হয়, মই আৰু পত্নী পাকিস্তানলৈ গৈছিলো, এয়া আছিল ব্যক্তিগত ভ্ৰমণঃ গৌৰৱ গগৈ
অৱশেষত পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে সাংসদ গৌৰৱ গগৈয়ে। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি গৌৰৱে কয় যে, তেওঁ পত্নীৰ সৈতে বিধি সন্মতভাবে পাকিস্তানলৈ গৈছিল।

হয়, মই ২০১৩ চনত পাকিস্তানলৈ গৈছিলো- অৱশেষত পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে গগৈয়ে। এই সময়চোৱাত গগৈয়ে পাকিস্তান বিষয়টোৰ লগতে কয়লা চিণ্ডিকেটকে ধৰি বিভিন্ন বিষয় উত্থাপন কৰে।
পাকিস্তান সন্দৰ্ভত মুখ খুলি গগৈয়ে কয় যে, “আজিৰ পৰা ১৪-১৫ বছৰ পূৰ্বে মোৰ পত্নী পাকিস্তান গৈছিল। তেওঁ এটা পাব্লিক পলিচিৰ বিশেষজ্ঞ। সেই সময়ত তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰজেক্টৰ কাম কৰি আহিছিল। সংস্থাটোৱে দক্ষিণ এছিয়াৰ জলবায়ু পৰিবৰ্তনৰ ওপৰত কাম কৰিছিল আৰু সেই সংস্থাটোত জড়িত আছিল পত্নী। গতিকে দক্ষিণ এছিয়াৰ প্ৰজেক্টৰ বাবে তেওঁ এটা বছৰ পাকিস্তানত আছিল”।
গগৈয়ে কয় যে, “২০১১ চনত তেওঁ পাকিস্তানলৈ গৈছিল আৰু ২০১২-১৩ চনত তেওঁ ঘূৰি আহিছিল। তাৰ পাছত ২০১৫ চনত তেওঁ অন্য এটা চাকৰিত যোগদান কৰিছিল। আজিৰ পৰা প্ৰায় ১১-১২ বছৰ পূৰ্বে, ২০১৩ চনত মইও তেওঁৰ সৈতে পাকিস্তানলৈ গৈছিলো। ভাৰত চৰকাৰৰ সকলো নীতি অনুসৰণ কৰি পাকিস্তানলৈ গৈছিলো। সেই সময়ত মই সাংসদ নাছিলো। বিয়াৰ পাছত পাকিস্তানলৈ এয়া আছিল ব্যক্তিগত ভ্ৰমণ। কিন্তু এতিয়া সেই কথাটোৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চি গ্ৰেড ছবি নিৰ্মাণ কৰি আছে। যিখন ১০ ছেপ্টেম্বৰত মুকলি হ’ব আৰু সম্পূৰ্ণ ফ্লপ হ’ব”।
বৰাই অভিযোগ উত্থাপন কৰি কয় যে, নিৰ্বাচন আহি আছে বাবে শৰ্মাই কংগ্ৰেছক ধ্বংস কৰাৰ উদ্দেশ্য এইবোৰ কাম কৰি আছে। লগতে প্ৰশ্ন কৰে যে, যদি অবৈধভাবে পাকিস্তানলৈ গৈছিল তেন্তে এতিয়ালৈকে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? যোৱা ১০ বছৰ ধৰি বিজেপি চৰকাৰ আছিল, গতিকে কিয় চৰকাৰ বা কেন্দ্ৰীয় অনুসন্ধান সংস্থাই কোনো ব্যৱস্থা নল’লে বুলি প্ৰশ্ন কৰে তেওঁ।
উল্লেখ্য যে, যোৱা কেইটামান মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছে। শৰ্মাই কৈছিল যে, গৌৰৱ গগৈয়ে ISI ৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল। ইমানেই নহয় গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লাভ কৰিছিল।
এই কথাৰ ওপৰত মন্তব্য প্ৰদান কৰি প্ৰাক্তন কংগ্ৰেছ সাংসদ ৰিপুণ বৰাই স্বীকাৰ কৰিছিল গগৈ আৰু পত্নী পাকিস্তানলৈ যোৱাৰ কথা। আনকি তেওঁ কৈছিল যে, গৌৰৱ গগৈৰ পত্নীয়ে পেচাগতভাবে পাকিস্তানত আছিল আৰু চৰকাৰৰ দৰমহা লাভ কৰিছিল। ইয়াৰোপৰি গৌৰৱ গগৈৰ পত্নী আৰু সন্তানো ভাৰতীয় নহয়। এই বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত কৰি থকাৰ মাজতে আজি পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰে গৌৰৱ গগৈয়ে।
অন্য খবৰ পঢ়কঃ কংগ্ৰেছ কেৱল নীলা তেজৰ মানুহক এগ্ৰাধিকাৰ দিয়ে, গৌৰৱে এতিয়া সমগ্ৰ দলটো লৈ ডুবিবঃ মুখ্যমন্ত্ৰী