উৰিয়ামঘাটৰ উচ্ছেদত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ…
উৰিয়ামঘাট আৰু দাঁতিকাষৰীয়া গাঁওসমূহত চলোৱা উচ্ছেদ অভিযানত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালৰ কাষ চাপিছিল আবেদনকাৰী।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে অসমৰ গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰু দাঁতিকাষৰীয়া গাঁওসমূহত চলোৱা উচ্ছেদ অভিযানত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে। বছৰ বছৰ সেই স্থানত বাস কৰি অহা বুলি দাবী কৰা অঞ্চলবাসীয়ে প্ৰথমে উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সেই আবেদন উচ্চ ন্য়ায়ালয়ে খাৰিজ কৰে।
ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ে দীৰ্ঘদিন ধৰি বসতি স্থাপন কৰা বাসিন্দাক বলপূৰ্বক উচ্ছেদৰ পৰা ৰক্ষা কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত আবেদনকাৰীসকলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। এই বাসিন্দাসকলৰ বহুতেই সাত দশকৰো অধিক সময় ধৰি সেই গাঁৱত বাস কৰি অহা বুলি দাবী কৰে।
এই উচ্ছেদক অসম বন নিয়ম, ১৮৯১ আৰু বন অধিকাৰ আইন, ২০০৬ আৰু পূনৰ্বাসন-বসতি নিশ্চিত কৰাৰ সাংবিধানিক বিধানৰো বিৰোধী বুলি দাবী কৰিছিল আবেদনকাৰীয়ে। ২০২৫ চনৰ জুলাই মাহত কৰ্তৃপক্ষই আবেদনকাৰীসকলক অসম বন নিয়মাৱলী, ১৮৯১ (সংশোধিত)ৰ অধীনত উচ্ছেদৰ জাননী জাৰি কৰি তেওঁলোকৰ গাঁওসমূহ দৈয়াং আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পৰে বুলি উল্লেখ কৰিছিল। ইয়াৰ লগতে জাননী জাৰি কৰি ঠাই খালী কৰিবলৈ মাত্ৰ সাত দিনৰ সময়সীমা বান্ধি দিছিল।
ইয়াৰ পাছতে ক্ষুব্ধ হৈ আবেদনকাৰীসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু উচ্চ ন্যায়ালয়ে বাসিন্দাসকলক উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ বিপৰীতে কৰ্তৃপক্ষৰ পক্ষত ৰায় দিছিল।
আবেদনকাৰীসকলে দাবী কৰে যে, তেওঁলোক স্বীকৃতিপ্ৰাপ্ত দীৰ্ঘম্যাদী বাসিন্দা, বিদ্যুৎ সংযোগ, ৰেচন কাৰ্ড আৰু নিৰ্বাচনী তালিকাত নাম অন্তৰ্ভুক্তিৰ জৰিয়তে ৰাজ্যৰ স্বীকৃতিৰ প্ৰমাণ আছে। তেওঁলোকে আৰু যুক্তি আগবঢ়ায় যে, কৰ্তৃপক্ষৰ এই কাৰ্য্যই ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ সংস্থাপন আইন, ২০১৩ আৰু ২০১৫ চনৰ অসম নিয়মৰ বিধিগত আদেশক আওকাণ কৰিছে।
ইয়াৰ উপৰিও তেওঁলোকে দাবী কৰে যে, উচ্ছেদটোৱে তেওঁলোকৰ সংবিধানৰ ১৪, ১৯, ২১, ২৫ আৰু ৩০০-এ অনুচ্ছেদৰ অধীনত আবেদনকাৰীৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে।
ন্যায়াধীশ পি এছ নৰসিংহ আৰু অতুল এছ চন্দুৰকাৰে গঠিত বিচাৰপীঠে বিষয়টো শুনানি গ্ৰহণ কৰে। দাখিল কৰা তথ্যসমূহ বিবেচনা কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে উচ্ছেদত অন্তৰ্ৱতীকালীন স্থগিতাদেশ জাৰি কৰে। এই গোচৰত জ্যেষ্ঠ অধিবক্তা চন্দৰ উদয় সিং আৰু ৰৌফ ৰহিম, অধিবক্তা আদিল আহমেদ আৰু অধিবক্তা আব্দুৰ ৰজাকে যুক্তি আগবঢ়াইছিল।