শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Duliajan Oil Incident Update: দুলীয়াজানৰ তৈলখাদত অঘটন, ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলবাসী

কিছুদিন পূৰ্বে একেটা তৈল খাদতে অহৰহ গেছ নিৰ্গত হৈ ভয়াবহ ৰূপ ধাৰণ কৰিছিল। মুহূৰ্তৰ ভিতৰতে হোৱা প্ৰচণ্ড শব্দ‌ই চৌদিশে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।

Duliajan Oil Incident Update: দুলীয়াজানৰ তৈলখাদত অঘটন, ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলবাসী
দুলীয়াজানৰ তৈলখাদত অঘটন
barasha-misra
Barasha Misra | Published: 02 May 2025 11:53 AM

দুলীয়াজান নগাজানৰ অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত অঘটন। বৃহস্পতিবাৰে অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদৰ পৰা ভয়াৱহ গতিত গেছ নিৰ্গমন হয় । অৱশেষত প্ৰায় ১০ ঘন্টাৰ প্ৰচেষ্টাৰ অন্তত নিশা তেল আৰু গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয় অইল ইণ্ডিয়া লিমিটেডে ।

কিছুদিন পূৰ্বে একেটা তৈল খাদতে অহৰহ গেছ নিৰ্গত হৈ ভয়াবহ ৰূপ ধাৰণ কৰিছিল। বৃহস্পতিবাৰে গেছ নিৰ্গমন স্থানত দুলীয়াজানৰ পৰা অইলৰ কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈছিল। তৈলখাদটোৰ X Mass Tree পৰা অহৰহ গতিত নিৰ্গত হৈ গেছ। মুহূৰ্তৰ ভিতৰতে হোৱা প্ৰচণ্ড শব্দ‌ই চৌদিশে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখ্য যে, এই ঘটনাৰ পিছতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছিল । বিশেষকৈ স্থানীয় ৰাইজক জুই জ্বলোৱা নিষিদ্ধ কৰাৰ লগতে বিদ্যুৎ সেৱা বন্ধ কৰা হৈছিল । ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ ৭ খনৰ লগতে অসম গেছ কোম্পানী, নীপকো, ডি এন পি এল,বি চি পি এল কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে চেষ্টা অব্যাহত ৰাখে । অৱশেষত প্ৰায় ১০ ঘন্টাৰ প্ৰচেষ্টাৰ অন্তত পুৱতি নিশা প্ৰায় ২ঃ৩০ বজাত তেল আৰু গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয় অইল ইণ্ডিয়া লিমিটেডে। অৱশ্যে স্থানীয় ৰাইজৰ মাজত এতিয়াও আতংকময় পৰিৱেশে বিৰাজ কৰিছে । কেনেকৈ আৰু কি কাৰণত উক্ত ঘটনাটো সংঘটিত হৈছিল, সেই কথা বৰ্তমানলৈ সদৰী কৰা নাই অইল কতৃপক্ষই।