শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংলাদেশলৈ পঠিয়াই দিম…বুঢ়া আঙুলি দেখুৱাই মাহমুদ মাদানীক হুংকাৰ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে কয়, "এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস আছে। এই মাদানীয়ে মই শিক্ষামন্ত্ৰী হৈ থাকোতে টেট শিক্ষকৰ নিযুক্তি হ'ব দিয়া নাছিল। তৰুণ গগৈৰ সৈতে লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল। এতিয়াও সেই অফিচাৰগৰাকী অসমতে আছে।"

বাংলাদেশলৈ পঠিয়াই দিম…বুঢ়া আঙুলি দেখুৱাই মাহমুদ মাদানীক হুংকাৰ মুখ্যমন্ত্ৰীৰ
মাহমুদ মাদানীক হুংকাৰ মুখ্যমন্ত্ৰীৰ
trishna-kalita
Trishna Kalita | Updated On: 23 Aug 2025 20:25 PM

শেহতীয়াকৈ অসমত চলি থকা উচ্ছেদৰ বিৰোধিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছে জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মৌলানা মাহমুদ মাদানীয়ে। মৰিগাঁৱত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জমিয়তৰ মুৰব্বী মাদানীক বুঢ়া আঙুলি প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, “মাদানীক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি দেখুৱাই দিছোঁ। মই তেওঁক পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম”।

মুখ্যমন্ত্ৰীয়ে আকৌ কয়, “এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস আছে। এই মাদানীয়ে মই শিক্ষামন্ত্ৰী হৈ থাকোতে টেট শিক্ষকৰ নিযুক্তি হ’ব দিয়া নাছিল। তৰুণ গগৈৰ সৈতে লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল। এতিয়াও সেই অফিচাৰগৰাকী অসমতে আছে।”

তেওঁ কয়, “অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত অসমৰ মানুহে ল’ব। মাদানীয়ে কৰিব নোৱাৰে।  উচ্ছেদ অভিযান, আধাৰ কাৰ্ড বন্ধ আদিৰ খবৰ পায় তেওঁ সাৰ পাইছে। অসমক তেওঁলোকে গ্ৰাস কৰিব বিচাৰিছে। আৰু কংগ্ৰেছে এৰি দিছে।” মুখ্যমন্ত্ৰীয়ে কয়,  তেওঁলোকক মই বুঢ়া আঙুলিক লগত তুলনা কৰিছো। জমিয়তক মই কেয়াৰ নকৰো।”

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যোগীকৰণ অভিযানৰ অধীনত হাজাৰ হাজাৰ মহিলা উদ্যোগীক আৰ্থিক সাহায্য বিতৰণৰ জৰিয়তে জাগীৰোডত এক বৃহৎ উন্নয়নমূলক কাৰ্যসূচী ঘোষণা কৰে। মহিলা সবলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰাৰ বাবে ৰচনা কৰা অভিলাষী আঁচনিৰ অংশ হিচাপে জাগীৰোড সমষ্টিৰ প্ৰায় ৩৮ হাজাৰ মহিলাই আনুষ্ঠানিকভাৱে মূলধনী সমৰ্থন লাভ কৰিছে।

জাগীৰোডৰ ড্ৰিমলেণ্ড খেলপথাৰত এক বৃহৎ জনসভাত ভাষণ দি ড০ শৰ্মাই অসমৰ বৃদ্ধিৰ গতি অটুট ৰখাৰ বাবে তেওঁৰ চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰে। ৰাজ্যখনৰ উন্নয়নৰ গতি বহুগুণে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ নাগৰিকসকলক চৰকাৰী পুঁজি আৰু কল্যাণমূলক আঁচনিৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।