TV9 ASSAM
তেজৰ কৰ্কট ৰোগ এক গুৰুতৰ ৰোগ। এই ৰোগৰ ফলত শৰীৰত তেজ উৎপন্ন কৰা বোন মেৰো প্ৰভাৱিত হয়। এনে পৰিস্থিতি অস্বাভাৱিকভাৱে তেজৰ কোষ বৃদ্ধি পাই আৰু সুস্থ কোষ নষ্ট কৰি পেলায়।
শৰীৰত তেজৰ কৰ্কট ৰোগ হোৱাৰ সময়ত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াত বিশেষ কিছু লক্ষণৰ বিষয়ে উল্লেখ কৰা হ'ব যদিও অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।
এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰা। পৰিশ্ৰম নকৰাকৈ যদি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
তেজৰ কৰ্কট ৰোগৰ ফলত শৰীৰৰ ইমিউনিটি প্ৰভাৱিত হয়। যাৰ ফলত বাৰে বাৰে জ্বৰ হব পাৰে। লগতে ডিঙিত সংক্ৰমণ, ছালক সংক্ৰমণ, ঘাঁ আদি হ'ব পাৰে।
ডিঙি ফুলা, কান্ধ বা উৰু আদিত ফুলিব পাৰে বা এনেকুৱা অনুভৱ কৰিব পাৰে। বেছিভাগে বিষ অনুভৱ কৰে। শৰীৰত কৰ্কট বিয়পি পৰাৰ ই লক্ষণ হ'ব পাৰে। এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
তেজৰ কৰ্কট ৰোগৰ ফলত প্লেটলেটছৰ সংখ্যা কম হৈ যায়। যাৰ ফলত ছালত নীলা বা ৰঙা দাগ পৰে। ইয়াৰোপৰি সাধাৰণ আঘাত পালেও অধিত তেজ ওলাব পাৰে।
যদি এনে লক্ষণে দেখা দিছে তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ। ইয়াৰোপৰি তেজ পৰীক্ষা, বোন মেৰো বায়োপ্চি, ইমেজিংগ পৰীক্ষাৰ জৰিয়তে এই ৰোগ চিনাক্ত কৰিব পাৰি।
পঢ়িবলৈ ক্লিক কৰক