শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Year Ender 2025: অভিশপ্ত ২০২৫! এটাৰ পিছত এটাকৈ খহি পৰিল অসমীয়া সাংস্কৃতিক জগতৰ ভোটা তৰা…

এই বছৰত এনে বহু নাম প্ৰকৃতিৰ বুকুত বিলীন গ’ল যিয়ে কেৱল অভিনয় নহয়, নিজৰ অসাধাৰণ প্ৰতিভা আৰু কৰ্মৰাজীৰে অসমীয়াৰ হৃদয়ত স্থান দখল কৰিছিল। তেওঁলোকৰ মহাপ্ৰয়াণে ৰাজ্যখনক যেন শূন্যতাৰ দিশত লৈ গ'ল। ২০২৫ বৰ্ষটোত দেহাৱসান হোৱা ১২ গৰাকী বিশিষ্ট শিল্পীক স্মৰণ কৰোঁ আহকচোন।

Year Ender 2025: অভিশপ্ত ২০২৫! এটাৰ পিছত এটাকৈ খহি পৰিল অসমীয়া সাংস্কৃতিক জগতৰ ভোটা তৰা…
২০২৫ত মৃত্যু হোৱা শিল্পী
trishna-kalita
Trishna Kalita | Updated On: 28 Dec 2025 15:01 PM

২০২৫ৰ বিদায় সমাগত। এতিয়া চলিছে নতুন বছৰক আদৰাৰ প্ৰস্তুতি। কিন্তু ২০২৫ বৰ্ষটো আছিল অসমবাসীৰ বাবে এটা অভিশপ্ত বছৰ। এইবছৰতে অসমৰ সাংস্কৃতিক জগতখনে বহু কিংবদন্তি আৰু প্ৰিয় তাৰকাক চিৰদিনৰ বাবে হেৰুৱাই পেলালে। এই শিল্পীসকলৰ ক্ষতি সাধাৰণ নহয়, তেওঁলোকৰ লাখ লাখ অনুৰাগীৰ বাবেও কেতিয়াও নিৰাময় নোহোৱা ঘাঁ। এই তাৰকাসকলে নিজৰ, কৰ্ম, শিল্প আৰু অভিনয়েৰে মানুহৰ হৃদয়ত ইমানেই ছাপ ৰাখি গ’ল যে তেওঁলোকক হেৰুৱাৰ বেদনা কেতিয়াও পাহৰিব নোৱাৰিব।

এই বছৰত এনে বহু নাম প্ৰকৃতিৰ বুকুত বিলীন গ’ল যিয়ে কেৱল অভিনয় নহয়, নিজৰ অসাধাৰণ প্ৰতিভা আৰু কৰ্মৰাজীৰে অসমীয়াৰ হৃদয়ত স্থান দখল কৰিছিল। তেওঁলোকৰ মহাপ্ৰয়াণে ৰাজ্যখনক যেন শূন্যতাৰ দিশত লৈ গ’ল। ২০২৫ বৰ্ষটোত দেহাৱসান হোৱা ১২ গৰাকী বিশিষ্ট শিল্পীক স্মৰণ কৰোঁ আহকচোন।

জুবিন গাৰ্গ

কোন অসমীয়াই পাহৰিব পাৰিব সেই বেদনাদায়ক দিনটো। আজিও যেন উমি উমি জ্বলি আছে সেই জুইকুৰা। ২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰত সাগৰত সাঁতুৰি থকা অৱস্থাত মৃত্যু হৈছিল নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গৰ। এই অপ্ৰত্যাশিত খবৰটো কোনেও বিশ্বাস কৰিব পৰা নাছিল। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ পৰিস্থিতিয়ে ব্যাপক সন্দেহৰ সৃষ্টি কৰিছিল।

ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰদেহ অসমলৈ উভতাই অনাৰ সময়তে বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ লাখ লাখ লোকে ৰাজপথত শাৰী পাতি সমদল কৰিছিল। দুদিন ধৰি শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইত ৰখা হৈছিল জুবিন গাৰ্গৰ নশ্বৰদেহ। তাৰ পাছতেই সোণাপুৰত শেষকৃত্য সম্পন্ন কৰা হয় শিল্পীগৰাকীৰ। তাৰ পিছতে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সহশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰা হয়। অসম চৰকাৰে গঠন কৰা চি আই ডিৰ এটা বিশেষ তদন্তকাৰী দলে আৰম্ভ কৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। ১২ ডিচেম্বৰত এছ আই টিয়ে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু গাৰ্গৰ বেণ্ডৰ সদস্য শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি অভিযোগনামা দাখিল কৰে।

প্রফুল্ল গোবিন্দ বৰুৱা

২০২৫ৰ ডিচেম্বৰৰ ১৪ তাৰিখে মহানগীৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ সাংবাদিকতাৰ জগতৰ পুৰোধা ব্যক্তি প্ৰফুল্ল গোবিন্দ বৰুৱাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা। সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ২০২৮ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখ্য যে, ‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ প্ৰতিষ্ঠাপক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱা। তেওঁ ১৯৬৬ চনত দ্য আছাম ট্ৰিবিউনৰ সম্পাদক হোৱাৰ লগতে বৰ্তমান দ্য আছাম ট্ৰিবিউন গ্ৰুপৰ পৰিচালন সঞ্চালক আছিল।

