Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ADREৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ড্ৰাইভিং টেষ্ট, ষ্টেনোগ্ৰাফাৰ-ইলেকট্ৰিয়ানৰ ব্যৱহাৰিক পৰীক্ষা, ৪ৰ্থ বৰ্গত উৰ্ত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। ফেচবুক লাইভযোগে পৰীক্ষাৰ দিনঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ১৫ জুনৰ পৰা আৰম্ভ হ’ব ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা। মঙলবাৰৰ ভিতৰত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।
- ইফালে ৫ জুনত ঘোষণা কৰা হ’ব স্নাতকোত্তৰ পদৰ শিক্ষকসকলৰ পৰীক্ষাৰ ফলাফল। ইয়াৰ পাছতে তেওঁলোকৰ নথি- পত্ৰ পৰীক্ষণৰ কাম- কাজ সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে ফেচবুক লাইভযোগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ।
- ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব BTRৰ নিৰ্বাচন। তাৰ পাছতে অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল স্বায়ত্ত পৰিষদৰ নিৰ্বাচন। এই ঘোষণা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।
- আছুৰ প্ৰাক্তন সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক। সম্প্ৰতি দুলীয়াজান থানাত আছে আছুৰ প্ৰাক্তন সাঃ সম্পাদকজন। শংকৰজ্যোতিৰ বিৰুদ্ধে দুলীয়াজানৰ এটা পেট্ৰ’ল পাম্পত গুণ্ডাগিৰি কৰাৰ অভিযোগ। দুলীয়াজান থানাত পঞ্জীয়ন হোৱা গোচৰ সন্দৰ্ভত সোধা-পোছা কৰা হৈছে শংকৰজ্যোতি বৰুৱাক ।
- সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত পুনৰ মত প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, গৌৰৱ গগৈয়ে ISIৰ আমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৈছিল। তাৰ তথ্য আমাৰ হাতত আছে। তেওঁ ফুৰিবলৈ যোৱা নাছিল। এয়া নিশ্চিত যে তাত তেওঁ প্ৰশিক্ষণ ল’বলৈ গৈছিল। আই এছ আইৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পাছত তেওঁ পাকিস্তানত গৈছিল।
- দেওবাৰে তেলেংগানা আৰক্ষীয়ে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছ ( (ISIS) ৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কাউন্টাৰ-ইন্টেলিজেন্স অপাৰেশ্যনৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি,দুয়োজন সন্ত্ৰাসবাদীয়ে ভাৰতত কোনো ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল। ইয়াৰ বাবে দুয়ো নিৰ্জন অঞ্চলত পৰীক্ষণমূলক বিস্ফোৰণ সংঘটিত কৰিছিল।
- পাকিস্তানৰ সিন্ধ প্ৰদেশত সংঘটিত এক ঘটনাই লস্কৰ-ই-তৈবা আৰু দেশখনৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি, লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডৰ ৰাজাউল্লাহ নিজামানী ওৰফে ছাইফুল্লাহ খালিদক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। সিন্ধ প্ৰদেশৰ মাটলী চহৰৰ ফালকাৰা চ’কৰ সমীপত তেওঁ ঘৰৰ পৰা ওলাই অহাৰ সময়তে দুৰ্বৃত্তই গুলীয়াই থিতাতে হত্যা কৰে।
- কৰ্কট ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেন। স্বাস্থ্য সন্দৰ্ভত বাইডেনৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এক বিবৃতি। বিবৃতি অনুসৰি চিকিৎসকে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি বাইডেন প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত। এই ৰোগ তেওঁৰ হাড়লৈ বিয়পি পৰিছে। বিবৃতিটোত কোৱা হৈছে যে বাইডেনে প্ৰথমে প্ৰস্ৰাৱৰ সংক্ৰমণৰ অভিযোগ দিছিল, তাৰ পিছত চিকিৎসকে পৰীক্ষাৰ পিছত কৰ্কট ৰোগ নিশ্চিত কৰিছিল।
লগতে পঢ়ক: আজিৰ দিনটো ৰাশিফল