শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এজাক বৰষুণতে বুৰ গ’ল মহানগৰীত বিভিন্ন প্ৰান্ত, নিশা অহা মুষলধাৰ বৰষুণত সৃষ্টি কৃত্ৰিম বানৰ

গুৱাহাটী মহানগৰীত কৃত্ৰিম বান নতুন সমস্যা নহয়। চৰকাৰ আহে, চৰকাৰ যায়- কিন্তু মহানগৰবাসীৰ কৃত্ৰিম বানৰ সমস্যাহে সমাধান নহয়। চুপাৰ চাকাৰ, ৰ'বট আদিকে ধৰি কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰে যিমান ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে।

এজাক বৰষুণতে বুৰ গ’ল মহানগৰীত বিভিন্ন প্ৰান্ত, নিশা অহা মুষলধাৰ বৰষুণত সৃষ্টি কৃত্ৰিম বানৰ
এজাক বৰষুণতে বুৰ গ'ল মহানগৰীত বিভিন্ন প্ৰান্ত
barasha-misra
Barasha Misra | Updated On: 05 Jul 2024 10:18 AM

বানৰ কৱলত ৰাজ্যৰ বিভিন্ন প্ৰান্ত । এতিয়াও বানৰ কবলত ২৮ খন জিলাৰ ১২ লাখ লোক। হেঁপাহৰ ঘৰখন হেৰুৱাই চকুপানীৰে বাট নেদেখা হৈছে ৰাইজে। নিশা অহা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায় ভাগ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত । এজাক বৰষুণ দিলেই আলৈ-আথানি হয় মহানগৰবাসীৰ। কাহিলিপাৰা, লখিমি নগৰ, অনিল নগৰ, হাতীগাঁও,জু-ৰোড, নাৰেংগী ৰোড, আৰু যোৰাবাটকে আদি কৰি মহানগৰীৰ ভিন্ন স্থানত সৃষ্টি কৃত্ৰিম বানৰ। কৰবাত এক আঁঠু কৰবাত একঁকাল পানী। দীৰ্ঘদিন ধৰি চৰকাৰ প্ৰশাসনক কৃত্ৰিম বান ৰোধৰ বাবে আবেদন-নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত সমাধান নহ’ল মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা । কৃত্ৰিম বান ৰোধত বিফল গুৱাহাটী পৌৰ নিগম তথা চৰকাৰ প্ৰশাসন ।

কৃত্ৰিম বানপানীৰ ফলতো ৰাজপথতেই নদী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা দৃশ্য নতুন নহয়। এজাক বৰষুণতেই পানীত ডুব যায় গুৱাহাটী মহানগৰী। গুৱাহাটী পৌৰ নিগমে অৱশ্যে কোনো ব্যৱস্থা গ্ৰহণ নকৰা নহয়। মাজে সময়ে গুৱাহাটীৰ নলা-নৰ্দমা সমূহ চাফা কৰে যদিও সুফল পোৱা নাই। স্মাৰ্ট চিটী হিচাপে গুৱাহাটী মহানগৰক গঢ় দিবলৈ প্ৰয়াস কৰা চৰকাৰে কৃত্ৰিম বানপানীক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল যদিও এইক্ষেত্ৰত এতিয়াও বহু পৰিৱৰ্তন আনিবলৈ বাকী আছে। যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে মহানগৰবাসী।

এই বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানত নিশা ঘন্টাৰ পিছত ঘন্টা ধৰি ঘৰলৈ যাবলৈ অপেক্ষা কৰি থাকিল ৰাইজে। কৃত্ৰিম বানৰ ফলত বিভিন্ন প্ৰান্তত ট্ৰেফিক জামৰো সৃষ্টি হয়। ফলত চলাচল কৰা যান-বাহন সমূহৰ চালকৰ লগতে যাত্ৰী সকলো কিছু সময়ৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।

অৱশ্যে ইয়াৰ ক্ষেত্ৰত কেৱল চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক জগৰীয়া কৰিলেই নহ’ব। বহু সময়ত দেখা যায় যে একাংশ লোকেই ৰাজপথতেই জাবোৰ জোথৰ পেলায় লেতেৰা কৰে। য’তে ত’তে প্লাষ্টিকৰ বটল বিভিন্ন সামগ্ৰী পেলায়। যাৰ বাবে নলা-নৰ্দমাসমূহ বন্ধ হৈ পানী যাব নোৱাৰা হৈ পৰে।

উল্লেখ্য যে, চৰকাৰ আহিছে,চৰকাৰ গৈছে। কেৱল সলনি হোৱা নাই গুৱাহাটীবাসীৰ সমস্যা। বহুবছৰ ধৰি কৃত্ৰিম বানৰ কবলত ভুগি আছে গুৱাহাটী মহানগৰৰ জনতাই। মহানগৰীত বাৰিষাৰ দিনকেইটাত কৃত্ৰিম বানপানী কোনো নতুন সমস্যা নহয়। বছৰ বছৰ ধৰি মহানগৰবাসীয়ে কৃত্ৰিম বানপানীত জীয়াতু ভুগিবলগীয়া হৈ আহিছে কিন্তু এই পৰ্যন্ত কোনো এখন চৰকাৰে ইয়াৰ স্থায়ী সমাধান উলিয়াব পৰা নাই।