শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s Horoscope: কেনে যাব আপোনাৰ সোমবাৰৰ দিনটো? কাৰ উদয় হ’ব ভাগ্য? চাওক আজিৰ ৰাশিফল…

Daily Horoscope: ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কাৰ ভাগ্যত কি আছে...

Today’s Horoscope: কেনে যাব আপোনাৰ সোমবাৰৰ দিনটো? কাৰ উদয় হ’ব ভাগ্য? চাওক আজিৰ ৰাশিফল…
ৰাশিফল
trishna-kalita
Trishna Kalita | Published: 19 May 2025 06:00 AM

Daily Horoscope:  আজি  ১৯ মে’, সোমবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

মেষ ৰাশি: আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাসেৰে ভৰা হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাবলৈ সুযোগ পাব। শাসন ব্যৱস্থাৰ সম্পূৰ্ণ লাভ পাব। আপোনাৰ যিকোনো পুৰণি ভুল পৰিয়ালৰ সদস্যৰ সন্মুখত পোহৰলৈ আহিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ’ব। অংশীদাৰিত্বত কোনো চুক্তি চূড়ান্ত কৰাৰ পৰা দূৰত থাকিব লাগিব। যদি আপোনাৰ কোনো চৰকাৰী কাম বাকী আছিল, তেন্তে সেয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

বৃষ ৰাশি: লক্ষ্যত গুৰুত্ব দিয়ক।  আপোনাৰ মানসিক অশান্তি হ’ব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ’ব। আজি ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব।

মিথুন ৰাশি: আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল। ভ্ৰমণৰ যোগ আছে। পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ আগবাঢ়িব। দীৰ্ঘদিন ধৰি চলি থকা ঋণৰ সমস্যা কমিব। আপোনাৰ মনৰ ইচ্ছা পূৰণ হ’ব যাৰ বাবে আপুনি সুখী হ’ব। আনক কথা কোৱাৰ আগতে চিন্তা কৰিব।

কৰ্কট ৰাশি: আজিৰ দিনটোৱে আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। দূৰত বাস কৰা কোনো আত্মীয়ক হেৰুৱাব পাৰে। চাকৰিৰ কিবা কামৰ বাবে ক’ৰবাত ওলাই যাব পাৰে। পত্নীৰ লগত কোনো কথাত তৰ্ক হ’লে তেওঁক সন্মত কৰাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব কাৰণ আপুনি একে সময়তে একাধিক কাম হাতত ল’ব লাগিব। কামবোৰ বুজাবুজিৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব।

সিংহ ৰাশি: মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ চিকিৎসা। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি আহিব। আপোনাৰ জীৱন-সংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। আজি প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। বৈবাহিক জীৱনত কঠিন সময় গুছি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব ।

কন্যা ৰাশি: আজি ​​কন্যা ৰাশিৰ বাবে মিশ্ৰিত ফলাফলৰ দিন। ​​দিনটোৰ প্ৰথমাৰ্ধত যি কষ্ট কৰে, আগন্তুক দিনত ইয়াৰ সুফল পোৱা যাব। ​​কৰ্মক্ষেত্ৰত আপুনি পৰম ধৈৰ্য্য আৰু সাৱধানতাৰে আগবাঢ়িব লাগিব। নহ’লে আপোনাৰ এটা সৰু ভুল আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে। লাভতকৈ লোকচানৰ সম্ভাৱনা বেছি। গতিকে আৰ্থিক সিদ্ধান্ত সযতনে লওক। ​​ব্যৱসায় আশা কৰাতকৈ কম হ’ব যিয়ে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব। প্ৰেমৰ ক্ষেত্ৰত ​​এটা স্বাভাৱিক দিন হ’ব। যিকোনো কথাত প্ৰেমিকৰ লগত কিছু মতানৈক্য হ’ব পাৰে।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ভাল। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। যদি কোনো আইনী বিষয়ত চেষ্টা চলাই আছিল তেন্তে সফলতা লাভ কৰিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। নতুন কোনো কামত চেষ্টা কৰিব। ধন সম্পৰ্কীয় দিশত গুৰুত্ব দিব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশি: আজিৰ আপোনাৰ বাবে দীঘলীয়া যাত্ৰা দিন। যদি আপোনাৰ কোনো কাম ধনৰ বাবে আবদ্ধ হৈ পৰিছিল, তেন্তে সেয়া সম্পূৰ্ণ হ’ব। আপোনাৰ পদবী আৰু প্ৰতিপত্তি বৃদ্ধি পাব পাৰে। প্ৰয়োজন অনুসৰি খৰচ কৰিলে ভাল হ’ব। কাৰোবাৰ প্ৰভাৱত পৰি ভুল বিনিয়োগ কৰিব পাৰে। অতীতৰ ভুলৰ পৰা শিক্ষা ল’ব লাগিব। যান-বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ’ব। অচিনাকি মানুহক বেছি বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ’ব।

