শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোৱালপাৰাৰ উচ্ছেদৰ পৰা মাহমুদ মাদানীৰ বিতৰ্কলৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

গোৱালপাৰাৰ ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি জাগীৰোডত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

গোৱালপাৰাৰ উচ্ছেদৰ পৰা মাহমুদ মাদানীৰ বিতৰ্কলৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Published: 23 Aug 2025 20:47 PM

বিজেপিত ১০ বছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰাৰ ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি জাগীৰোডত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

  1. গোৱালপাৰাৰ ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা ধূপতোলা বজাৰলৈকে পথৰ পশ্চিম দিশত থকা দোকান সমুহ উচ্ছেদ। যোৱা ৬ আগষ্টত উচ্ছেদ সন্দৰ্ভত জাননী জাৰি কৰিছিল জিলা প্ৰশাসনে। তাপ বিদ্যুত প্ৰকল্প নিৰ্মানৰ বাবে এই ঠাই ডোখৰ পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰীয়ে। উক্ত প্ৰকল্পটোত প্ৰয়োজন হোৱা পাঁচ হাজাৰ বিঘা ভূমিৰ বাবে সংৰক্ষিত বনাঞ্চলখনৰ গাতে লাগি থকা দোকান সমূহত উচ্ছেদ চলায় প্ৰশাসনে।
  2. আধাৰকাৰ্ড সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা AIUDF ৰ। এই সিদ্ধান্তক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি কয় বিধায়ক ৰফিকুল ইচলামে। ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোকক নতুনকৈ আধাৰ কাৰ্ড প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। অৱশ্যে অনুসূচীত জাতি-জনজাতি আৰু চাহ বাগিছাৰ লোকক আধাৰ প্ৰস্তুতৰ বাবে এবছৰৰ সময়সীমা দিয়া হৈছে।
  3. বিজেপিত ১০ বছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৫ চনৰ ২৩ আগষ্টত বিজেপিত যোগদান কৰিছিল ডঃ শৰ্মাই। অসমত বিজেপিৰ প্ৰথমখন চৰকাৰত কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পালনৰ পাছত ২০২১ চনত তেওঁ মুখ্যমন্ত্ৰী হয়। এই সময়চোৱাত বহু কেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত যোগদানৰ পূৰ্বে তেওঁ আছিল কংগ্ৰেছৰ প্ৰতাপী নেতা।
  4. আজি জাগীৰোডত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে এই অভিযানৰ দ্বিতীয় পৰ্বৰ শুভাৰম্ভণি হয় নলবাৰীত। বিৰোধীৰ অভিযোগ খাৰিজ কৰি তেওঁ কয়, ‘এয়া নিৰ্বাচনৰ বাবে হিতাধিকাৰী সৃষ্টি নহয়, বৰঞ্চ মহিলাক সবল কৰি সমাজক শক্তিশালী কৰা আৰু উদ্যোগীকৰণৰ মনোভাৱ জগাই তোলাৰ প্ৰয়াস।
  5. ঘৃণামূলক ভাষণৰ বাবে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ দাবী জনোৱা জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বীৰ বক্তব্যক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে সভাপতি মৌলানা মাহমুদ মাদানীৰ লগতে জমিয়ত উলেমা-ই-হিন্দক চোকা সমালোচনা কৰে। সংগঠনটোৰ ব্ৰেণ্ডৰ ৰাজনীতিয়ে বৰ্তমানৰ অসমত প্ৰাসংগিকতা আৰু বিশ্বাসযোগ্যতা হেৰুৱাই পেলোৱা বুলি দৃঢ়তাৰে কয় ডঃ শৰ্মাই।
  6. কংগ্ৰেছ দলে ৰাজ্য চৰকাৰক অস্থিৰ কৰিবলৈ জমিয়ত উলামা-ই-হিন্দৰ সৈতে “স্পষ্ট মিত্ৰতা” গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ মন্ত্ৰী অশোক সিংঘালে। ঘটনাৰ টাইমলাইনৰ উদ্ধৃতি দি সিংঘালে কয়, ‘২৭ জুলাইত কংগ্ৰেছ নেতাসকলে দিল্লীত জমিয়তৰ সৈতে সাক্ষাৎ কৰিছিল। ২২ আগষ্টৰ ভিতৰত একেটা সংগঠনে মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী জনাইছিল। এয়া কোনো কাকতলীয়া কথা নহয়। এই কাৰ্যই অসম চৰকাৰৰ বিৰুদ্ধে এক সমন্বিত কৌশল প্ৰকাশ কৰিছে।”
  7. কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰি ৰাজ্যিক ঘাইপথৰ সঠিক মেৰামতি নকৰালৈকে টোল সংগ্ৰহ বন্ধ কৰিবলৈ আহ্বান জনাইছে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লোকসভাত বিৰোধীৰ উপ-দলপতি গগৈয়ে শোচনীয় ঘাইপথত টোল চাৰ্জৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে। পত্ৰখনত তেওঁ আঙুলিয়াই দিয়ে যে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ২৭ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দ গাঁত, অসমান পৃষ্ঠ, আৰু সঘনাই পানী জমা হোৱাৰ পিছতো টোল সংগ্ৰহ অব্যাহত ৰাখিছে।
  8. দেশৰ ভিতৰতে আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ মাত্ৰ ১৫ লাখ টকাতকৈ কিছু বেছি। আনহাতে ৯৩১ কোটি টকাতকৈও অধিক সম্পত্তিৰে দেশৰ আটাইতকৈ ধনৱন্ত মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে অন্ধ্ৰ প্ৰদেশৰ এন চন্দ্ৰবাবু নাইডু। এই তথ্য প্ৰকাশ কৰিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে। হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমাণ ১৭ কোটি।
  9. আমেৰিকা চৰকাৰে ঘোষণা কৰা নতুন নিয়মৰ পিছত ভাৰত চৰকাৰে দেশখনলৈ ডাক সেৱা সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত ২০২৫ চনৰ ২৫ আগষ্টৰ পৰা বেছিভাগ সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। অৱশ্যে উপহাৰৰ সামগ্ৰী আৰু ১০০ ডলাৰ পৰ্যন্ত চিঠি / নথি-পত্ৰ আগৰ দৰেই প্ৰেৰণ কৰিব পাৰিব।