শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্বৰ ছবিজগতত ম্লান পৰিল নেকি বলীউডৰ ৰথী-মহাৰথীৰ যাদু! শ্ৰেষ্ঠ ১০০ ছবিৰ তালিকাত নাই এখনো হিন্দী ছবি

নিউয়ৰ্ক টাইমছে শেহতীয়াকৈ প্ৰকাশ কৰিছে একবিংশ শতিকাৰ প্ৰথম ২৫টা বছৰৰ ভিতৰত মুক্তি পোৱা বিশ্বৰ শীৰ্ষ এশখন ছবিৰ এক তালিকা। পিছে জানি আচৰিত হ’ব, এই শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ এখনো ছবি। স্বাভাৱিকতেই এই কথাই চিনেপ্ৰেমী লোকসকলক আচৰিত কৰি তুলিব।

বিশ্বৰ ছবিজগতত ম্লান পৰিল নেকি বলীউডৰ ৰথী-মহাৰথীৰ যাদু! শ্ৰেষ্ঠ ১০০ ছবিৰ তালিকাত নাই এখনো হিন্দী ছবি
ম্লান পৰিছে নেকি বলীউডৰ চমক!
monjit-dutta
Monjit Dutta | Updated On: 07 Jul 2025 22:47 PM

শেহতীয়াকৈ প্ৰকাশ পাইছে একবিংশ শতিকাৰ প্ৰথম ২৫টা বছৰৰ ভিতৰত মুক্তি পোৱা বিশ্বৰ শীৰ্ষ এশখন ছবিৰ এক তালিকা। এই তালিকাখন প্ৰকাশ কৰিছে নিউয়ৰ্ক টাইমছে। পিছে জানি আচৰিত হ’ব, এই শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ এখনো ছবি। স্বাভাৱিকতেই এই কথাই চিনেপ্ৰেমী লোকসকলক আচৰিত কৰি তুলিব। পিছে নিউয়ৰ্ক টাইমছৰ তালিকাত ৰথী-মহাৰথী অভিনেতা-অভিনেত্ৰীৰে ভৰপূৰ বলীউডৰ এখনো ছবিয়ে স্থান লাভ নকৰিলে। নিউয়ৰ্ক টাইমছৰ পাঠকৰ মাজত কৰা এক সমীক্ষাৰ ভিত্তিত এই তালিকাখন প্ৰস্তুত কৰা হৈছিল।

সাধাৰণতে নিউয়ৰ্ক টাইমছৰ পাঠকসকল সমগ্ৰ বিশ্বজুৰি বিয়পি আছে। ভাৰততো এই আমেৰিকান কাকতৰ ডিজিটেল সংস্কৰণৰ বঢ়ু পঢ়ুৱৈ আছে। স্পষ্টভাৱে এই সমীক্ষাত ভাৰতীয় পাঠক আৰু চলচ্চিত্ৰ সম্পৰ্কীয় শিল্পী আৰু সমালোচকসকলেও নিশ্চয় অংশগ্ৰহণ কৰিছিল। তাৰ পিছতো কিয় তালিকাত স্থান নাপালে বলীউডৰ ছবিয়ে? এই প্ৰশ্ন বহু লোকৰ মনত উত্থাপন হৈছে।

পঢ়ুৱৈসকলৰ মনত আন এক প্ৰশ্নও উদয় হৈছে, এটা মিডিয়া হাউছে কৰা সমীক্ষাৰ ভিত্তিত প্ৰস্তুত কৰা এই তালিকাখন কিমান নিৰ্ভৰযোগ্য বুলি বিবেচনা কৰিব পাৰি? যদি আন মিডিয়া হাউছেও এনে কোনো জৰীপ কৰে, তেতিয়া তালিকাৰ কোনো পৰিৱৰ্তন ঘটিবনে? নিউয়ৰ্ক টাইমছৰ ১০০খন ছবিৰ তালিকাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বতে প্ৰশ্ন উত্থাপন হৈছে।

