23 Aug 2025
TV9 ASSAM
বহু কাৰণত অনিদ্ৰাৰ সমস্যা সৃষ্টি কৰিব পাৰে। বহুতে ৰাতি টোপনি আহিবলৈ ঔষধ গ্ৰহণ কৰে। কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে ইতিবাচক নহয় ।
ৰাতি সোনকালে টোপনি আহিবলৈ এই কেইটা কথাৰ ওপৰত গুৰুত্ব দিয়ক। অনিদ্ৰা সমস্যাৰ পৰা উপশম পাব।
অতিৰিক্ত কেফেইনে টোপনি হ্ৰাস কৰে । গতিকে যদি আপুনি অনিদ্ৰাত ভুগিছে তেন্তে দুপৰীয়া কফি খোৱাৰ পৰা আঁতৰি থাকক ।
নিয়মীয়া ব্যায়ামৰ ফলত টোপনি ভাল হ’ব পাৰে। কিন্তু মনত ৰাখিব অতি ভাগৰুৱা শৰীৰ লৈ জিম বা ব্যায়াম নকৰিব ।
অনিদ্ৰাৰ সমস্যা হ’লে মদ্যপান কৰিলে অলপ টোপনি আহিব পাৰে। কিন্তু মদ্যপান অত্যাধিক কৰিলে টোপনি হ্ৰাস পায় ।
বিচনাত ফোন, লেপটপ, আইপেড লৈ শুব নালাগে। অনিদ্ৰাত ভুগিলে বহুতে ৰাতি ফোনত ডিজিটেল মেডিয়া চাবলৈ আৰম্ভ কৰে। ই টোপনি বেয়া কৰে।
নিয়মিত ধ্যান কৰিলে অনিদ্ৰাৰ সমস্যা হ্ৰাস পাব। ধ্যানে আমাৰ মনটোক স্থিৰ কৰে আৰু আপোনাক সুস্থ মনৰ অধিকাৰী কৰি তুলিব ।
পঢ়িবলৈ ক্লিক কৰক