বিজেপিত ১০ বছৰ সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাৰ, ৰাজনৈতিক কেৰিয়াৰত তেওঁ এৰি অহা সময়ৰ এক অৱলোকন
২০১৫ চনৰ ২৩ আগষ্ট। অসমৰ ৰাজনীতিৰ এটা খবৰে সেইদিনা দেশজুৰি লাভ কৰিছিল ব্যাপক চৰ্চা। অতি প্ৰতাপী মন্ত্ৰী হিচাপে কংগ্ৰেছৰ মন্ত্ৰীসভাত দপদপাই থকা এগৰাকী নেতাই যোগ দিছিল ভাৰতীয় জনতা পাৰ্টীত। তেওঁ হৈছে হিমন্ত বিশ্ব শৰ্মা। বিজেপিত হিমন্ত বিশ্ব শৰ্মাৰ এটা দশক সম্পূৰ্ণ।

হিমন্ত বিশ্ব শৰ্মা, ৰাজনীতিৰ জগতখনৰ এটি সুপৰিচিত নাম। কেৱল অসমৰ ৰাজনীতিতেই নহয়, বৰ্তমান ৰাষ্ট্ৰীয় ৰাজনীতিৰো এগৰাকী প্ৰাসংগিক নেতা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী। ভাৰতীয় জনতা পাৰ্টীত ১০ বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
চন ২০১৫, তাৰিখ ২৩ আগষ্ট। অসমৰ ৰাজনীতিৰ এটা খবৰে সেইদিনা দেশজুৰি লাভ কৰিছিল ব্যাপক চৰ্চা। অতি প্ৰতাপী মন্ত্ৰী হিচাপে কংগ্ৰেছৰ মন্ত্ৰীসভাত দপদপাই থকা এগৰাকী নেতাই যোগ দিছিল ভাৰতীয় জনতা পাৰ্টীত। তেওঁ হৈছে হিমন্ত বিশ্ব শৰ্মা।
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আঙুলিত ধৰি ৰাজনীতিৰ পথাৰত খোজ পেলোৱা নেতাগৰাকী তৰুণ গগৈ চৰকাৰৰ দিনত আছিল বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী। বহুতেই সেই সময়ত বিশ্বাস কৰিছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোঁহাত আছিল হিমন্ত বিশ্ব শৰ্মা। অনেকেই তেওঁক ছাঁয়া মুখ্যমন্ত্ৰী বুলিয়েই ভাবিছিল।

প্ৰধানমন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মা
নিৰ্বাচনী সভাত উদাত্ত ভাষণ, জনতাৰ মাজত অপাৰ জনপ্ৰিয়তাৰে কংগ্ৰেছৰ বিজয় যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ জোৰতেই অভিলেখ সংখ্যক ৭৮ খন আসন লাভ কৰিছিল কংগ্ৰেছে। কিন্তু তাৰ পাছৰ পৰাই লাহে লাহে কাহিনীবোৰ সলনি হ’বলৈ ধৰে। চৰ্চা চলিছিল যে, তৰুণ গগৈৰ পিচত হয়তো মুখ্যমন্ত্ৰী পদ দিয়া হ’ব হিমন্ত বিশ্ব শৰ্মাক। কিন্তু কথাবোৰ তেনেকুৱা নহ’ল।
২০১৪ চনত লোকসভা নিৰ্বাচন। তাৰ পূৰ্বেই ৰাজনীতিত অভিষেক ঘটিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ। তাৰ লগে লগে তৰুণ গগৈৰ কাষৰ পৰা লাহে লাহে আঁতৰি আহিবলৈ ধৰিলে হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছত আৰম্ভ হ’ল বিসম্বাদ। সেইসময়ত ক্ষুব্ধ বিধায়কৰ ওজৰ-আপত্তি শুনিবলৈ অসমলৈ আহিছিল বৰ্তমানৰ সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।
পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱাকে ধৰি প্ৰায় ৪০ গৰাকী মন্ত্ৰী-বিধায়কে সংগ দিলে ডঃ শৰ্মাক। তেওঁৰ ফৈদটোক নাম দিয়া হ’ল দাদা বিগ্ৰেড। কিন্তু কংগ্ৰেছ হাইকমাণ্ড বিশেষকৈ ৰাহুল গান্ধীৰ আস্থা জয় কৰিব নোৱাৰিলে তেওঁ। অৱশেষত ২০১৪ চনৰ ২১ জুলাইত মন্ত্ৰী পদৰ পৰা ইস্তফা দিয়ে হিমন্ত বিশ্ব শৰ্মাই। তেতিয়া কেন্দ্ৰত নতুনকৈ ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ।