ধনু ৰাশি: আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে ভাল দিন। আপোনাৰ ভিতৰত থকা অতিৰিক্ত শক্তিৰ বাবে কামবোৰ সহজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। ভ্ৰমণৰ বাবে ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ বিবাহ প্ৰস্তাৱ অনুমোদনৰ বাবে পৰিবেশ সুখকৰ হ’ব। আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত কি সমস্যাৰ সন্মুখীন হৈছে সেই সম্পৰ্কে আপুনি শিক্ষকৰ লগত কথা পাতিব লাগিব। কোনো গুৰুত্বপূৰ্ণ তথ্য আপোনাৰ কোনো সহকৰ্মীৰ সৈতে ভাগ-বতৰা নকৰিব।

মকৰ ৰাশি: ধন সম্পৰ্কীয় বিষয়ৰ বাহিৰে সকলো কামতে আপুনি সন্মান পাব। দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈকে আৰ্থিক সমস্যাই আপোনাক আমনি কৰি থাকিব। সময়মতে কাম সম্পূর্ণ কৰাৰ পাছতো আপুনি আশা কৰা ধৰণে সফলতা লাভ কৰা নাই বুলি অনুভৱ কৰিব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় ল’লে কিছুমান সমস্যাৰ পৰা সকাহ পাব। দুপৰীয়াৰ পিছত সামাজিক কাম-কাজৰ বাবে সময় উলিয়াব লাগিব আৰু ইচ্ছা নকৰিলেও পৰিয়াল বা আত্মীয়ৰ লগত সময় কটাব লাগিব। পৰিয়ালত শান্তি থাকিব আৰু আপোনাৰ কামৰ বাবে পৰিয়ালৰ লোকে আপোনাক সন্মান কৰিব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাবোৰ থাকিব।

কুম্ভ ৰাশি: আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। পিতৃ-মাতৃৰ আশীৰ্বাদৰ ফলত কোনো কাম সম্পূৰ্ণ হ’ব। সন্তানে বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আপোনাৰ ধন অধিক খৰচৰ যোগ আছে। আনক টকা ধাৰলৈ নিদিব। কামৰ ক্ষেত্ৰত ভাগ্যই লগ দিব। ব্যৱসায়ী কৰাসকলে কোনো ডাঙৰ প্ৰজেক্ট লাভ কৰিব পাৰে।

মীন ৰাশি: আজি আপোনাৰ বাবে কিছু দুৰ্বল দিন হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত কামৰ চাপ বেছি হ’ব। কোনো কথাত আপোনাৰ ওপৰত বছৰ খং উঠিব পাৰে। পাৰিবাৰিক সম্পৰ্কত ধৈৰ্যৰে যিকোনো বিষয় সমাধান কৰিব লাগিব। কোনো কথাতে অকাৰণতে খং নকৰিব। স্বেচ্ছাচাৰী আচৰণৰ বাবে আপোনাৰ ওপৰত মাতৃৰ খং উঠিব পাৰে। আপুনি আপোনাৰ সন্তানক কোনোবা কোৰ্চৰ বাবে ক’ৰবাত ভৰ্তি কৰিব পাৰে।