মন্দিৰত প্ৰৱেশৰ সময়ত মহিলাই মানি চলিব লাগিব এনে পোছাক বিধি!
মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ভাৰতীয় সংস্কৃতি আৰু ৰীতি-নীতি অনুসৰি সাজ-পোছাক পৰিধান কৰিব লাগিব বুলি এই ফটোৱাত কোৱা হৈছে। পোষ্টাৰখনত লগতে কোনো মহিলাই যদি মিনিস্কাৰ্ট, জিন্স-টপ বা আন কোনো পশ্চিমীয়া সংস্কৃতিৰ পোছাক পৰিধান কৰি আহে, তেতিয়া তেওঁলোকে বাহিৰৰ পৰাই মন্দিৰ দৰ্শন কৰি আঁতৰি যাব লাগিব বুলিও নীতি নিৰ্ধাৰণ কৰা হৈছে।
মধ্যপ্ৰদেশত শেহতীয়াকৈ মন্দিৰে মন্দিৰে আঁৰি দিয়া হৈছে এক বিশেষ ফটোৱা। এই ফটোৱা যোগে মহিলাসকলৰ বাবে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত কঠোৰ পোছাক বিধি মানি আৰোপ কৰা হৈছে। এই পোছাক বিধি মানি নচলিলে মন্দিৰত কোনো মহিলাই প্ৰৱেশ কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে। মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ভাৰতীয় সংস্কৃতি আৰু ৰীতি-নীতি অনুসৰি সাজ-পোছাক পৰিধান কৰিব লাগিব বুলি এই ফটোৱাত কোৱা হৈছে।
পোষ্টাৰখনত লগতে কোনো মহিলাই যদি মিনিস্কাৰ্ট, জিন্স-টপ বা আন কোনো পশ্চিমীয়া সংস্কৃতিৰ পোছাক পৰিধান কৰি আহে, তেতিয়া তেওঁলোকে বাহিৰৰ পৰাই মন্দিৰ দৰ্শন কৰি আঁতৰি যাব লাগিব বুলিও নীতি নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পিছতে এনে ফটোৱাৰ দ্বাৰা মহিলাৰ অধিকাৰ খৰ্ব কৰিব বিচৰা বুলিও তীব্ৰ বিৰোধৰ সৃষ্টি হৈছে।