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
মন্ত্ৰী পদৰ পৰা ইস্তফা দিয়াৰ পাছত বিধায়ক হিচাপেই দায়িত্ব পালনৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ইতিমধ্যেই খবৰ ওলাইছিল যে অতি শীঘ্ৰেই গেৰুৱা বসন পিন্ধিব এইগৰাকী নেতাই। অৱশেষত কংগ্ৰেছত ৰাজনৈতিক জীৱনৰ ২২ বছৰীয়া যাত্ৰাৰ অন্ত পেলাই ২০১৫ চনৰ ২৩ আগষ্টত তেওঁ আনুষ্ঠানিকভাৱে যোগ দিলে বিজেপিত। সেই সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি আছিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাষ্ট্ৰীয় সভাপতি আছিল বৰ্তমান দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।
বিজেপিত যোগদানৰ পাছতেই কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে হিমন্ত বিশ্ব শৰ্মা। তাৰ পাচতেই আৰম্ভ ২০১৬ চনৰ নিৰ্বাচনী কুচকাৱাজ। প্ৰতিখন সভাতেই নিজৰ ভাষণত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ল’লে হিমন্ত বিশ্ব শৰ্মাই। তেতিয়ালৈ, কংগ্ৰেছৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বহু কেইগৰাকী সতীৰ্থও আহিল বিজেপিলৈ। বিজেপিয়ে সেই নিৰ্বাচনত অকলেই দখল কৰে ৬০ খন আসন। আনহাতে মিত্ৰদল অগপই ১৪ খন আসন লাভ কৰে। আন এক মিত্ৰ শক্তি বিপিএফে ১২ খন আসনেৰে সহযোগিতা আগবঢ়ায় বিজেপিক।

এডভাণ্টেজ অসম ২.০
অসমত গেৰুৱা চৰকাৰৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে ৰাজপাটত বহে সৰ্বানন্দ সোণোৱাল। আইএমডিটি আইন বাতিলৰ গোচৰত জয়ী হৈ ইতিমধ্যেই তেওঁ লাভ কৰিছিল জাতীয় নায়ক উপাধি। সোণোৱাল চৰকাৰত স্বাস্থ্য, শিক্ষাকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰে হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছৰ পৰাই ক্ৰমে হিমন্ত বিশ্ব শৰ্মাৰ যাত্ৰা ঊৰ্ধমুখী হয়।
২০১৯ চনৰ লোকসভা নিৰ্বাচন
২০১৯ চনত দেশত অনুষ্ঠিত হয় লোকসভা নিৰ্বাচন। দ্বিতীয়বাৰলৈ বিজেপিয়ে ৰাজপাট দখলৰ বাবে ব্যাপক প্ৰচাৰ আৰম্ভ কৰে। অসমতো বিজেপি দলে প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। এই প্ৰচাৰত বিজেপিৰ প্ৰায় সকলো নেতাই অংশগ্ৰহণ কৰে যদিও, হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। যাৰ ফলস্বৰূপে সেই নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত ৯ খন আসন লাভ কৰে বিজেপিয়ে। প্ৰভাৱশালী নেতা হিচাপে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ গুড বুকত নাম উঠে হিমন্ত বিশ্ব শৰ্মাৰ।

অমিত শ্বাহৰ সৈতে হিমন্ত বিশ্ব শৰ্মা
কা আন্দোলন
২০১৯ চনৰ ঠিক শেষ প্ৰান্তত অসমত কা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিব খোজা সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদত নামি পৰে সমগ্ৰ অসমৰ লাখ লাখ জনতা। এই আন্দোলন এক প্ৰকাৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰে। সেই সময়তে ৰাজ্যজুৰি এই অন্দোলন প্ৰতিহত কৰাৰ গুৰু দায়িত্ব আহি পৰে হিমন্ত বিশ্ব শৰ্মাৰ কান্ধত। জিলাই জিলাই কা বিৰোধী আন্দোলন চলি থকাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে জনসভা আৰু সমদল। তাৰ ফল স্বৰূপে কা বিৰোধী আন্দোলন লাহে লাহে স্তিমিত হ’বলৈ ধৰে।

কা বিৰোধী আন্দোলন
বড়ো শান্তি চুক্তি
২০২০ চনৰ ২৭ জানুৱাৰী দিনটো অসমৰ ইতিহাসৰ বাবে এক উল্লেখনীয় দিন আছিল। কাৰণ সেইদিনাই নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, নিখিল বড়ো ছাত্ৰ সন্থা আৰু প্ৰাক্তন সন্ত্ৰাসবাদী সংগঠন এন ডি এফ বিৰ মাজত স্বাক্ষৰিত হয় ঐতিহাসিক বড়ো শান্তি চুক্তি। তাৰ পূৰ্বেই বন্দুকৰ পথ এৰি মূল সূঁতিলৈ উভতি আহিছিল এন ডি এফ বিৰ শীৰ্ষ নেতা বি চাওৰাই গৌড়া, বি আৰ ফেৰেংগাসহ প্ৰায় সকলো নেতা-কেডাৰ। ঐতিহাসিক বড়ো শান্তি চুক্তি ৰূপায়নৰ জৰিয়তে বড়োভূমিত শান্তি নিশ্চিত কৰা হয়। সেই ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি চৰ্চা হয়। বড়োভূমিক বিটিএডিৰ পৰিৱৰ্তে বিটিআৰ হিচাপে নামকৰণ কৰা হয়।

বড়ো শান্তি চুক্তি স্বাক্ষৰ
২০২০ চনৰ বিটিচি নিৰ্বাচন
বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱা বছৰতেই বড়োভূমিত অনুষ্ঠিত হয় বিটিচি নিৰ্বাচন। কিন্তু সেই সময়লৈ বিজেপিৰ সৈতে মিত্ৰতাৰ পৰা যেন ক্ৰমান্বয়ে আঁতৰি গৈছিল হাগ্ৰামা মহিলাৰীৰ বিপিএফ। সেই নিৰ্বাচনত বিপিএফে ১৭ খন আসন লাভ কৰাৰ বিপৰীতে ইউপিপিএলে ১২ খন আৰু বিজেপিয়ে ৭ খন আসন লাভ কৰিছিল। এবছুৰ পৰা পদত্যাগ কৰি সক্ৰিয় ৰাজনীতিত খোজ দিয়া প্ৰমোদ বড়ো আছিল ইউপিপিএলৰ সভাপতি। এক অনিশ্চয়তাৰ পাছতো বিজেপিয়ে ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীক লগত লৈ বিটিচিত চৰকাৰ গঠন কৰে আৰু প্ৰমোদ বড়োক মুখ্য কাৰ্যবাহী হিচাপে নিযুক্তি দিয়া হয়। ফলত ১৭ বছৰীয়া হাগ্ৰামা মহিলাৰীৰ শাসনৰ ওৰ পৰে। এই নিৰ্বাচনতো ক্ৰেডিট দিয়া হয় হিমন্ত বিশ্ব শৰ্মাক।
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচন
কা আন্দোলনৰ পিছৰ বছৰেই অসমত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন। ব্যাপক প্ৰচাৰত নামি পৰে বিজেপি দল। ইফালে কংগ্ৰেছৰ অৱস্থাও থৰক-বৰক হ’বলৈ ধৰে। তেতিয়ালৈকে কংগ্ৰেছৰ পৰা বহু কেইগৰাকী জ্যেষ্ঠ নেতা বিজেপিলৈ আহে। ইয়াৰ ভিতৰত অন্যতম আছিল অজন্তা নেওগ। নিৰ্বাচন অনুষ্ঠিত হ’ল আৰু বিজেপিয়ে পুনৰ সেই নিৰ্বাচনত জয়লাভ কৰে। বিজেপিয়ে ৬০ খন, অগপই ৯ খন আৰু ইউপিপিএলে ৬ খন আসন লাভ কৰে।

