২০২৬ত অসমত কংগ্ৰেছ চৰকাৰ! দাবী গৌৰৱ গগৈৰ, মুখ্যমন্ত্ৰীলৈ জাতিগত লোকপিয়লৰ প্ৰত্যাহ্বান
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ কান্ধত এতিয়া গধূৰ দায়িত্ব। অৱশ্যে দায়িত্ব গধূৰ হ’লেও আত্মবিশ্বাসী গৌৰৱ গগৈ। এই আত্মবিশ্বাসেৰেই আগন্তুক ২৬ৰ নিৰ্বাচনত কংগ্ৰেছ পুনৰ ৰাজ্যৰ শাসনলৈ উভতিব বুলি দৃঢ় দাবী কৰিছে যোৰহাটৰ সাংসদগৰাকীয়ে।
কাষ চাপি আহিছে আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন। ইয়াৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণ তথা দাবী-অভিযোগ। নিৰ্বাচনৰ বাবে শেহতীয়া কিছুদিনত শাসকীয় বিজেপিৰ জোৰদাৰ প্ৰস্তুতি দেখা গৈছে। পিছ পৰি ৰোৱা নাই বিৰোধী কংগ্ৰেছো। পিছে বিজেপিৰ তুলনাত যেন কিছু নিস্তেজ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰস্তুতি। প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দলক নেতৃত্ব প্ৰদান কৰিবলৈ সাজু হৈছে গৌৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ কান্ধত এতিয়া গধূৰ দায়িত্ব।
অৱশ্যে দায়িত্ব গধূৰ হ’লেও আত্মবিশ্বাসী গৌৰৱ গগৈ। এই আত্মবিশ্বাসেৰেই আগন্তুক ২৬ৰ নিৰ্বাচনত কংগ্ৰেছ পুনৰ ৰাজ্যৰ শাসনলৈ উভতিব বুলি দৃঢ় দাবী কৰিছে যোৰহাটৰ সাংসদগৰাকীয়ে। কংগ্ৰেছৰ ১৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে তেজপুৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ তেওঁ এই দাবী কৰিছে।
সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিটো বুথতে দলৰ ভেটি শক্তিশালী কৰাৰ সংকল্প লোৱা বুলি উল্লেখ কৰে। বৰ্তমানৰ বিজেপি চৰকাৰে ৰাজ্যত অপশাসন চলাই থকা বুলি অভিযোগ কৰি গৌৰৱ গগৈয়ে লগতে কংগ্ৰেছে ৰাজ্যবাসীক এই অপশাসনৰ পৰা উদ্ধাৰ কৰিব বুলিও মন্তব্য কৰে।
বিজেপিৰ অপশাসনৰ পৰা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰে বুলি দাবী কৰি গৌৰৱ গগৈয়ে তেজপুৰৰ পৰাই এখন বৰ অসম গঢ়াৰ সংকল্প লোৱা বুলিও মন্তব্য কৰে আৰু বিভাজনৰ বীজ সিঁচিব বিচৰা সকলক অসমৰ পৰা বিদায় দিম বুলিও হুংকাৰ দিয়ে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক বিশেষ প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈয়ে।
হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাই অসমত জাতিগত লোকপিয়ল কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। শাসকীয় বিজেপিয়ে সামাজিক ন্যায় আৰু সৰ্বাংগীন উন্নয়নৰ সৈতে জড়িত মূল বিষয়সমূহ পৰিহাৰ কৰা বুলি অভিযোগ তুলি তেওঁ ন্যায্য নীতি নিৰ্ধাৰণ নিশ্চিত কৰিবলৈ জাতিগত লোকপিয়ল অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে।