ৰাজ্য চৰকাৰে যি কয়, সেয়ে কৰে: জাগীৰোডত ৩৭,৭১৩ গৰাকী মহিলাক ১০ হাজাৰকৈ টকা প্রদান
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্রদান উপলক্ষে আজি মৰিগাঁও জিলাৰ জাগী ভকতগাঁওস্থিত ড্রীমলেণ্ড খেলপথাৰত আয়োজিত এক বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মা। মুখ্যমন্ত্রী কয়, "আজি জাগীৰোড সমষ্টিৰ বাবে এক অতি আনন্দৰ দিন।"

আজি শনিবাৰে জাগীৰোডত কৰ্মজীৱি মহিলা নিবাস আৰু জাগীৰোড সমজিলা আযুক্ত কাৰ্যালয় ভৱনৰ ভূমিপূজন আৰু শিলান্যাস কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকললৈ দহ হাজাৰ টকাকৈ চেক প্ৰদানৰ শুভাৰম্ভণি কৰে। উল্লেখ্য যে জাগীৰোডৰ টাটা অৰ্দ্ধপৰিবাহী প্রকল্পস্থলীত ১৪২ কোটি টকা ব্যয় সাপেক্ষ কর্মজীৱী মহিলা নিবাস আৰু মায়াঙৰ ভকতগাঁওস্থিত জাগীৰোড সমজিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ নিৰ্মাণ কাম আজিৰে পৰা আৰম্ভ হৈছে।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্রদান উপলক্ষে আজি মৰিগাঁও জিলাৰ জাগী ভকতগাঁওস্থিত ড্রীমলেণ্ড খেলপথাৰত আয়োজিত এক বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মা। মুখ্যমন্ত্রী কয়, “আজি জাগীৰোড সমষ্টিৰ বাবে এক অতি আনন্দৰ দিন।” তেওঁ কয়, “আজি জাগীৰোড সমষ্টিৰ ৩৭,৭১৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক এই অনুষ্ঠানৰ মাধ্যমেৰে ১০ হাজাৰ টকাকৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত উদ্যমিতা পুঁজি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জাগীৰোড সমষ্টিয়ে প্রায় ৩৮ কোটি টকা এই অনুষ্ঠানৰ জৰিয়তে লাভ কৰিব।”
তেওঁ আকৌ কয়, অসমৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চলকে ধৰি ৪ লাখ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলা আছে। এই আঁচনিৰ অধীনত এই মহিলাসকলক অহা তিনিমাহৰ ভিতৰত সৰ্বমুঠ ৪ হাজাৰ কোটি টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব।” মুখ্যমন্ত্ৰীয়ে কয়, “বর্তমান ৰাজ্য চৰকাৰে যি কথা কয়, তাক আখৰে আখৰে পালন কৰে। ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰা অৰুণোদয় আঁচনিখনে বর্তমান ছয় বছৰত পদার্পণ কৰিলে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত প্ৰথমতে ৮৩০ টকাকৈ, তাৰ পিছত ১ হাজাৰ টকাকৈ আৰু পৰৱৰ্তী পৰ্যায়ত ১২৫০ টকাকৈ হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছিল।”
মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ পৰা বাদ পৰি ৰোৱা মহিলাসকলকো এই আঁচনিৰ অধীনত অন্তৰ্ভূক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিব বুলিও তেওঁ কয়। ভাষণত মুখ্যমন্ত্ৰীয়ে জাগীৰোড সমষ্টিত এই আঁচনিখনৰ সফল ৰূপায়ণৰ দিশত অব্যাহত ৰখা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই জনসভাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকা, কৌশিক ৰয়, বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ উপৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, মৰিগাঁও জিলা আযুক্ত অনামিকা তিৱাৰী, মৰিগাঁও জিলা পৰিষদৰ সভানেত্রী প্রণতি কলিতা ডেকা প্রমুখ্যে উচ্চ পদস্থ বিষয়াবৰ্গ আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।
জাগীৰোডত প্রায় ২১,৪১৪ বর্গমিটাৰ পৰিসীমাত প্রথম পর্যায়ত ৮৩০ খন বিচনাযুক্ত কর্মজীৱি মহিলা নিৱাসটো নিৰ্মাণ কৰা হ’ব। এই প্রকল্পটোৰ নিৰ্মাণ ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰন কৰা হৈছে। অত্যাধুনিক আন্তঃগাঁথনি, মডিউলাৰ নিৰ্মাণ, টুইন-শ্বেয়াৰিং ৰুম, স্বয়ংসম্পূর্ণ নবীকৰণযোগ্য শক্তিৰ জৰিয়তে আৱৰ্জনা মুক্ত, নির্গমন মুক্ত আৰু সেউজ চৌহদ বিশিষ্ট হিচাপে এই প্রকল্পটো গঢ়ি তোলা হ’ব।
ইফালে, আজি জাগীৰোড ভ্রমণকালত আঁহতগুৰি নিবাসী বিশিষ্ট সমাজকর্মী প্রয়াত নাথুৰাম হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে তেখেতৰ প্রতিকৃতিত পুষ্পাঞ্জলি অর্পন কৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি প্রার্থনা জনায়।
লগতে পঢ়ক: বাংলাদেশলৈ পঠিয়াই দিম…বুঢ়া আঙুলি দেখুৱাই মাহমুদ মাদানীক হুংকাৰ মুখ্যমন্ত্ৰীৰ