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ
কিন্তু সেই সময়তেই প্ৰশ্ন উত্থাপন হয় মুখ্যমন্ত্ৰীৰ পদক লৈ। কোন হ’ব বিজেপিৰ মুখ্যমন্ত্ৰী? সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? সকলো জল্পনা কল্পনাৰ অন্তত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদ অৰ্পন কৰে বিজেপি নেতৃত্বই । ইফালে সৰ্বানন্দ সোণোৱালক কিছুদিনৰ ভিতৰতেই কেন্দ্ৰীয় কেবিনেটত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হয়।
মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ
ইপ্সিত আসনখন লাভ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ২০২১ চনৰ ১০ মে’ত ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে চাৰিটা বছৰ পাৰ কৰিলে তেওঁ। অহা বৰ্ষত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইতিমধ্যেই ইয়াৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে। মুখ্য়মন্ত্ৰী হিচাপে তেওঁৰ চাৰিটা বছৰ সফল বুলি চৰ্চা হৈ আহিছে।
মুখ্যমন্ত্ৰিত্বৰ কালত হিমন্ত বিশ্ব শৰ্মাৰ কেইটামান উল্লেখযোগ্য তথা চৰ্চিত পদক্ষেপ
১. ৰাজ্যত স্বচ্চ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ। অসম প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা অনুষ্ঠিত কৰি বৰ্তমানলৈকে তেওঁৰ চৰকাৰে প্ৰায় ১ লাখৰো অধিক যোগ্য প্ৰাৰ্থীক চাকৰি প্ৰদান কৰিছে।
২. দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীলতা বিজেপি চৰকাৰৰ এক প্ৰতিশ্ৰুতি আছিল। সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া অধিক ব্যাপক হৈ পৰে হিমন্ত বিশ্ব শৰ্মাৰ দিনত। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে বহু সংখ্যক চৰকাৰী কৰ্মচাৰীক ঘোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।
৩. ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান। ৰাজ্যজুৰি ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাৰ লগতে এই বৰবিহৰ কৰাঁল গ্ৰাসত পৰিছিল নৱ-প্ৰজন্ম। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই ৰাজ্যৰ আৰক্ষী জঁপিয়াই পৰে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে। আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজৰ এই যুঁজখন এতিয়াও চলি আছে। কিন্তু প্ৰথমাৱস্থাত অধিক সক্ৰিয় ৰূপ লোৱা এই যুঁজত আৰক্ষীৰ গুলীত বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰীৰ মৃত্যু হোৱাৰ লগতে বহুকেইটা সৰবৰাহকাৰী এতিয়া কাৰাগাৰত।
৪. ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰা হয় তেওঁৰ কাৰ্যকালত।
৫. বিধানসভাত বাল্যবিবাহ প্ৰতিৰোধ বিধেয়ক উত্থাপন কৰি ব্যাপক চৰ্চা লাভ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এই বিধেয়ক গৃহীত হোৱাৰ পাচতেই ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈ পৰে। বহু বাল্যবিবাহকাৰী কাৰাগাৰত সোমাবলগীয়া হয়।
৬. কন্যা শিশুৰ সৱলীকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে নিযুত মইনা আঁচনি। ইয়াৰ দ্বাৰা ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
৭. মহিলা সৱলীকৰণৰ বাবে আৰম্ভ কৰে অৰুণোদয় আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। অৰুণোদয়ৰ জৰিয়তে যোগ্য হিতাধিকাৰী মহিলাই মাহে ১২৫০ টকাকৈ লাভ কৰে। ইফালে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
৮. হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ কালতেই বিহু নৃত্যই গিনিজ বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। প্ৰায় ১০০০০ নাচনী আৰু প্ৰায় ৩০০০ বিহুৱাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাৰোপৰি ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ জৰিয়তে চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যয়ো অভিলেখ ৰচনা কৰে। দুয়োটা অনুষ্ঠানৰে সাক্ষী হৈ ৰয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
