শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Gold Price: ২১,০০০ টকালৈ হ্ৰাস পালে দাম! বজাৰত সোণ-ৰূপৰ মূল্য কিমান?

Gold Price: ২১,০০০ টকালৈ হ্ৰাস পালে দাম! বজাৰত সোণ-ৰূপৰ মূল্য কিমান?

barasha-sarma
Barasha Sarma | Published: 30 Dec 2025 19:59 PM

Gold Price Drop: পুনৰ কমিছে সোণ আৰু ৰূপৰ দাম। সোমবাৰে মাজনিশাৰ পৰা এই দাম হ্ৰাস পোৱা দেখা গৈছে। যিয়ে বিনিয়োগকাৰীসকলক কিছু চিন্তাত পেলাইছে। কিন্তু নতুন বিনিয়োগকাৰীৰ বাবে এই সময় ভাল।

সোণ-ৰূপ (Gold-Silver Price)ৰ মূল্য হ্ৰাস বৃদ্ধি হোৱাতো সাধাৰণ কথা। বিগত সময়চোৱাত যথেষ্ঠ পৰিমাণে সোণ-ৰূপৰ দাম বৃদ্ধি পাইছিল। কিন্তু শেহতীয়াকৈ সোণ-ৰূপৰ মূল্য হোৰাহোৰে কমা পৰিলক্ষিত হৈছে। সোমবাৰে নিশাৰ পৰা হ্ৰাস পাইছে দাম। সোণৰ দাম ৪ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্যও কম হয়। ৰূপৰ মূল্য প্ৰায় ২১,০০০ টকালৈ হ্ৰাস পায়। MCX শেষৰ চেশ্যনত ৰূপৰ মূল্যই ২ লাখ ৫৪ হাজাৰ টকা স্পৰ্শ কৰিছিল। এতিয়া দাম হ্ৰাস পাইছে।

ইয়াৰোপৰি প্লেটিনামৰ দামো হ্ৰাস পাইছে। প্ৰায় ১৪ শতাংশ কম হৈছে দাম। অনুমান কৰা হৈছে যে, ট্ৰাম্পৰ এক ঘোষণাৰ পাছতে এই পৰিবৰ্তন আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে  শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ হোৱাৰ ইংগিত দিছিল।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…