ভাৰতত বাস কৰা ৬ জন পাকিস্তানীৰ বিতাৰণত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ, কিয় এই সিদ্ধান্ত?
বেংগালুৰুৰ এজন ব্যক্তিয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে তেওঁক পাকিস্তানলৈ প্ৰেৰণৰ নিৰ্দেশ সাময়িকভাৱে স্থগিত ৰাখিছে । আবেদনকাৰী আৰু তেওঁৰ পৰিয়ালৰ সদস্যই ভাৰতীয় নাগৰিকত্ব দাবী কৰি ভাৰতীয় নথি দাখিল কৰিছে । আদালতে বিষয়াসকলক নাগৰিকত্ব পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে ।

পগলগাম আক্ৰমণৰ পাছতেই ভাৰতত বাস কৰা পাকিস্তানী নাগৰিকক দেশ এৰিবলৈ কোৱা হৈছিল । ইতিমধ্যে বিতাড়ণ প্ৰক্ৰিয়া চলি আছে । বেংগালুৰুৰ এজন ব্যক্তিৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে তেওঁক আৰু তেওঁৰ পৰিয়ালৰ সদস্যক পাকিস্তানলৈ বিতাৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে । এই আটাইকেইজন সদস্যই দাবী কৰে যে তেওঁলোক ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ হাতত ভাৰতীয় পাছপ’ৰ্ট আৰু আধাৰ কাৰ্ড আছে । অধিবক্তা আৰু আবেদনকাৰীৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত বিচাৰপীঠে চৰকাৰী কৰ্তৃপক্ষক পৰিয়ালৰ সদস্যসকলৰ ভাৰতীয় নাগৰিকত্বৰ বৈধতা সম্পৰ্কীয় নথি-পত্ৰৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।
চৰকাৰী কৰ্তৃপক্ষই উপযুক্ত সিদ্ধান্ত নোলোৱালৈকে পৰিয়ালটোৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি আদালতে নিৰ্দেশ দিয়ে । চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্ট হ’লে জম্মু, কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰাৰ স্বাধীনতা বিচাৰপীঠে প্ৰদান কৰে ।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কি ক’লে?
উচ্চতম ন্যায়ালয়ে নিজৰ আদেশত কয়, “বৰ্তমানৰ আবেদনখনত ২ আৰু ৩ নং আবেদনকাৰী স্বামী-স্ত্ৰী । আবেদনকাৰী ১, ৪, ৫ আৰু ৬ তেওঁলোকৰ সন্তান । বৰ্তমান তেওঁলোক শ্ৰীনগৰৰ বাসিন্দা । চৰকাৰী নিৰ্দেশনা অনুসৰি সংৰক্ষিত ভিছাৰ বাহিৰে আন ভিছা বাতিল কৰা হৈছে, সেয়েহে আবেদনকাৰীসকলক বিতাড়নৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । একাংশ লোকক বিতাড়নৰ বাবে আটক কৰি ৰখা হৈছে । আবেদনকাৰীসকলে তেওঁলোকৰ পক্ষত জাৰি কৰা চৰকাৰী নথি-পত্ৰৰ উদ্ধৃতি দি তেওঁলোক ভাৰতীয় নাগৰিক বুলি দাবী কৰিছে । সেইবাবেই বাস্তৱিক দাখিলসমূহৰ পৰীক্ষণৰ প্ৰয়োজন হয়, আমি এই নথিপত্ৰসমূহ আৰু তেওঁলোকৰ দৃষ্টিগোচৰ হ’ব পৰা আন কোনো তথ্যসমূহ পৰীক্ষা কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দি আবেদনখনৰ মূল কথাৰ ওপৰত একো নক’লেও আবেদনখন নিষ্পত্তি কৰিছোঁ ।”
এই বিষয়ত অতি সোনকালে সিদ্ধান্ত লোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ে কয় । “আমি কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাই । এই গোচৰৰ নিৰ্দিষ্ট তথ্য বিবেচনা কৰি উপযুক্ত সিদ্ধান্ত নোলোৱালৈকে কৰ্তৃপক্ষই আবেদনকাৰীৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নালাগে । যদিহে আবেদনকাৰী চূড়ান্ত সিদ্ধান্তত অসন্তুষ্ট হয় তেন্তে তেওঁ জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব পাৰে । এই আদেশক নজিৰ হিচাপে গণ্য কৰা নহ’ব কাৰণ ই এই গোচৰৰ নিৰ্দিষ্ট তথ্য আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ।”
আদালতত কি কি যুক্তি দিয়া হ’ল?
উচ্চতম ন্যায়ালয়ত অধিবক্তা নন্দ কিশোৰে কয় যে ৬জন আবেদনকাৰী আছে । প্ৰথমজন ব্যক্তিয়ে বেংগালুৰুত কাম কৰে, বাকী পৰিয়ালটো শ্ৰীনগৰত থাকে । তেওঁলোক সকলোৰে বৈধ পাছপ’ৰ্ট, আধাৰ, ভোটাৰ আইডি কাৰ্ড, পেন কাৰ্ড আছে । ন্যায়াধীশ সূৰ্যকান্তই প্ৰশ্ন কৰিছিল যে আবেদনকাৰী কেনেকৈ ভাৰতলৈ আহিল, অধিবক্তাই কয় যে তেওঁ ১৯৮৭ চনত আহিছিল । আবেদনকাৰীয়ে আদালতত কয় যে মোৰ দেউতা পাকিস্তানী পাছপ’ৰ্টত আহিছিল । তেওঁৰ জন্ম হৈছিল মুজাফ্ফৰাবাদত । ভিছাটো সিফালৰ পৰা দিয়া হৈছিল । জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ত তেওঁ নিজৰ পাছপ’ৰ্ট জমা দিছিল ।
ন্যায়াধীশ কাণ্টে কয়, “আপুনি কিয় উচ্চ ন্যায়ালয়লৈ যোৱা নাছিল, ই একমাত্ৰ কৰ্তৃপক্ষ যিয়ে প্ৰকৃত তথ্য বিচাৰি উলিয়াব পাৰে । সকলো বিষয় তাতেই উদ্ভৱ হয় । উচ্চ ন্যায়ালয়েও একাংশ লোকক সকাহ দিছে । হাইকোৰ্টলৈ কিয় নাযায়?” আদালতত চ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাটোৱেই হ’ব সৰ্বোত্তম উপায় । কিন্তু সমগ্ৰ পৰিয়ালটোক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আবেদনকাৰীৰ অধিবক্তাই জানিবলৈ দিয়ে । চ’লিছিটৰ জেনেৰেলে কয় যে এই সিদ্ধান্ত পাঁচজন ন্যায়াধীশৰ সংবিধান বিচাৰপীঠৰ । ভিছাৰ ম্যাদ উকলি গ’লে থাকিব নোৱাৰিব । প্ৰতিপক্ষৰ উকীলে কয়, “কিন্তু মোৰ ক্লায়েণ্ট এজন ভাৰতীয় নাগৰিক ।” উচ্চতম ন্যায়ালয়ে কয় যে মানৱীয় দিশৰ বাহিৰেও কিছুমান বিষয় আছে যিবোৰ নিশ্চিত কৰাটো প্ৰয়োজনীয় । নিশ্চিত নোহোৱালৈকে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নালাগে ।