শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আৱদ্ধ নাগৰিকক ৱাঘা সীমান্তৰে উভতি যাবলৈ অনুমতি দিব পাকিস্তানে…

ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা সময়সীমা উকলি যোৱাৰ পিছত বৃহস্পতিবাৰে আটাৰী সীমান্তত প্ৰায় ৭০ জন পাকিস্তানী নাগৰিক আবদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে। এই সন্দৰ্ভত কি ক'লে পাকিস্তানে ?

আৱদ্ধ নাগৰিকক ৱাঘা সীমান্তৰে উভতি যাবলৈ অনুমতি দিব পাকিস্তানে…
সীমান্তImage Credit source: PTI
manas-borah
Manas Borah | Published: 02 May 2025 16:43 PM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰিছে । এই আক্ৰমণৰ পৰা পাকিস্তানে নিজকে আঁতৰাই ৰখাৰ সময়তে তদন্তত প্ৰকাশ পাইছে যে,সমগ্ৰ পৰিকল্পনা পাকিস্তানত কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে বহু ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সিদ্ধান্ত হ’ল সকলো পাকিস্তানীক ভাৰত এৰি যোৱাৰ নিৰ্দেশ দিছে ভাৰতে ।

এই নিৰ্দেশ জাৰি কৰাৰ পিছত এতিয়ালৈকে শ শ পাকিস্তানী নিজৰ দেশলৈ উভতি গৈছে। আনহাতে, বৃহস্পতিবাৰে ভাৰতৰ অমৃতসৰ আৰু পাকিস্তানৰ লাহোৰৰ সমীপৰ আটৰী-ৱাঘা সীমান্ত বন্ধ কৰি দিয়া হয়। ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা সময়সীমা উকলি যোৱাৰ পিছত বৃহস্পতিবাৰে আটাৰী সীমান্তত প্ৰায় ৭০ জন পাকিস্তানী নাগৰিক আবদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি স্বীকাৰ কৰে যে, ভাৰতৰ আটাৰী সীমান্তত শিশুকে ধৰি পাকিস্তানী নাগৰিক আবদ্ধ হৈ থকাৰ খবৰ আহিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে, সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ বিষয়ে আমি অৱগত হৈছো য’ত উল্লেখ আছে যে একাংশ পাকিস্তানী নাগৰিক আটাৰীত আবদ্ধ হৈ আছে। যদি ভাৰতীয় কৰ্তৃপক্ষই আমাৰ নাগৰিকক তেওঁলোকৰ সীমা অতিক্ৰম কৰিবলৈ অনুমতি দিয়ে তেন্তে আমি তেওঁলোকক গ্ৰহণ কৰিবলৈ সাজু।

মুখপাত্ৰগৰাকীয়ে কয় যে, ঘূৰি আহিব বিচৰা পাকিস্তানী নাগৰিকসকলৰ বাবে ভৱিষ্যতে ৱাঘা সীমান্ত মুকলি থাকিব। এই সময়ছোৱাত বিশেষ কথাটো হ’ল-পাকিস্তানী পাছপ’ৰ্টধাৰীকহে অনুমতি দিয়া হৈছে। পাছপ’ৰ্ট নথকা সকলক উভতাই লোৱা নাই পাকিস্তানে।

ভাৰতে পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰা সিদ্ধান্তক সমালোচনা কৰিছে পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। মুখপাত্ৰগৰাকীয়ে কয় যে, ভাৰতে পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰাৰ সিদ্ধান্তই গুৰুতৰ মানৱীয় প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে, ইয়াৰ ফলত বহু লোকে চিকিৎসা লাভৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও বহু লোকে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।