ৰাক্ষসিনীত উচ্ছেদৰ পৰা আমেৰিকালৈ ডাক সেৱা বন্ধলৈ… দিনটোৰ শীৰ্ষ খবৰ
আজি জাগীৰোডত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে এই অভিযানৰ দ্বিতীয় পৰ্বৰ শুভাৰম্ভণি হয় নলবাৰীত। ঘৃণামূলক ভাষণৰ বাবে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ দাবী জনোৱা জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বীৰ বক্তব্যক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ।
গোৱালপাৰাৰ ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা ধূপতোলা বজাৰলৈকে পথৰ পশ্চিম দিশত থকা দোকান সমুহ উচ্ছেদ। বিজেপিত ১০ বছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৫ চনৰ ২৩ আগষ্টত বিজেপিত যোগদান কৰিছিল ডঃ শৰ্মাই।
আজি জাগীৰোডত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে এই অভিযানৰ দ্বিতীয় পৰ্বৰ শুভাৰম্ভণি হয় নলবাৰীত। ঘৃণামূলক ভাষণৰ বাবে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ দাবী জনোৱা জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বীৰ বক্তব্যক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে সভাপতি মৌলানা মাহমুদ মাদানীৰ লগতে জমিয়ত উলেমা-ই-হিন্দক চোকা সমালোচনা কৰে। সংগঠনটোৰ ব্ৰেণ্ডৰ ৰাজনীতিয়ে বৰ্তমানৰ অসমত প্ৰাসংগিকতা আৰু বিশ্বাসযোগ্যতা হেৰুৱাই পেলোৱা বুলি দৃঢ়তাৰে কয় ডঃ শৰ্মাই। লগতে চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।