৯. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই জাগীৰোডত টাটাৰ উদ্যোগত ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰম্ভ হয়। তাৰোপৰি সৰ্বানন্দ সোণোৱালৰ দিনত আৰম্ভ কৰা এডভাণ্টেজ অসম অভিযানক নতুন মাত্ৰা প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই। এডভাণ্টেজ অসম ২.০ ত ইয়াৰ ফল দেখা যায়।
১০. ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে মিছন বসুন্ধৰা। ইয়াৰ দ্বাৰা ভূমিৰ পট্টা প্ৰদানৰ কামো আৰম্ভ হয়।
১১. ৰাজ্যত বিভিন্ন স্থানত হোৱা বেদখলৰ বিৰুদ্ধে ব্যাপক অভিযান চলায় আছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। বৰ্তমানলৈকে প্ৰায় ১.২৯ লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। অসমৰ খিলঞ্জীয়াৰ ভূমি, সত্ৰৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ দৃঢ় সংকল্পৰ কথা বাৰে বাৰে দোঁহাৰিছে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰিত্বৰ কালত তেওঁ আন বহু পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ মাজত অৱশ্যে বহুখিনি কাম আধৰুৱা হৈ আছে বুলিও বিৰোধীয়ে দাবী কৰি আহিছে। তাৰোপৰি উচ্ছেদৰ জৰিয়তে সংখ্যালঘু মুছলমানক লক্ষ্য কৰি লোৱাৰ অভিযোগো উত্থাপন হৈছে। তাৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক ধাৰত পোত নিওৱা বুলিও বিৰোধীয়ে বিভিন্ন সময়ত দাবী তুলি আহিছে।
আলফা-চৰকাৰৰ শান্তি আলোচনা
স্বাধীন অসমৰ সপোন লৈ বিপ্লৱ আৰম্ভ কৰা আলফাৰ শান্তি আলোচনা আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ অন্যতম এক মাইলৰ খুঁটি। বৰ্তমান পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বা) যদিও নিজৰ সিদ্ধান্তত অটল আছে, তথাপিও আলফাৰ আন এটা ফৈদে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত স্বাক্ষৰ কৰে। ২০২৩ চনৰ ২৯ জানুৱাৰীত নতুন দিল্লীত আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। তাৰ পাছতেই আলফা নেতৃত্বই আনুষ্ঠানিকভাৱে সংগঠনটো ভংগ কৰা বুলি ঘোষণা কৰে।
The Centre and Assam government sign tripartite peace accord with pro-talks faction of the United Liberation Front of Asom (ULFA), in the presence of Union Home Minister Amit Shah, Assam CM Himanta Biswa Sarma and other top leaders of the pro-talks faction of the ULFA. pic.twitter.com/UWlZxOk5Ge
— Press Trust of India (@PTI_News) December 29, 2023
ইয়াৰো পৰি অসমত জনজাতীয় বিদ্ৰোহ সম্পূৰ্ণ নিঃশেষ কৰাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দেখা যায়। বড়ো, কাৰ্বি, ডিমাছা, আদিবাসী আদি বিভিন্ন জনগোষ্ঠীয় বিদ্ৰোহী সংগঠনৰ সৈতে ভাগে ভাগে শান্তি চুক্তি স্বাক্ষৰিত কৰি এইসকল বিদ্ৰোহীক মূল সূঁতিলৈ ঘূৰাই অনাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ৰাষ্ট্ৰীয় পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰ্চা
প্ৰথমে অসম তাৰ পাছত উত্তৰ-পূব আৰু বৰ্তমান সমগ্ৰ দেশতেই হিমন্ত বিশ্ব শৰ্মা এক শক্তিশালী কণ্ঠ। বিজেপি নেতৃত্বৰ নিৰ্দেশনাত বিভিন্ন ৰাজ্যত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলায়। পূৰ্বতে এইদৰে এগৰাকী অসমীয়া নেতাই ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰা খুব কমেইহে দেখা গৈছিল। বহুতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কামৰ ধৰণকলৈ ব্যাপক চৰ্চা কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিত এক সুকীয়া স্থান দখল কৰিছে হিমন্ত বিশ্ব শৰ্মাই।

ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ
কংগ্ৰেছত ২২ বছৰীয়া ৰাজনৈতিক যাত্ৰাৰ অন্ত পেলাই বিজেপিত যোগ দি আজি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা এইগৰাকী নেতাৰ উত্থান বহুতৰে বাবে ঈৰ্ষণীয়। কিন্তু বৰ্তমান অসমত শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মাজত অতি জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা। সকলোৰে বাবে এতিয়া মামা হিচাপে এক সুকীয়া পৰিচয়ো গঢ়ি তুলিবলৈ সক্ষম হৈছে নেতাগৰাকীয়ে।