ISRO Satellite Launch: উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত বিফল EOS-09, ISRO ই দিলে বেয়া খবৰ
ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত PSLV-C61 মুকলি কৰাৰ সময়ত কয় যে, “এই অভিযান তৃতীয় পৰ্যায়ত বিফল হৈছে। আমি ইয়াৰ ওপৰত পৰ্যবেক্ষণ কৰিছোঁ আৰু অভিযান সম্পূৰ্ণ কৰিব পৰা নাই। আমি মূল্যায়ন কৰি পুনৰ উভতি আহিম। "
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দিলে বেয়া খবৰ । দেওবাৰে পুৱা ইছৰোৱে EOS-09 নামৰ নতুন উপগ্ৰহ উৎক্ষেপণ কৰে। কিন্তু তৃতীয় পৰ্যায়ত বিফল হয়। এই উপগ্ৰহটোৱে নিৰ্দিষ্ট কক্ষপথত উপনীত হ’ব পৰা নাছিল। এয়া আছিল ইছৰোৰ ১০১ সংখ্যক উপগ্ৰহ উৎক্ষেপণ অভিযান। যদি সফল হ’লহেতেন, তেন্তে এই উপগ্ৰহটোৱে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি জলবায়ু পৰিৱৰ্তনলৈকে একাধিক কামত সহায় কৰিলেহেঁতেন।
ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত PSLV-C61 মুকলি কৰাৰ সময়ত কয় যে, “এই অভিযান তৃতীয় পৰ্যায়ত বিফল হৈছে। আমি ইয়াৰ ওপৰত পৰ্যবেক্ষণ কৰিছোঁ আৰু অভিযান সম্পূৰ্ণ কৰিব পৰা নাই। আমি মূল্যায়ন কৰি পুনৰ উভতি আহিম। ”
উৎক্ষেপণৰ সময়ত দিয়া চমু ভাষণত নাৰায়ণনে কয়, “EOS-09 হৈছে ২০২২ চনত উৎক্ষেপণ হ’বলগীয়া EOS-04 ৰ দৰেই পুনৰাবৃত্তিমূলক উপগ্ৰহ। যিটো কাৰ্যকৰী প্ৰয়োগত নিয়োজিত ব্যৱহাৰকাৰী সম্প্ৰদায়ৰ বাবে ৰিম’ট চেন্সিং ডাটা নিশ্চিত কৰিবলৈ আৰু পৰ্যবেক্ষণ উন্নত কৰিবলৈ ডিজাইন কৰা হৈছে।”
ইয়াৰ পূৰ্বে শনিবাৰে শ্ৰীহৰিকোটাৰ পৰা প’লাৰ চেটেলাইট লঞ্চ ভেহিকেল ৰকেটৰ জৰিয়তে EOS-09 উৎক্ষেপণৰ ২২ ঘণ্টীয়া কাউণ্টডাউন আৰম্ভ কৰা হৈছিল। আজি পুৱা ৫:৫৯ বজাত শ্ৰীহৰিকোটাত অৱস্থিত মহাকাশ কেন্দ্ৰটোৰ প্ৰথমটো উৎক্ষেপণ স্থানৰ পৰা PSLV-C61 উৎক্ষেপণৰ কৰিছিল। এইটো আছিল মহাকাশ সংস্থা ইছৰোৰ ১০১ সংখ্যক অভিযান।
EOS-09 ৰ ওজন প্ৰায় ১,৬৯৬.২৪ কিলোগ্ৰাম। এই অভিযান সফল হ’লে ই পৃথিৱী নিৰিক্ষণ উপগ্ৰহৰ গোটত যোগদান কৰিলেহেঁতেন। এই অভিযানৰ লক্ষ্য সমগ্ৰ দেশতে বিস্তাৰিত সময়ৰ তথ্য সংগ্ৰহৰ প্ৰয়োজনীয়তা পূৰণ। ইয়াৰ উৎক্ষেপণ সফল হ’লে EOS-09 এ ৫ বছৰৰ বাবে কাম কৰিলেহেঁতেন।