শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আদালত নে সংসদ, সৰ্বোচ্চ স্থানত কোন! উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কলে এইদৰে….

আদালত নে সংসদ, এই দুয়োটাৰ ভিতৰত দেশৰ সৰ্বোচ্চ স্থানত কোন?- এই প্ৰশ্নটোক কেন্দ্ৰ কৰি বিগত কিছুদিন পূৰ্বে দেশত ব্যাপক আলোচনা হোৱা দেখা গৈছিল। বিজেপি সাংসদ নিশিকান্ত ডুবেৰ এক মন্তব্যৰ আধাৰত এই প্ৰশ্নটি সমগ্ৰ দেশতে ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল। এতিয়া এই চৰ্চিত বিষয়টিৰ ওপৰত মতামত দাঙি ধৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই।

আদালত নে সংসদ, সৰ্বোচ্চ স্থানত কোন! উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কলে এইদৰে….
দেশৰ মুখ্য ন্যায়াধীশ নি আৰ গাভাইImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 19 May 2025 00:24 AM

আদালত নে সংসদ, এই দুয়োটাৰ ভিতৰত দেশৰ সৰ্বোচ্চ স্থানত কোন?- এই প্ৰশ্নটোক কেন্দ্ৰ কৰি বিগত কিছুদিন পূৰ্বে দেশত ব্যাপক আলোচনা হোৱা দেখা গৈছিল। বিজেপি সাংসদ নিশিকান্ত ডুবেৰ এক মন্তব্যৰ আধাৰত এই প্ৰশ্নটি সমগ্ৰ দেশতে ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল। মৌখিক আক্ৰমণ প্ৰত্যাক্ৰমণেৰে ভৰি দেশৰ ৰাজনীতি। আনকি দেশৰ উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়েও এই ক্ষমতা বিতৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

সাম্প্ৰতিক সময়তো এই বিষয়কে কেন্দ্ৰ কৰি সৃষ্টি হোৱা চৰ্চা তথা আলোচনাৰ ওৰ পৰা নাই। এতিয়া এই চৰ্চিত বিষয়টিৰ ওপৰত মতামত দাঙি ধৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই। এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ দাঙি ধৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাৰ মতে, আদালত বা সংসদ নহয়, এই দেশৰ সৰ্বোচ্চ স্থানত আছে সংবিধান।

দেওবাৰে মুম্বাইত মহাৰাষ্ট্ৰ আৰু গোৱা বাৰ কাউন্সিলৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল দেশৰ নতুন মুখ্য ন্যায়াধীশ বি আৰ গাভাই। সেই অনুষ্ঠানৰ পৰাই তেওঁ এই বিতৰ্কৰ ওপৰত প্ৰকাশ কৰিছিল মতামত। ‘লাইভ ল’ৰ এক প্ৰতিবেদন অনুসৰি, আদালত নে সংসদ- কোন শীৰ্ষত আছে প্ৰশ্নটোক কেন্দ্ৰ কৰি চলি থকা বিতৰ্ক সন্দৰ্ভত মন্তব্য ৰাখি তেওঁ সংবিধানক সৰ্বোচ্চ স্থান দিয়ে।

তেওঁ কয়, ‘এই দেশত একমাত্ৰ সৰ্বোচ্চ কৰ্তৃত্ব হৈছে সংবিধান আৰু তিনিটা স্তম্ভ অৰ্থাৎ ন্যায়পালিকা, সংসদ আৰু কাৰ্যবাহীয়ে একেলগে কাম কৰিব লাগিব।” প্ৰতিটো সাংবিধানিক প্ৰতিষ্ঠানে আন প্ৰতিষ্ঠানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব বুলিও মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীৰ এই মন্তব্যই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে।