Assam News: মহিলাক চেক বিতৰণৰ পৰা GMCH ৰ নতুন অধীক্ষক নিযুক্তিলৈ দিনটোৰ শীৰ্ষ খবৰ
আজি ২২ আগষ্ট, শুকুৰবাৰ। আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক চাওঁ দিনটোৰ শীৰ্ষ খবৰসমূহ...।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন অধীক্ষক হিচাপে নিযুক্তি ডাঃ দেৱজিৎ চৌধুৰীক। স্বাস্থ্যজনিত কাৰণত বিগত কিছুদিন ধৰি দায়িত্বৰ পৰা আঁতৰি আছিল পূৰ্বৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা। আজি ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল চৰকাৰক। কিন্তু সাংসদ ভূঞাৰ সংবাদমেলৰ সময়তেই ডাঃ দেৱজিৎ চৌধুৰীক এই পদত নিযুক্তি দিয়ে অসম চৰকাৰে। শেহতীয়াকৈ শিশুৰ মৃত্যুৰ এক বিতৰ্কত সোমাই পৰিছিল GMCH।
শুকুৰবাৰে নলবাৰীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ দ্বিতীয় পৰ্য়ায়ৰ শুভাৰম্ভণি কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই। নলবাৰী সমষ্টিৰ গ্ৰামাঞ্চলৰ ৩১,১৭৯ গৰাকী আৰু পৌৰসভা এলেকাৰ ২,৭৩০ গৰাকী হিতাধিকাৰীক সামৰি সৰ্বমুঠ ৩৩,৯০৯ গৰাকী আত্মসহায়ক গোটৰ সদস্যালৈ আনুষ্ঠানিকভাৱে ১০ হাজাৰ টকা উদ্যমিতা পুঁজি আগবঢ়োৱা হয়।
ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ…