শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
প্ৰৱেশ নিষেধ! ইউনুছৰ মন্তব্যৰ পিছতে বাংলাদেশক লৈ ডাঙৰ সিদ্ধান্ত ভাৰতৰ

প্ৰৱেশ নিষেধ! ইউনুছৰ মন্তব্যৰ পিছতে বাংলাদেশক লৈ ডাঙৰ সিদ্ধান্ত ভাৰতৰ

trishna-kalita
Trishna Kalita | Updated On: 18 May 2025 21:54 PM

বৈদেশিক বাণিজ্য বিভাগে ঘোষণা কৰিছে যে এতিয়াৰ পৰা ভাৰতৰ সকলো সীমান্ত বা বন্দৰৰ পৰা বাংলাদেশলৈ ৰেডিমেড গাৰ্মেণ্ট, প্ৰচেছড ফুড, প্লাষ্টিকৰ সামগ্ৰী, কাঠৰ আচবাব, ৰং আৰু আমদানি কৰা নহ’ব। অৱশ্যে ভাৰত হৈ নেপাল আৰু ভূটানলৈ যোৱাত কোনো সমস্যা নাই।

ভাৰতৰ বাবে স্বাধীনতাৰ মুখ দেখা বাংলাদেশে আজি সমগ্ৰ দেশতে ভাৰতৰ বিৰুদ্ধে ঘৃণাৰ বীজ ৰোপণ কৰিছে। ভাৰতে যিখন দেশৰ বিৰুদ্ধে যুঁজি বাংলাদেশক স্বাধীনতা প্ৰদান কৰিছিল, সেইখন পাকিস্তান এতিয়া তেওঁলোকৰ প্ৰিয় বন্ধু হৈ পৰিছে। এই সকলোবোৰৰ পিছতে ভাৰতে আৰম্ভ কৰিছে একশ্যন। এইবাৰ বাংলাদেশৰ পৰা পোনপটীয়াকৈ ভাৰতত প্ৰৱেশ ক্ষেত্ৰত কেইবাবিধো সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্য বিভাগে (DGFT)) শনিবাৰে এই তালিকাত অন্তৰ্ভুক্ত সামগ্ৰীৰ তালিকা প্ৰকাশ কৰে। যিয়ে দুয়োখন দেশতে হুলস্থূলৰ সৃষ্টি কৰিছে।

বৈদেশিক বাণিজ্য বিভাগে ঘোষণা কৰিছে যে এতিয়াৰ পৰা ভাৰতৰ সকলো সীমান্ত বা বন্দৰৰ পৰা বাংলাদেশলৈ ৰেডিমেড গাৰ্মেণ্ট, প্ৰচেছড ফুড, প্লাষ্টিকৰ সামগ্ৰী, কাঠৰ আচবাব, ৰং আৰু আমদানি কৰা নহ’ব। অৱশ্যে ভাৰত হৈ নেপাল আৰু ভূটানলৈ যোৱাত কোনো সমস্যা নাই। ভাৰতৰ এই সিদ্ধান্তই স্তম্ভিত কৰি তুলিছে ব্যৱসায়ীসকলক।  ২০২৩-২৪ বিত্তীয় বৰ্ষত বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰায় ১.৫৭ বিলিয়ন ডলাৰৰ সামগ্ৰী আমদানি কৰা হৈছিল। এই সকলোবোৰ বস্তুৰ ভিতৰত ৰেডিমেড কাপোৰ আৰু প্ৰচেছড খাদ্য আছিল আটাইতকৈ বেছি। ইয়াৰ বাবে ব্যৱসায় ক্ষতিগ্ৰস্ত হ’ব বুলি কোৱা হৈছে।