শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মৰিগাঁও আদালত চৌহদত ভয়ংকৰ ঘটনা, দুই পক্ষৰ মাজত সংঘাত আৰু পাছত…

মৰিগাঁও আদালতত ভয়ংকৰ ঘটনা। জানিব পৰা মতে এজন লোকক ছুৰীৰে আক্ৰমণ কৰে আন এটা পক্ষৰ লোকে। ইয়াৰ ফলত হাবিবুৰ ৰহমান নামৰ লোকজন আহত হয়।

মৰিগাঁও আদালত চৌহদত ভয়ংকৰ ঘটনা, দুই পক্ষৰ মাজত সংঘাত আৰু পাছত…
আদালতImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 16 May 2025 14:17 PM

ৰাজ্য়ত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ পাছতে মৰিগাঁৱৰ পৰা পোহৰলৈ আহিছে আন এক ছুৰীকাঘাতৰ ঘটনা। জানিব পৰা মতে,মৰিগাঁও আদালত চৌহদত সংঘটিত হৈছে এই ঘটনা।  ইয়াৰ লগে  লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতজনক হাস্পাতালত ভৰ্তি কৰোৱাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই  ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, কোনো গোচৰক লৈ দুটা পক্ষ আজি পুৱা আদালতলৈ গৈছিল। তেতিয়াই এই দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। ইয়াৰ পৰিণতিত এটা পক্ষৰ লোকে ছুৰীৰে আক্ৰমণ কৰে আনটো পক্ষৰ লোক এজনক। আঘাতৰ লগে লগে মানুহজনৰ শৰীৰৰ পৰা তেজ বিয়পি পৰে। অভিযোগ অনুসৰি এই ঘটনাত গুৰুতৰভাৱে আহত হাবিবুৰ ৰহমানক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

উকিল সন্থাৰ চৌহদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অভিযোগ মতে, উছমান গনি নামৰ এজন লোকে এই আক্ৰমণ সংঘটিত কৰিছে। এই সমগ্ৰ ঘটনাত আব্দুল জলিল নামৰ এজন লোকৰ নামো সাঙোৰ খাই পৰিছে। জানিব পৰা মতে, পাৰিবাৰিক সংঘাতৰ ফলত এই ঘটনা সংঘটিত হয়। প্ৰথম অৱস্থাত দুয়োটা পক্ষৰ মাজত হতাহতি আৰু পাছত এটা পক্ষৰ লোকে আক্ৰমণ কৰে হাবিবুৰ। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, যোৱা কেইটামান দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছুৰীৰে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। যোৱা সোমবাৰে গুৱাহাটীত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। অভিযোগ অনুসৰি ৰাজু আলী নামৰ লোকজনে ছুৰীৰে প্ৰহাৰ কৰিছিল মৃগাংক বৰ্মন নামৰ এজন যুৱকক। তাৰ পাছতে মৃ়গাংকৰ মৃত্যু হৈছিল। বৰ্তমান ঘটনা সন্দৰ্ভত ৰাজু আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰাজু আলীয়ে আৰক্ষীক জনোৱা মতে, মৃন্ময় গৰাকী বিবাহিতা মহিলাৰ লগত হোটেলৰ কোঠাত আছিল সেইগৰাকী মহিলা তেওঁৰ প্ৰেমিকা আছিল। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত চলি আছে।

 

অন্য খবৰ পঢ়কঃ ১০ দিন পূৰ্বে ফেচবুকত হৈছিল চিনাকী, মহিলাগৰাকীয়ে কৰিছিল মেছেজ…মৃগাংক কাণ্ডৰ ন তথ্য পোহৰলৈ…