ৰামচৰণ ভড়ালী

নৱেম্বৰৰ ৭ তাৰিখে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আহিল আন আন এক বেয়া খবৰ। বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীৰ দেহাৱসান। ৭ নৱেম্বৰৰ নিশা ১২.২০ বজাত নলবাৰীৰ কুমাৰীকটাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। এই খবৰে এতিয়া ৰাজ্যত শোকৰ ছাঁ পেলাইছে। নাগাৰা নামৰ এজন বিশিষ্ট পাঠক আছিল ৰামচৰণ ভৰালী। তেওঁ আনুমানিক ১৯৬৪ চনত নাগাৰা দলত যোগদান কৰিছিল আৰু মৃত্যুলৈকে এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছিল। নাগাৰা নামক ৰাইজৰ মাজলৈ লৈ যোৱাত ৰামচৰণ ভৰালীৰ অৱদান অতুলনীয়।

দীপক শৰ্মা

২০২৫ বৰ্ষৰ নৱেম্বৰৰ ৩ তাৰিখে অসমীয়াই পালে আন এক শোকৰ খবৰ। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই। জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল বাঁহীবাদকগৰাকী। চেন্নাইত চিকিৎসাধীন অৱস্থাত ৩ নৱেম্বৰৰ পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। দীর্ঘদিনে যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল দীপক শর্মা। ২১ অক্টোবৰত উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ চিকিৎসাৰ নিয়া হৈছিল দীপক শর্মাক। চেন্নাইৰ ৰেলা হাস্পতালত মহাপ্ৰয়াণ ঘটে বিশিষ্ট বাঁহীবাদকগৰাকীৰ। ৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকী। গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল বাঁহীবাদকগৰাকী।

চৈয়দ ছাদুল্লা

৩০ অক্টোবৰ ২০২৫, আমাৰ মাজৰ পৰা চিৰদিনৰ আঁতৰি গৈছিল সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী তথা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ অনুষ্ঠান উপস্থাপক চৈয়দ ছাদুল্লা। পুৱা ১০.৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে ছাদুল্লাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পীজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ এ গ্ৰেড গীতিকাৰ, প্ৰখ্যাত সংগীত ব্যৱস্থাপক, গীটাৰিষ্ট, আৰু নাট্যকাৰ আছিল। অসমৰ সাংস্কৃতিক জগতলৈ তেওঁ আগবঢ়াই যোৱা অৱদান নতুন প্ৰজন্মৰ বাবে সদায়েই অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।

হেমন্ত দত্ত

২০২৫ বৰ্ষটোৱে আমাৰ মাজৰ পৰা কাঢ়ি নিছিল আন এগৰাকী মহান শিল্লীক। যশস্বী নাট্যকাৰ, গীতিকাৰ, অভিনেতা তথা পৰিচালক হেমন্ত দত্তৰ পৰলোকপ্ৰাপ্তি। ১১ আগষ্টত গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যকাৰগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। জানিব পৰা মতে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ স্নায়ুবিজ্ঞান বিভাগত ভৰ্তি কৰোৱা হৈছিল হেমন্ত দত্তক৷ দীৰ্ঘদিন ধৰি স্নায়ুজনিত ৰোগত আক্ৰান্ত আছিল প্ৰয়াত তেওঁ। বিগত কেইবা দশত ধৰি দত্তই অসমৰ সাহিত্যিক তথা সাংস্কৃতিক জগতলৈ বিপুল বৰঙণি আগবঢ়াই আহিছে। বিশেষকৈ হেমন্ত দত্তৰ অনুপম সৃষ্টি আছিল ‘টাইটানিক’। গীতিকাৰ হিচাপেও বিশেষ সুনাম লাভ কৰিছিল হেমন্ত দত্তই।

তিম’থী দাস হাঞ্চে

হিয়াৰ আমঠু জুবিনক হেৰুৱাই শোকত ভাগি পৰাৰ সময়তে অসমীয়াৰ বাবে আহিছিল আন এটি দুঃখবৰ। বহুকেইখন অসমীয়া জনপ্ৰিয় ছবিৰ পৰিচালক তিম’থী দাস হাঞ্চেৰ শেষ নিশ্বাস ত্যাগ। প্রযোজক, পৰিচালক, সংগীত পৰিচালক, গীতিকাৰ আদি বহুকেইটা দিশত অসমীয়া চলচ্চিত্র জগতখনক সমৃদ্ধ কৰা তিম’থী দাস হাঞ্চেৰ বিয়োগৰ খবৰে আন এক আঘাত দিছিল ৰাজ্যবাসীক। প্ৰতিগৰাকী অসমীয়াৰ হৃদয় জয় কৰা ছবি ‘জীৱন বাটৰ লগৰী’, ‘পলে পলে উৰে মন’, ‘পাহাৰী কন্যা’, ‘ৰঙা মদাৰ’ আদিৰ পৰিচালক আছিল তিম’থী দাস হাঞ্চে। হাঞ্চেৰ পৰিচালিত ‘জীৱন বাটৰ লগৰী’ ছবিখনৰ ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে…’ ছবিখনত কণ্ঠদান কৰিছিল জুবিন গাৰ্গে।

