শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিয় সদায় গুলপীয়া ৰঙৰ কাগজেৰে মেৰিয়াই দিয়ে সোণৰ গহনা? কাৰণ জানক…

আপুনি কেতিয়াবা ভাবিছেনে যেতিয়াই সোণৰ গহনা দোকানৰ পৰা কিনিলে সদায় কিয় গোলাপী কাগজেৰে মেৰিয়াই দিয়া হয়? ইমান ৰং থকাৰ পিছতো সোণৰ গহনা কিয় গোলাপী কাগজত মেৰিয়াই থোৱা হয়, এই প্ৰতিবেদন পঢ়ি সবিশেষ জানি লওক।

কিয় সদায় গুলপীয়া ৰঙৰ কাগজেৰে মেৰিয়াই দিয়ে সোণৰ গহনা? কাৰণ জানক…
কিয় সদায় গুলপীয়া ৰঙৰ কাগজেৰে কিয় মেৰিয়াই থোৱা হয় সোণৰ গহনা?
trishna-kalita
Trishna Kalita | Updated On: 23 Aug 2025 21:19 PM

১ লাখ টকাৰ সীমাৰ পৰা কিছু হ্ৰাস পাই আজি সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৯৫০৫০ টকা হৈছে (Hallmark gold jewelry, 916/22 carat 10 grams)। ইয়াক মধ্যবিত্ত শ্ৰেণীৰ সপোনৰ বাহিৰত বুলিয়ে হয়তো ক’ব পাৰি । সোণৰ দাম নকমালৈকে বহুতে হয়তো গহনা দোকানলৈ নাযাব।

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে যেতিয়াই সোণৰ গহনা দোকানৰ পৰা কিবা কিনিলে তেতিয়াই গোলাপী কাগজেৰে মেৰিয়াই কিয় দিয়ে? ইমান ৰং থকাৰ পিছতো সোণৰ গহনা কিয় গোলাপী কাগজত মেৰিয়াই থোৱা হয়, সবিশেষ জানি লওক। সোণৰ গহনা সাধাৰণতে বগা বা ক’লা কাগজৰ সলনি গোলাপী কাগজেৰে মেৰিয়াই লোৱা হয়, মূলতঃ সুৰক্ষা আৰু ঐতিহ্যৰ কাৰণে। তলত বিতংভাৱে আলোচনা কৰা হৈছে।

১) ৰাসায়নিক প্ৰভাৱ আৰু সুৰক্ষা:

ক’লা কাগজত সাধাৰণতে কাৰ্বন বা ৰং থাকে, যিয়ে আৰ্দ্ৰতা বা গৰমৰ সংস্পৰ্শলৈ আহিলে সোণৰ গহনাক বেয়া কৰিব পাৰে।বগা কাগজত কেতিয়াবা ব্লিচ বা ক্ল’ৰিনযুক্ত উপাদান থাকে, যিবোৰে সোণৰ সৈতে বিক্ৰিয়া কৰিব পাৰে। গোলাপী বা ৰঙা ৰঙৰ কাগজত সাধাৰণতে নিৰপেক্ষ ৰং থাকে, যিয়ে ধাতুৰ সৈতে বিক্ৰিয়া নকৰে, যাৰ ফলত সোণ নিৰাপদ হৈ থাকে।

২) দৃশ্যমান আৰু সৌন্দৰ্য্য:

সোণৰ উজ্জ্বলতা গোলাপী ৰঙত অধিক ফুটি উঠে। যিটো ক্ৰেতাৰ চকুত অধিক আকৰ্ষণীয় হৈ পৰে।বগা বা ক’লা ৰঙৰ তুলনাত সোণৰ প্ৰকৃত ৰং আৰু জিলিকনি গোলাপী ৰঙত অধিক দেখা যায়।

৩) সাংস্কৃতিক আৰু পৰম্পৰাগত দিশসমূহ:

ভাৰতকে ধৰি বহু দেশত গোলাপী ৰঙক সৌভাগ্য, সমৃদ্ধি আৰু মংগলৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে গহনা দোকানত পৰম্পৰাগতভাৱে এই ৰং কাগজ ব্যৱহাৰ কৰা হয়।

লগতে পঢ়ক: কুকুৰে চেলেকিলে জলাতংকৰ সংক্ৰমণ হ’ব পাৰে নেকি? চিকিৎসকৰ পৰা জানক…