মধ্যবিত্তৰ বাবে বেয়া খবৰ! ১ লাখৰ ঘৰ অতিক্ৰমৰ দিশে সোণৰ মূল্য…
হোৰাহোৰে বৃদ্ধিৰ দিশে সোণৰ মূল্য। শীঘ্ৰেই সোণৰ মূল্যই ১ লাখৰ ঘৰ অতিক্ৰম কৰিব পাৰে। উল্লেখ্য যে, বিশ্বত চলি থকা সংঘাত, শুল্ক যুদ্ধ আদিৰ বাবে সোণৰ মূল্য বৃদ্ধি হৈছে।
সোণৰ দাম বৃদ্ধি পোৱা সাধাৰণ কথা। বৰ্তমান ২৪ কেৰেট সোণৰ মূল্য ৯৮ হাজাৰৰ ভিতৰত। ২২ কেৰেটৰ সোণৰ দামেও ৯০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। সহজ ভাষাত ক’বলৈ গ’লে সোণৰ দাম মধ্যবিত্ত শ্ৰেণীৰ হাতৰ মুঠিৰ বাহিৰলৈ গৈছে। অৱশ্যে বিশেষজ্ঞসকলে কয় যে এয়া মাত্ৰ আৰম্ভণিহে। বছৰৰ শেষলৈ সোণৰ মূল্য বহু বেছি বৃদ্ধি পাব।
বিভিন্ন দেশৰ মাজত সংঘাত, ট্ৰাম্পৰ শুল্ক যুদ্ধ – কেইবাটাও কাৰণত সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। যোৱা ডেৰ বছৰত সোণৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। আইচিআইচিআই বেংক গ্ল’বেল মাৰ্কেটছৰ পূৰ্বাভাস অনুসৰি চলিত বৰ্ষৰ দ্বিতীয়াৰ্ধত সোণৰ মূল্য বৃদ্ধি পাই থাকিব। অতি শীঘ্ৰে ১ লাখৰ সীমা অতিক্ৰম কৰিব সোণৰ মূল্যই।
প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষৰ প্ৰথমাৰ্ধত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৯৬,৫০০ টকাৰ পৰা ৯৮,০০০ টকাৰ ভিতৰত উঠা-নমা কৰিছিল যদিও দ্বিতীয়াৰ্ধত ১ লাখ টকাৰ সীমা অতিক্ৰম কৰিব। সোণৰ দাম বৃদ্ধিয়ে এতিয়া চিন্তাত পেলাইছে মধ্যবিত্তক। কিয়নো মধ্যবিত্তৰ বাবে এতিয়া সোণ ক্ৰয় কৰা সপোনৰ দৰে হৈ পৰিব।