অনুভৱ তুলসী

জুলাই মাহৰ ১ তাৰিখ, ৰাজ্যবাসীৰ বাবে এই দিনটোৱে কঢ়িয়াই আনিলে এক দুখবৰ। অসমীয়া শিল্প-সাহিত্যৰ ক্ষেত্ৰখনক উকা কৰি চিৰদিনৰ বাবে চকু মুদিলে অনুভৱ তুলসীয়ে। স্বাস্থ্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত সাহিত্যিকগৰাকীয়ে। কিছুদিন পূৰ্বে ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ বাবে অনুভৱ তুলসীক গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰা হৈছিল। একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ হিচাপে অনুভৱ তুলসীয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সমৃদ্ধ কৰি গৈছে। বিশেষকৈ বিংশ শতিকাৰ শেষৰফাল পৰা তেওঁ অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অনন্য অৱদান আগবঢ়াই আহিছিল।

ফাইলাও বসুমতাৰী

এপ্ৰিল মাহৰ ২৩ তাৰিখ, ৰাজ্যবাসীৰ বাবে এটা শোকৰ খবৰ। জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰী গ’লগৈ। জীৱনৰ নাটৰ পৰা চিৰবিদায় ল’লে সকলোৰে মৰমৰ ‘বসু দা’-এ। বেহাৰবাৰী আউট পোষ্টৰ ‘বসু দা’ৰ চৰিত্ৰৰে ৰাজ্যজুৰি অধিক জনপ্ৰিয় হৈছিল ফাইলাও বসুমতাৰী। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।

গায়ত্রী হাজৰিকা

২০২৫ বৰ্ষৰ ১৬ মে’ত অজান দেশলৈ গুচি গ’লগৈ সৰা পাতে পাতে ফাগুন নামে.. এই গীতটোৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা। ১৬ মে’ত দিনৰ প্ৰায় ২:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। গায়ত্ৰী হাজৰিকাৰ গায়নশৈলী তথা পৰিৱেশনশৈলীয়ে সকলোকে মুগ্ধ কৰিছিল । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৪৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ ‘সৰা পাতে পাতে ফাগুন নামে’, ‘আবেলিৰ হেঙুলী আকাশে’, ‘তুমি অহাৰ বাতৰি পালে’, ‘মন মোৰ উৰি ফুৰে’ , ৰত্নাকৰ ছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক আদি জনপ্ৰিয় গীতেৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে। দীর্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আছিল গায়িকাগৰাকী। গায়ত্ৰী হাজৰিকাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷

ৰাজীৱ শদিয়া

ভোগালীৰ আনন্দৰ মাজতে ৰাজ্যবাসীয়ে লাভ কৰিছিল এটা বেয়া খবৰ । বছৰটোৰ আৰম্ভণিতে আহিছিল সেই শোকৰ খবৰটো। জানুৱাৰী মাহৰ ১৩ তাৰিখে আমাৰ মাজৰ পৰা হেৰাই গেছিল গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ থকা কণ্ঠশিল্পী ৰাজীৱ শদিয়া । চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ কৰে অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই । তেওঁৰ মৃত্যুত শোকস্তব্ধ সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত লোকৰ লগতে প্ৰতিগৰাকী অসমীয়া । হৃদৰোগত আক্ৰান্ত হৈ কণ্ঠশিল্পী গৰাকী মঞ্চত ঢলি পৰে । তিনিচুকীয়াৰ ফিল’বাৰীত আয়োজিত ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল ৰাজীৱ শদিয়াই। তেওঁৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত লোকৰ লগতে প্ৰতিগৰাকী অসমীয়া ।

জ্ঞানদা কাকতি

সেইদিনা আছিল ৯ জানুৱাৰী ২০২৫। ৯৩ বছৰ বয়সত বুধবাৰে শ্বিলঙৰ বেথানী হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিয়ে। পাৰঘাট চলচ্চিত্ৰৰ জৰিয়তে ছবিজগতত প্ৰৱেশ কৰা এইগৰাকী অভিনেত্ৰীয়ে কেইবাখনো জনপ্ৰিয় ছবিত অভনয় কৰিছিল। পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ আদিত অভিনয় কৰিছিল তেওঁ। বিশিষ্ট অভিনেত্ৰীগৰাকীৰ অসমীয়া চলচ্চিত্ৰ জগতলৈ আছে অনবদ্য অৱদান। জ্ঞানদা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছিল।