শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি ৩১ ডিচেম্বৰ, দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ

আজি ৩১ ডিচেম্বৰ ২০২৫। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

আজি ৩১ ডিচেম্বৰ, দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ
manas-borah
Manas Borah | Published: 31 Dec 2025 07:25 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. আজি ৩১ ডিচেম্বৰ, ২০২৫ চনৰ শেষৰটো দিন। ২০২৫ চনক বিদায় দি নতুন বছৰক আদৰিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। ৩১ ডিচেম্বৰ উদযাপনৰ বাবে সাজু হৈছে দেশৰ লগতে ৰাজ্যবাসী।
  2. অসমৰ মুখ্য নিৰ্বাচন আয়ুক্ত অনুৰাগ গোৱেলে সংবাদমেল সম্বোধন কৰি বিশেষ পুনৰীক্ষণৰ পিছত প্ৰস্তুত কৰা অসমৰ বাবে নিৰ্বাচনী তালিকাৰ খচৰা ২০২৫ চনৰ ২৭ ডিচেম্বৰত প্ৰকাশ পোৱা বুলি ঘোষণা কৰে। খচৰা তালিকাত মুঠ ২.৫২ কোটি ভোটাৰ দেখা গৈছে, যিয়ে ২০২৫ চনৰ ৬ জানুৱাৰীত প্ৰকাশ পোৱা চূড়ান্ত নিৰ্বাচনী তালিকাৰ তুলনাত ১.৩৫% নিকা বৃদ্ধিৰ প্ৰতিফলন ঘটায়।
  3. শীতৰ প্ৰকোপৰ বাবে কামৰূপ মহানগৰ জিলাত ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয়। শিক্ষা বিভাগে কাইলৈৰ পৰা অৰ্থাৎ ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বিদ্যালয় বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নির্দেশ জাৰি কৰিছে।
  4. পুনৰ হিন্দু জনসংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনসংখ্যাৰ ধাৰা আৰু জনগাঁথনিগত ভাৰসাম্য সন্দৰ্ভত মন্তব্য কৰি সংখ্যালঘু অঞ্চলত হিন্দু পৰিয়ালসমূহক এটাতকৈ অধিক সন্তান জন্ম দিবলৈ আহ্বান জনায়। জনগাঁথনিগত পৰিৱৰ্তন ৰোধ কৰাৰ লগতে এনে অঞ্চলত সামাজিক ধাৰাবাহিকতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।
  5. অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জেহাদৰ ভয়ংকৰ জাল পেলাইছে বাংলাদেশী মৌলবাদীয়ে। শেহতীয়াকৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জেহাদী চক্ৰৰ সৈতে জড়িত ১১ গৰাকী লোকক। এওঁলোকৰ সৰহভাগেই বৰপেটা জিলাৰ আৰু এজন ত্ৰিপুৰাৰ। ইমাম মাহমুদ কাফিলা নামৰ এটা মডিউলৰ অধীনত জিহাদী গোটত সদস্যভৰ্তি, ধন সংগ্ৰহ আদি বিভিন্ন কামত জড়িত আছিল এইসকল লোক।
  6. মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে বংগ নিৰ্বাচন সন্দৰ্ভত আৰ এছ এছৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। তেওঁ কলকাতাত আৰ এছ এছৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়। এই বৈঠকত সৰ্বভাৰতীয়, আঞ্চলিক, আৰু প্ৰাদেশিক পৰ্যায়ৰ আৰ এছ এছৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ সময়ত পশ্চিম বংগৰ স্থল বাস্তৱতা, নিৰ্বাচনৰ প্ৰস্তুতি, আৰু আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত গভীৰ আলোচনা আৰু কৌশল প্ৰণয়ন কৰা হয়। কলকাতাৰ হোটেল তাজ তাল কুটিৰত তিনি ঘণ্টাৰো অধিক সময় ধৰি চলিছিল এই বৈঠক।