শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“কংগ্ৰেছৰ অস্তিত্ব আছে পাকিস্তান আৰু বাংলাদেশত”, বিটিআৰত মুখ্যমন্ত্ৰীৰ মন্তব্য…

বড়ো ভূমিৰ এক জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, "কংগ্ৰেছ ভাৰতত আছে নেকি? কংগ্ৰেছ ভাৰতত নাই! কংগ্ৰেছ আছে পাকিস্তানত। কংগ্ৰেছ আছে বাংলাদেশত।"

“কংগ্ৰেছৰ অস্তিত্ব আছে পাকিস্তান আৰু বাংলাদেশত”, বিটিআৰত মুখ্যমন্ত্ৰীৰ মন্তব্য…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 07 Jul 2025 17:58 PM

বিটিআৰত কংগ্ৰেছৰ অস্তিত্ব নাই। কংগ্ৰেছৰ অস্তিত্ব আছে পাকিস্তান আৰু বাংলাদেশত। এক প্ৰকাৰে কংগ্ৰেছক এইদৰে কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বড়ো ভূমিৰ এক জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, “কংগ্ৰেছ ভাৰতত আছে নেকি? কংগ্ৰেছ ভাৰতত নাই! কংগ্ৰেছ আছে পাকিস্তানত। কংগ্ৰেছ আছে বাংলাদেশত।”

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ পূৰ্বে দলীয় সমৰ্থন শক্তিশালী কৰাৰ লক্ষ্যৰে অভিলাষী “মিছন বিটিআৰ” পদক্ষেপৰ অধীনত পাঁচ দিনীয়া বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ) ভ্ৰমণত আছে। সোমবাৰে কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডত দলীয় কৰ্মীৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

বিটিচি নিৰ্বাচন আৰু ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন দুয়োটাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে। এই উপলক্ষে বড়ো ভূমিত ইখনৰ পিছত সিখন জনসভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গ্ৰীণ ফিল্ডত অনুষ্ঠিত জনসভাত মুখ্যমন্ত্ৰী শৰ্মাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিশেষকৈ বড়ো ভূমিৰ শান্তি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত আলোকপাত কৰে। “বিটিআৰ শান্তি চুক্তিৰ পিছত কোনো এনকাউণ্টাৰ হোৱা নাই, কোনো বোমা বিস্ফোৰণ হোৱা নাই। বিটিআৰলৈ শান্তি ঘূৰি আহিছে আৰু কেৱল বিজেপি চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই সেয়া সম্ভৱ হৈছে।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক : প্র’টিনৰ বাবে ভাৰতীয়সকলে বেছিকৈ কি খায়? সমীক্ষাত প্ৰকাশ

তেওঁ কয় যে, “বিগত পাঁচ বছৰ শান্তি প্ৰতিষ্ঠাৰ বাবে উৎসৰ্গিত হ’লেও অনাগত পাঁচ বছৰত অঞ্চলটোৰ প্ৰতিটো সম্প্ৰদায়ৰ বাবে সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাত গুৰুত্ব দিয়া হ’ব। আমি ইয়াত পৰাজিত হ’বলৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অহা নাই, আমি ইয়াত জয়ী হ’বলৈ আহিছো। শান্তিৰ বাবে, উন্নয়নৰ বাবে, আৰু বিটিআৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে।”

মনকৰিবলগীয়া যে, “মিছন বিটিআৰ”ৰ জৰিয়তে বিজেপিয়ে অঞ্চলটোত নিজৰ এজেণ্ডাক আগুৱাই নিয়াৰ লগতে নিজৰ ৰাজনৈতিক ভেঁটি সুদৃঢ় কৰাৰ লক্ষ্য লৈছে।

লগতে পঢ়ক : বগা চাউল কিয় খাব নালাগে ? এই ৫ প্ৰকাৰৰ চাউল পুষ্টিকৰ উপাদানৰ এক ভঁৰাল…