকলো কৰিও খং কমাব পৰা নাই, তেন্তে কোনো মানসিক চিকিৎসকৰ সহায় ল’ব পাৰে।