শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ…!

ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা ধুপতোলা বজাৰলৈকে পথৰ পশ্চিম দিশত থকা দোকান সমূহত চলোৱা হয় উচ্ছেদ।

তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ…!
ৰাক্ষসিনীৰ উচ্ছেদ
manas-borah
Manas Borah | Updated On: 23 Aug 2025 21:08 PM

গোৱালপাৰাৰ ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুৱাৰে পৰা জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা ধুপতোলা বজাৰলৈকে পথৰ পশ্চিম দিশত থকা দোকান সমূহত চলোৱা হয় উচ্ছেদ। ইতিমধ্যে যোৱা ৬ আগষ্টত জাননী জাৰি কৰিছিল জিলা প্ৰশাসনে। উল্লেখ্য যে, তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা পাঁচ হাজাৰ বিঘা ভূমিৰ বাবে সংৰক্ষিত বনাঞ্চলখনৰ গাতে লাগি থকা দোকানসমূহত প্ৰশাসনে উচ্ছেদ চলাই বুলি জানিব পৰা গৈছে।

পুৱাৰে পৰা চলা উচ্ছেদত অভিযানত জিলা প্ৰশাসনৰ বুলডজাৰে এফালৰ পৰা ভাঙি পেলোৱা হয় দোকান-পোহাৰ। খবৰ অনুসৰি গোৱালপাৰা জিলা প্ৰশাসনে ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে থকা চৰকাৰী ভূমিত থকা প্ৰায় শতাধিক দোকানত ১০ খন জেচিবিৰে উচ্ছেদ অভিযান চলায়। ফৰেষ্ট গেটৰ পথৰ পশ্চিম দিশৰ দোকানসমূহত চলিল উচ্ছেদ অভিযান। ইতিমধ্যে বহু দোকানীয়ে নিজেই নিজৰ দোকান ভাঙি সেই ঠাই খালী কৰা দেখা যায়।

ইফালে, গোৱালপাৰাৰ ৰাক্ষসিনীৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ পশ্চিম দিশৰ দোকান সমূহত উচ্ছেদ চলি থকা সময়তে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ফৰেষ্ট গেট তিলিআলিত কৰা প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে।

জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনে অভিযোগ কৰে যে,”কোনো ধৰণৰ লিখিত জাননী নিদিয়াকৈ জিলা প্ৰশাসনে এই উচ্ছেদ চলাইছে।” লগতে তেওঁ অভিযোগ কৰে যে, “এই মানুহখিনিক কোনোধৰণৰ সংস্থাপনৰ ব্যৱস্থা নোহোৱাকৈ আজি গোৱালপাৰা জিলা প্ৰশাসনে খাটিখোৱা লোকসকলৰ দোকানত উচ্ছেদ চলাইছে। এই সকল দোকানীয়ে কোনোমতে দোকান দি নিজৰ নিজৰ পৰিয়াল পোহপাল দি আহিছিল।”

উল্লেখ্য যে, গোৱালপাৰা জিলা প্ৰশাসনে ৰাক্ষসিনী অঞ্চলত থকা ৫ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো উচ্ছেদ অভিযান চলায়।