কিন্তু ভাৰতৰ ক্ষেত্ৰত এই প্ৰশ্ন অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে, যোৱা ২৫ বছৰত শীৰ্ষ ১০০ খন ছবিৰ ভিতৰত স্থান লাভ কৰিব পৰা এখনো হিন্দী ছবি নাছিল নেকি? বলীউডত নিৰ্মিত ছবি আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, চীন, জাপান আদি দেশতো জনপ্ৰিয়। পঞ্চাশ আৰু ষাঠিৰ দশকৰ তুলনাত বৰ্তমান সময়ত হিন্দী ছবিয়ে সমগ্ৰ বিশ্বতে প্ৰচাৰ হৈছে। এনে পৰিস্থিতিত যোৱা ২৫ বছৰৰ সহস্ৰাধিক ছবিৰ ভিতৰত এখন ছবিৰ নামো অন্তৰ্ভুক্ত নোহোৱাটো বলীউডৰ বাবে আশ্চৰ্যকৰ কথা।

মন কৰিবলগীয়া যে এটা সময়ত ভাৰতৰ হিন্দী আৰু বাংলাকে ধৰি বহু ভাষাৰ ছবিয়ে সমগ্ৰ বিশ্বতে সুনাম অৰ্জন কৰিছিল। প্ৰতি বছৰে দেশত সকলো আঞ্চলিক ভাষাতে প্ৰায় ডেৰ সহস্ৰাধিক ছবি নিৰ্মাণ কৰা হয়, আনহাতে হিন্দী ভাষাতো শতাধিক ছবি নিৰ্মাণ কৰা হয়। এই সংখ্যা পৃথিৱীৰ আন দেশৰ ছবি উদ্যোগতকৈ অধিক।

এটা সময়ত ৰাজ কাপুৰৰ আৱৰা, শ্ৰী ৪২০, শান্তৰামৰ দো আংখে বাৰহ হাথ, বিমল ৰায়ৰ দো বিঘা জমীন, সত্যজিৎ ৰায়ৰ পথেৰ পাঁচালী, গুৰু দত্তৰ প্যাছা, মেহবুব খানৰ মাদাৰ ইণ্ডিয়া, কে আছিফৰ মোগল-ই-আজম আনকি ৰমেশ চিপ্পীৰ শ্বোলে, মিথুন চক্ৰৱৰ্তীৰ ডিস্কো ডাঞ্চাৰৰ পৰা আমিৰ খানৰ লগানলৈকে বহু চিনেমাই বিশ্ব চলচ্চিত্ৰ উদ্যোগৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

কিন্তু এতিয়া দেশৰ এখনো ছবিয়েই নিউয়ৰ্ক টাইমছৰ তালিকাত স্থান নোপোৱাটোৱে ভাৰতীয় ছবিৰ মান হ্ৰাস পোৱা যেন দেখুৱাইছে নেকি, সেয়াও চৰ্চাৰ বিষয় হৈ পৰিছে। নিউয়ৰ্ক টাইমছৰ ১০০খন ডাঙৰ ছবিৰ তালিকাত প্ৰথম স্থানত আছে দক্ষিণ কোৰিয়াৰ ছবি পেৰাচাইট। ২০১৯ চনৰ আটাইতকৈ চৰ্চিত ছবি আছিল পেৰাচাইট।

দক্ষিণ কোৰিয়াৰ এই ছবিখনে এটা দৰিদ্ৰ পৰিয়ালৰ কাহিনীৰ জৰিয়তে দেশখনৰ উন্নয়নৰ আঁৰৰ প্ৰতিফলিত কৰিছিল। ছবিখনে অস্কাৰ সন্মান লাভ কৰাৰ লগতে বিশ্বজুৰি সমাদিত হৈছিল। ইয়াৰ উপৰিও ন’ কান্ট্ৰী ফৰ অ’ল্ড মেন, অপেনহেইমাৰ, স্পাইডাৰমেন, কিল বিল আৰু গ্লেডিয়েটৰ আদি ছবিও এই তালিকাত অন্তৰ্ভুক্ত হৈছে।