শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
দালাই লামাৰ উত্তৰাধিকাৰ প্ৰসঙ্গত চীনক চাপত পেলাইছে ভাৰতে

দালাই লামাৰ উত্তৰাধিকাৰ প্ৰসঙ্গত চীনক চাপত পেলাইছে ভাৰতে

monjit-dutta
Monjit Dutta | Published: 07 Jul 2025 00:02 AM

জীৱনৰ ৯০ বছৰত ভৰি দিয়াৰ পূৰ্বে যোৱা মঙলবাৰে দালাই লামাই তেওঁৰ উত্তৰাধিকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। ইয়াৰ পিছতে এই বিষয়ত চীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। পিছে এতিয়া ভাৰতে এই বিষয়ত নিজা স্থিতি প্ৰকাশ কৰাৰ পিছতে চীন দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত অধিক ব্যস্ত হৈ পৰিছে।

দেওবাৰে নিজৰ ৯০ সংখ্যক জন্মদিন উদযাপন কৰে তিব্বতৰ ধৰ্মগুৰু দালাই লামাই। জীৱনৰ ৯০ বছৰত ভৰি দিয়াৰ পূৰ্বে যোৱা মঙলবাৰে দালাই লামাই তেওঁৰ উত্তৰাধিকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। দালাই লামাই উল্লেখ কৰিছিল যে তেওঁ গঠন কৰা ফড্ৰাং ট্ৰাষ্টে তেওঁৰ উত্তৰাধিকাৰীৰ সিদ্ধান্ত ল’ব। ইয়াত আন কাৰো ভূমিকা নাথাকিব বুলিও তেওঁ স্পষ্ট কৰি দিছিল। তেওঁৰ এই মন্তব্যৰ পিছতে চীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। শেহতীয়াকৈ চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে দাবী কৰিছে যে চীনৰ অবিহনে দালাই লামাৰ উত্তৰাধিকাৰৰ সিদ্ধান্ত ল’ব নোৱাৰি। চীনৰ আইন আৰু ৰীতি-নীতি অনুসৰি দালাই লামাৰ মনোনয়ন দিব লাগিব বুলি তেওঁ মন্তব্য কৰিছিল।

চীনৰ এনে বক্তব্যৰ পিছতে ভাৰতেও দালাই লামাৰ উত্তৰাধিকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বৃহস্পতিবাৰে ধৰ্মশালাৰ দালাই লামা আশ্ৰমত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে চীনৰ বক্তব্যক একপ্ৰকাৰে প্ৰত্যুত্তৰ দি দালাই লামাৰ উত্তৰাধিকাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰ দালাই লামাৰ বাহিৰে আন কাৰো নাই বুলি মন্তব্য কৰে।